NORTHEAST NOW (Assamese)

গুৱাহাটীত জব্দ বৃহৎ পৰিমাণৰ নিচাযুক্ত দ্ৰব্য : গ্ৰেপ্তাৰ দুই যুৱতী

December 13, 2023 9:39 pm · নৰ্থ ইষ্ট নাও, গুৱাহাটী
Updated: December 13, 2023 8:55 pm

অসম আৰক্ষীৰ বিশেষ টাস্ক ফ’ৰ্চে গুৱাহাটীত দুজন ব্যক্তিক গ্ৰেপ্তাৰ কৰাৰ লগতে যথেষ্ট পৰিমাণৰ নিষিদ্ধ সামগ্ৰী জব্দ কৰে।

গোপন সূত্ৰৰ ভিত্তিত এছটিএফে গুৱাহাটীৰ গণেশপাৰা অঞ্চলৰ চম্পক নগৰত এগৰাকী ২২ বছৰীয়া মহিলাৰ বাসগৃহত অভিযান চলায়।

এই অভিযানৰ সময়ত বৰপেটা জিলাৰ ব্যাসকুছিৰ নিতু পাঠক (২৯) নামৰ মহিলাগৰাকী আৰু তেওঁৰ এগৰাকী সহযোগীক আটক কৰা হয়। 

জব্দ কৰা সামগ্ৰীসমূহৰ ভিতৰত আছে বেগত লুকুৱাই থোৱা সন্দেহযুক্ত গাঞ্জাৰ ১৭টা প্লাষ্টিকৰ পেকেট, যাৰ ওজন প্ৰায় ১১.২৮ কিলোগ্ৰাম।  লগতে জব্দ কৰা হৈছে সাধাৰণতে ড্ৰাগছ সেৱনৰ বাবে ব্যৱহাৰ কৰা ষ্টেচ-প্ৰ’ কাগজৰ চাৰিটা পেকেট।

ইয়াৰ উপৰিও তেওঁলোকৰ পৰা আৰক্ষীয়ে ছটা মোবাইল ফোনো জব্দ কৰে

ইতিমধ্যে গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে।

Related News