পলাতক অৱস্থাত থকা ড্ৰাগছ আসক্ত যুৱকৰ আত্মসমৰ্পন

যোৱা বৃহস্পতিবাৰে নিষিদ্ধ ড্ৰাগছ আসক্ত যুৱক পংকজ গুপ্তা পলায়ন কৰিছিল বিশ্বনাথ সদৰ আৰক্ষী থানাৰ পৰা।

কিন্তু যোৱা নিশা এই পংকজ গুপ্তাই আত্মসমৰ্পন কৰি বিষ্ফোৰক মন্তব্য প্ৰদান কৰে সংবাদ মাধ্যমৰ আগত।

দৰাচলতে ড্ৰাগছ সেৱন কৰিব সুবিধা নাপায় বলিয়া হৈ পৰি আৰক্ষী থানাৰ পৰা পলায়ন কৰিছিল পংকজ গুপ্তাই।

শুকুৰবাৰে নিশা বিশ্বনাথ আৰক্ষীয়ে Encounter কৰা ধৃত সুজল ভূঞা ওৰফে শিৱা ভূঞাই পংকজ গুপ্তাক গ্ৰেপ্তাৰৰ পূৰ্বে অন্তিম বাৰৰ বাবে যোগান ধৰিছিল নিষিদ্ধ ড্ৰাগছ ।

শুকুৰবাৰে নিশা আৰক্ষীৰ গুলিত গুলিবিদ্ধ হোৱা ধৃত শিৱা ভূঞাই পtৰ্বতেও পংকজ গুপ্তাক যোগান ধৰি আহিছিল নিষিদ্ধ ড্ৰাগছ আৰু এই স্বীকাৰোক্তি প্ৰদান কৰে আত্মসমৰ্পনকাৰী পংকজ গুপ্তাই ।

নিজ ঘৰৰ পৰা গৈ আত্মসমৰ্পন কৰা পূৰ্বে যোৱা নিশা সংবাদ মাধ্যমৰ আগত এই মন্তব্য প্ৰদান কৰে আত্মসমৰ্পনকাৰী পংকজ গুপ্তাই ।