NORTHEAST NOW (Assamese)

গুজৰাটত হাজাৰ কোটিৰো অধিক মূল্যৰ ড্ৰাগছ জব্দ মুম্বাই আৰক্ষীৰ: এজনক গ্ৰেপ্তাৰ

August 16, 2022 8:37 pm · এন ই নাও নিউজ, গুৱাহাটী

মুম্বাই এণ্টি নাৰ্কোটিক্স চেলৰ ৱৰ্লি গোটে গুজৰাটৰ ভাৰুচ জিলাৰ অংকলেশ্বৰ অঞ্চলত এটা ঔষধ নিৰ্মাণ কাৰখানাৰ পৰা জব্দ কৰিছে ৫১৩ কিলোগ্ৰাম মেফেড্ৰোন।

জব্দ কৰা এই ড্ৰাগছখিনি মুঠ মূল্য আন্তঃৰাষ্ট্ৰীয় বজাৰত প্ৰায় ১,০২৬ কোটি টকা হ’ব বুলি অনুমান কৰা হৈছে। কাৰখানাটোত ড্ৰাগছ নিৰ্মাণৰ সৈতে জড়িত এজন অভিযুক্তক গ্ৰেপ্তাৰ কৰা হৈছে।

ইয়াৰ পূৰ্বে মুম্বাই আৰক্ষীয়ে মহাৰাষ্ট্ৰৰ নালাচোপাৰাৰ এটা গুদামৰ পৰা একেটা দলৰ দ্বাৰা নিৰ্মিত ১,৪০৩ কোটি টকাৰ মেফেড্ৰোন জব্দ কৰিছিল।

এতিয়ালৈকে এই অভিযানটোত মুঠ প্ৰায় ২,৪৩৫ কোটি টকাৰ মেফেড্ৰোন জব্দ কৰা হৈছে আৰু ৭ জন অভিযুক্তক আটক কৰা হৈছে।

চলিত বৰ্ষৰ মাৰ্চ মাহত মাত্ৰ ২৫০ গ্ৰাম ঔষধ উদ্ধাৰৰ পাছতে চলোৱা অনুসন্ধানত এই বৃহৎ চোৰাং কাৰবাৰৰ তথ্য পোহৰলৈ আহিছিল।

Related News