বঙাইগাঁৱত ড্ৰাগছসহ এজনক কৰায়ত্ত্ব, জব্দ মটৰ চাইকেল

বঙাইগাঁও আৰক্ষীয়ে আজি এক গোপন সূত্ৰৰ পমখেদি কিষাণ বজাৰত অভিযান চলাই ড্ৰাগছসহ এজন লোকক কৰায়ত্ত্ব কৰে৷ আৰক্ষীয়ে কৰায়ত্ত্ব কৰা লোকজনৰ পৰা ১২ গ্ৰাম ড্ৰাগছৰ লগতে এখন মটৰ চাইকেল জব্দ কৰে ৷

ধৃত লোকজন বঙাইগাঁও জিলাৰ মাণিকপুৰ থানাৰ অন্তৰ্গত শালমাৰাৰ আব্দুল্লা আলী বুলি জানিব পৰা গৈছে ৷

বঙাইগাঁও সদৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া উপেন কলিতাই জানিবলৈ দিয়া মতে আজি দিনৰ প্ৰায় দুইমান বজাত গোপন সূত্ৰে লাভ কৰা খবৰৰ ভিত্তিত আৰক্ষীয়ে ৰাখালডুবি এলেকাত ড্ৰাগছৰ সৰবৰাহকাৰীৰ সন্ধানত খাপপিটি থাকে ৷

কিন্তু ৰাখালডুবিত ড্ৰাগছ সৰবৰাহকাৰীজন উপস্থিত নহৈ স্থান সলনি কৰে ৷

ড্ৰাগছ সৰবৰাহকাৰীজনে ৰাখালডুবিৰ সলনি কিষাণ বজাৰত ড্ৰাগছ বিক্ৰী কৰাৰ বাবে উপস্থিত হোৱাৰ সম্ভেদ লাভ কৰি আৰক্ষীয়ে অভিযান চলাই ড্ৰাগছসহ আটক কৰে ৷

আৰক্ষীয়ে ড্ৰাগছ সৰবৰাহকাৰীজনে ব্যৱহাৰ কৰা এ এচ ১৯ এল ৩১৯৫ নম্বৰৰ এখন মটৰ চাইকেলও জব্দ কৰে ৷
ড্ৰাগছখিনি সৰবৰাহকাৰীজনে চাবন কেছৰ ভিতৰত সোমাই লৈ আহিছিল৷

আৰক্ষীয়ে জানিবলৈ দিয়া মতে লোকজনে পেকেট কৰি বিভিন্ন ঠাইত ড্ৰাগছ বিক্ৰী কৰে ৷

আৰক্ষীয়ে পিছত ধৃত লোকজনক বঙাইগাঁও সদৰ থানালৈ আনি জেৰা অব্যাহত ৰাখিছে ৷

লগতে এই ড্ৰাগছৰ বেহাৰ লগত জড়িত আনসকলোকো আৰক্ষীয়ে কৰায়ত্ত কৰাৰ বাবে অভিযান অব্যাহত ৰাখিছে ৷