মাৰ্ঘেৰিটাত গাঁওৰক্ষী বাহিনীৰ তৎপৰতাত নিষিদ্ধ ড্ৰাগছ সহ যুৱক আটক; জব্দ নম্বৰ প্লেট বিহীন স্কুটী

Aman Khan

ধৃত আমান খান(৩৪)

তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটাৰ উলুপ গাঁৱত শুকুৰবাৰে গাঁওৰক্ষী বাহিনীয়ে অভিযান চলাই ড্ৰাগছ সহ এজন  যুৱকক আটক  কৰে।

আটকাধীন যুৱকজন নগাঁও জিলাৰ ইছলাম পট্টিৰ হয়বৰ গাঁৱৰ আমান খান (৩৪) বুলি চিনাক্ত কৰা হৈছে।

গাঁওৰক্ষী বাহিনীয়ে যুৱকজনক আটক কৰিয়ে স্থানীয় আৰক্ষীক খবৰ দিয়ে।

আনহাতে, গাওঁৰক্ষী বাহিনীৰ পৰা খবৰ লাভ কৰি মাৰ্ঘেৰিটা আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হয় আৰু যুৱক জনক গ্ৰেপ্তাৰ কৰে।

আৰক্ষীয়ে যুৱকজনৰ পৰা ৬ গ্ৰাম নিষিদ্ধ ব্ৰাউন চুগাৰ আৰু এখন নম্বৰ প্লেট বিহীন স্কুটী জব্দ কৰা হয়।

গাঁওৰক্ষী বাহিনীয়ে কৰা অভিযোগ মতে, ধৃত আমান খানে দীৰ্ঘদিনৰ পৰা মাৰ্ঘেৰিটাৰ ভেনাৰ মিলত বাহৰ পাতি ড্ৰাগছ তথা বিভিন্ন নিষিদ্ধ দ্ৰব্যৰ ব্যৱসায় চলাই আহিছিল।

মাৰ্ঘেৰিটা আৰক্ষীয়ে ঘটনা সন্দৰ্ভত মাৰ্ঘেৰিটা আৰক্ষী থানাত যুৱকজনৰ বিৰুদ্ধে এন ডি পি এছ আইনৰ ২২(এ)ধাৰাৰ অধীনত ৩০৭/১৯ নম্বৰত এটা গোচৰ ৰুজু কৰিছে।