দেহৰক্ষীৰ সৈতে গোপন সম্পৰ্ক লুকুৱাই ৰাখিবলৈ এইগৰাকী ৰাজকুমাৰীয়ে কিমান টকা দিছিল?

WhatsApp Image 2020-11-22 at 12.09.57 PM

ৰাজকুমাৰী হায়া। ফটো সৌজন্য: ইন্টাৰনেট

নিজৰ দেহৰক্ষীৰ সৈতেই সম্পৰ্কত জড়িত হৈ পৰিছিল ডুবাইৰ শাসক শ্বেখ মহম্মদ বিন ৰছিদ অল মক্তুমৰ ৰাজকুমাৰী পত্নী। বাতৰি অনুসৰি, তেওঁলোকৰ এই গোপন সম্পৰ্ক লুকুৱাই ৰখাৰ বাবে ৰাজকুমাৰী হায়াই দেহৰক্ষীগৰাকীক ১২কোটি টকা দিছিল।

দ্য ডেইলী মেইল কাকতত প্ৰকাশ পাইছে এই চাঞ্চল্যকৰ খৱৰ।

ডুবাইৰ শাসকগৰাকীয়ে ৰাজকুমাৰীক নজনোৱাকৈয়ে ২০১৯চনৰ ফেব্ৰুৱাৰিত শ্বৰিয়ত আইনমতে তালাক দিয়ে।

বাতৰি অনুসৰি, প্ৰিন্সেছ হায়াৰ দেহৰক্ষীগৰাকী বিবাহিত আছিল আৰু তেওঁলোকৰ পৰকীয়া সম্পৰ্কৰ বাবেই দেহৰক্ষীৰ সেই বিয়া ভাঙি যায়।

ৰাজকুমাৰী হায়াই পূৰ্বেই ডুবাই এৰি গৈ বৰ্তমান তেওঁ ব্ৰিটেইনত বাস কৰে। সন্তানৰ অধিকাৰ লৈ ৰাজকুমাৰী হায়াই ব্ৰিটেইনৰ আদালতত এটা গোচৰ তৰিছিল। আদালতে ৰাজকুমাৰী হায়াৰ পক্ষেই ৰায় দিয়ে।

জানিব পৰা মতে, ৰাজকুমাৰী হায়াই তেওঁৰ দেহৰক্ষীগৰাকীক অতি দামী দামী উপহাৰ দিছিল। তাৰ ভিতৰত ১২লাখটকীয়া ঘড়ী, ৫০লাখ টকীয়া বন্দুকৰ দৰে সামগ্ৰীও।

ৰাজকুমাৰী হায়া ডুবাইৰ শাসক শ্বেখ মহম্মদ বিন ৰছিদ অল মক্তুমৰ ষষ্ঠ তথা কনিষ্ঠতম পত্নী আছিল। বাতৰি অনুসৰি, ২০১৬চনত তেওঁ দেহৰক্ষীৰ সৈতে সম্পৰ্কত জড়িত হৈ পৰিছিল।

বাতৰিত কোৱা হৈছে যে ৪৬বছৰীয়া ৰাজকুমাৰী হায়াৰ তেওঁৰ ৩৭বছৰীয়া ব্ৰিটিছ দেহৰক্ষীগৰাকীৰ সৈতে ২বছৰ পৰ্যন্ত সম্পৰ্ক চলিছিল।

দেহৰক্ষা ৰাছেলৰ সৈতে সম্পৰ্কৰ কথা গোপনে ৰখাৰ বাবে ৰাজকুমাৰী হায়াই আন তিনিগৰাকী দেহৰক্ষীকো কেইবা কোটি টকা দিছিল।

২০১৮চনত দুগৰাকী সন্তানৰ মাতৃ ৰাজকুমাৰী হায়া ডুবাইৰ পৰা পলাই গৈ লণ্ডনত থাকিবলৈ লয়।

বাতৰিত কোৱা হৈছে যে দেহৰক্ষী ৰাছেল ফ্লাৱাৰে এই সন্দৰ্ভত যিদৰে কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব খোজা নাই, ঠিক সেইদৰে ৰাজকুমাৰী হায়াইয়ো দেহৰক্ষীৰ সৈতে তেওঁৰ সম্পৰ্কৰ কথা স্বাকীৰ কৰা নাই।