পশ্চিমবংগত নিৰ্বাচন বাবেও অসমৰ এই খন জিলাত বন্ধ থাকিব সুৰাৰ দোকান

dr

তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ ভোটগ্ৰহণ উপলক্ষ্যে  ধুবুৰীতো  ড্ৰাই ডে ঘোষণা কৰা হৈছে।

৪ এপ্ৰিলৰ সন্ধিয়া ৬ বজাৰ পৰা ৬ এপ্ৰিলৰ সন্ধিয়া ৬ বজালৈ সমগ্ৰ ধুবুৰীত ‘ড্ৰাই ডে’ প্ৰযোজ্য হ’ব।

২ মে’ৰ ভোটগণনাৰ দিনাও ধুবুৰীত ‘ড্ৰাই ডে’ ঘোষণা কৰা হৈছে।

চুবুৰীয়া পশ্চিমবংগৰ নিৰ্বাচনৰ বাবেও ধুবুৰী মহকুমাত অতিৰিক্ত দুদিনৰ বাবে ড্ৰাই ডে ঘোষণা কৰা হৈছে।

সেইমৰ্মে ৬ এপ্ৰিলৰ সন্ধিয়া ৬ বজালৈ সুৰাৰ দোকানসমূহ বন্ধ থকাৰ লগতে ৮ এপ্ৰিলৰ সন্ধিয়াৰ পৰা ১০ এপ্ৰিলৰ সন্ধিয়ালৈ ড্ৰাই ডে বাহাল থাকিব।

ধুবুৰী জিলা দণ্ডাধীশ দেৱ কুমাৰ কলিতাই আজি এই সম্পৰ্কীয় এক নিৰ্দেশনা জাৰি কৰিছে।

ড্রাই ডে’ ঘোষণা কৰা সময়ছোৱাত দেশী-বিদেশী সুৰাৰ প্ৰচলন সম্পূৰ্ণৰূপে নিষিদ্ধ কৰাৰ লগতে জিলাখনৰ সুৰাৰ সকলো বিপণী, বাৰ, ক্লাব, ব’ণ্ডেড বেৰহাউছ, দেশীয় সুৰাৰ দোকান-মহল সমূহ বন্ধ থাকিব।

তাৰোপৰি ড্ৰাই ডে’ৰ সময়ছোৱাত অনুজ্ঞাপত্ৰ নথকা চৌহদত কোনো ব্যক্তি বা গোটে সুৰা মজুত ৰাখিব নোৱাৰিব। আৰু নিষেধাজ্ঞা ভংগ কৰিলে অসম আবকাৰী আইন আৰু বিধি অনুযায়ী দণ্ডনীয় হ’ব।