বিশ্বনাথত প্ৰশাসনে জ্বলাই দিলে ১ কোটি টকাতকৈও অধিক মূল্যৰ নিচাযুক্ত সামগ্ৰী

পথাৰৰ মাজত দাউ দাউকৈ জ্বলিল চিতা । চিতাৰ কাষত আৰক্ষীৰ উচ্চ পদস্থ বিষয়া সহ প্ৰশাসনিক বিষয়া । লগতে চাবলৈ ভিৰ কৰিছে ৰাইজে ।

কিন্তু এয়া কোনো ব্যক্তিৰ অন্তিম সৎকাৰ নহয় । এয়া হৈছে আৰক্ষীৰ অভিযানত জব্দ হোৱা নিচাযুক্ত সামগ্ৰীৰ চিতা । দৰাচলতে এই দৃশ্য দেখা গৈছে বিশ্বনাথৰ পানী ভৰালস্থিত আৰক্ষী চাৱনিৰ কাষত।

বিশ্বনাথ জিলা আৰক্ষীয়ে আজি জব্দকৃত নিচাযুক্ত দ্ৰব্যৰ দাহন কাৰ্যসূচী গ্ৰহণ কৰে ৷ চিতা সাজি গাঞ্জা,হিৰ’ইন,নিচাযুক্ত কফ চিৰাফ আৰু কেইবা লাখ টকা মূল্যৰ সৰ্বমুঠ ১,৩০,৮২,৪০০ (এক কোটি ত্ৰিছ লাখ বিৰাশী হেজাৰ চাৰিশ টকা) ৰ বিভিন্ন নিচাযুক্ত দ্ৰব্য দাহ কৰা হয় ৷

এই কাৰ্যসূচীত বিশ্বনাথৰ উপায়ুক্ত,জিলা আৰক্ষী আৰু বিভিন্ন প্ৰশাসনিক বিষয়া কল উপস্থিত থাকে৷ যোৱা ২০২০ চনৰ পৰা এই সামগ্ৰী সমূহ বিশ্বনাথ আৰক্ষীয়ে বিভিন্ন স্থানৰ পৰা জব্দ কৰিছিল ৷

বিশ্বনাথ জিলা প্ৰশাসনৰ মুৰব্বী তথা জিলা উপায়ুক্ত মুনিন্দ্ৰ নাথ ঙাটেই দাহন কাৰ্যসূচীৰ শুভাৰম্ভ কৰে ।