NORTHEAST NOW (Assamese)

সুৰাসক্ত যুৱকে জাঁপ দিলে পুখুৰীত, মৰিগাঁৱত মৃত্যুৰ মৰ্মান্তিক ঘটনা

September 21, 2023 5:00 pm · এন ই নাও নিউজ, গুৱাহাটী
Updated: September 21, 2023 4:31 pm

মৰিগাঁও জিলাত বুধবাৰে পুখুৰীত জঁপিয়াই কৰুণ মৃত্যুক সাৱটি লয় এজন যুৱকে। অভিযোগ অনুসৰি পুখুৰীত জাঁপ দিয়াৰ সময়ত মদ্যপান কৰি সুৰাসক্ত অৱস্থাত আছিল যুৱকজন। 

খবৰ অনুসৰি, জিলাখনৰ মায়াংগুৰি অঞ্চলত সংঘটিত হৈছে এই ঘটনা। পুখুৰীত পৰি মৃত্যু হোৱা যুৱকজনক কুমল দাস বুলি চিনাক্ত কৰা হৈছে। 

জানিব পৰা মতে, বুধবাৰে নিশা দাস সুৰাসক্ত অৱস্থাত আছিল কমল দাস। সুৰাৰ নিচাত এটা সময়ত উত্তেজিত হৈ পৰিছিল, তাৰ পিছত পুখুৰীত জপিয়াই দিছিল কমলে।  কিন্তু দুৰ্ভাগ্যজনকভাৱে সুৰাসক্ত অৱস্থাত পানীৰ পৰা উঠি আহিব নোৱাৰি মৃত্যুক সাৱটি লয় যুৱকজনে। 

এই ঘটনাৰ পিছতে ষ্টেট ডিজাষ্টাৰ ৰেচপন্স ফাণ্ডৰ এটা দলে আৰক্ষীৰ সহযোগত ঘটনাস্থলীত উপস্থিত হৈ পুখুৰীৰ পৰা মৃতদেহটো উদ্ধাৰ কৰে। 

ইয়াৰ পিছতে আৰক্ষীয়ে মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰি প্ৰাথমিক তদন্ত আৰম্ভ কৰে।

Related News