গোলাঘাটৰ চন্দন নগৰত আৰক্ষীৰ অভিযান,ড্ৰাগছ ব্যৱসায়ী গ্ৰেপ্তাৰ

golll

ৰাজ্যজুৰি অব্যাহত আছে ড্ৰাগছ বিৰোধী অভিযান।

এজন এজনকৈ ড্ৰাগছ ব্যৱসায়ী পৰিছে আৰক্ষীৰ জালত।

আৰক্ষীৰ প্ৰৱল অভিযানত  পুনৰ গোলাঘাট চহৰৰ মাজমজিয়াৰ চন্দন নগৰত ড্ৰাগছসহ গ্ৰেপ্তাৰ হৈছে এজন ড্ৰাগছ ব্যৱসায়ী ।

এক গোপন সূত্ৰৰ পম খেদি আজি গোলাঘাট আৰক্ষীয়ে  চহৰখনৰ চন্দন নগৰস্থিত  ড্ৰাগছ ব্যৱসায়ী জনাৰ্দন বৰদলৈৰ বাসগৃহত তালাচী চলাই   বাসগৃহত  লুকুৱাই থোৱা অৱস্থাত কিছু পৰিমাণে ড্ৰাগছ , চিৰিঞ্জ উদ্ধাৰ কৰাৰ লগতে ৰূপৰ জোতা আকৃতিৰ এবিধ সামগ্ৰী উদ্ধাৰ কৰে  ।

জানিব পৰা মতে  জনাৰ্দন বৰদলৈ ড্ৰাগছ আসক্ত হোৱাৰ লগতে বহুদিনৰ পৰা এই ড্ৰাগছ ব্যৱসায় চলাই আহিছিল ।

আজি এই অভিযানত জনাৰ্দন বৰদলৈ বাসগৃহত ড্ৰাগছ উদ্ধাৰ কৰি বৰদলৈক গ্ৰেপ্তাৰ কৰে গোলাঘাট আৰক্ষীয়ে।