NORTHEAST NOW (Assamese)

বিজনীৰ কাৱাটিকা চাৰিআলিত ৩০ লক্ষাধিক টকাৰ ড্ৰাগছসহ আটক এজন সৰবৰাহকাৰী  

July 5, 2021 10:28 pm · প্ৰণৱ কুমাৰ ডেকা

চিৰাং জিলাৰ বিজনী নিকটৱৰ্তী কাৱাটিকা চাৰিআলিত  আজি বিয়লিৰ ভাগত চিৰাং আৰক্ষীয়ে অভিযান এক অভিযান চলাই ৩০ লক্ষাধিক টকাৰ ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক কৰে।

আৰক্ষীয়ে গণি এণ্টাৰপ্ৰাইজ নামৰ ষ্টেচনাৰী দোকান এখনৰ পৰা এই ড্ৰাগছখিনি জব্দ কৰে ৷

দুটাকৈ পেকেটত থকা জব্দকৃত ড্ৰাগছখিনিৰ পৰিমাণ ১৪১ গ্ৰাম ৷

আৰক্ষীয়ে পিছত দোকানখনৰ স্বত্বাধিকাৰী তথা ড্ৰাগছ সৰবৰাহকাৰী মাকমাদুল হাছান (২৫) ক আটক কৰে ৷

ধৃত ড্ৰাগছ সৰবৰাহকাৰীটোৰ ঘৰ বঙাইগাঁওৰ গৰাইমাৰীত বুলি জানিব পৰা গৈছে ৷

Related News