• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, May 9, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

দুটা পক্ষৰ মনোমালিন্যৰ বাবে বন্ধ হৈ আছে ছবিগৃহ; চিনেমাপ্ৰেমীৰ মাজত ক্ষোভ

কাজি জেইদুল ইছলাম by কাজি জেইদুল ইছলাম
September 22, 2019 7:10 pm
940
VIEWS
Share on FacebookShare on Twitter

১৯৩৫ চনত পোন প্ৰথমবাৰৰ বাবে বিশ্বনাথ জিলাতেই ৰূপকোঁৱৰ জ্যোতি প্ৰসাদ আগৰৱালাই নিৰ্মাণ কৰিছিল প্ৰথম অসমীয়া কথাছবি জয়মতী। তেনে এক গৰিমাৰে মহিমামণ্ডিত বিশ্বনাথ জিলাবাসী কিন্ত এতিয়া বঞ্চিত হৈ পৰিছে চিনেমা উপভোগৰ পৰা।

সম্প্ৰতি অসমীয়া ছবি জগতলৈ সোণালী দিন পুনৰ ঘূৰি আহিছে। মুক্তি পাইছে বহু কেইখন অসমীয়া ছবি। কিন্তু এই ছবি সমূহ চাব পৰা নাই বিশ্বনাথ জিলাবাসীয়ে।

কিয়নো বিশ্বনাথ চাৰিআলিত থকা একমাত্ৰ চিনেমা হলটো বিগত কেইবা মাহ ধৰি বন্ধ হৈ থকাৰ বাবেই অসমীয়া চিনেমা উপভোগৰ পৰা বঞ্চিত হৈছে দৰ্শক।

উল্লেখ্য যে ২০১৪ চনত পাভৈ সমবায় সমিতিৰ পৰা শতৰূপা কৰ্তৃপক্ষই লীজত লৈছিল হলটো। শতৰূপা কমপ্লেক্স নাম দি শতৰূপা কৰ্তৃপক্ষই ৰাজীৱ বৰা মালিকনাধীন গ’ল্ড চিনেমাৰ লগত অংশীদাৰ হৈ চিনেমা প্ৰদৰ্শন কৰি আহিছিল।

কিন্তু শতৰূপা কৰ্তৃপক্ষ আৰু গ’ল্ড চিনেমাৰ ৰাজীৱ বৰাৰ মাজত ভিতৰুৱা কিছু মতানৈক্য হোৱাৰ বাবেই যোৱা ডেৰ বছৰৰ পৰা বন্ধ হৈ আছে এই চিনেমা হলটো।

উল্লেখ্য যে কিছু দিন পূৰ্বে জুবিন গাৰ্গে বিশ্বনাথত কাঞ্চনজংঘাৰ প্ৰচাৰ চলাই যোৱাৰ পিছতে যোৱা ২০ ছেপ্তেম্বৰত যতীন বৰা আৰু বৰষা ৰাণী বিষয়াই বিশ্বনাথত ৰত্নাকৰৰ প্ৰচাৰ চলাইছিল। ইফালে বিভিন্ন অঞ্চলত সমাদৃত ৰীমা দাসৰ বুলবুল কেন ছিং ছবিখনো মুক্তি লাভ কৰিছে।

তেনে স্থলত যদিহে চিনেমা হলটো পুনৰ মুকলি নকৰে তেন্তে কাঞ্চনজংঘা আৰু বুলবুল কেন ছিঙৰ দৰে ৰত্নাকৰ উপভোগ কৰাৰ পৰাও বঞ্চিত হ’ব বিশ্বনাথ জিলাবাসী। যাৰ বাবে এতিয়া তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে বিশ্বনাথত।

ইফালে শতৰূপা কৰ্তৃপক্ষই চিনেমা হলটো একমাত্ৰ ৰাজীৱ বৰাৰ বাবেহে বন্ধ হৈ আছে বুলি অভিযোগ কৰে। হলটোৰ লোকচান দেখুৱাই ৰাজীৱ বৰাই যোৱা ডেৰ বছৰ ধৰি বন্ধ কৰি ৰাখিছে বুলি অভিযোগ কৰিছে শতৰূপাৰ স্বত্বাধিকাৰী সকলে।

জনসংযোগ বিভাগৰ বিজ্ঞাপন কেলেংকাৰিত অভিযুক্ত ৰাজীৱ বৰাৰ আকোৰগোজ নীতিৰ বাবেই পুনৰ মুকলি কৰিবলৈ চেষ্টা চলোৱা চিনেমা হলটো মুকলি কৰিব পৰা নাই বুলি শনিবাৰে অনুষ্ঠিত হোৱা এক সংবাদমেল যোগে শতৰূপা কৰ্তৃপক্ষই জানিবলৈ দিয়ে।

Recent News

‘কেনচেল’ বুটামে সঁচাকৈয়ে ATMৰ PIN সুৰক্ষাত  সহায় কৰেনে? জানি লওক প্ৰকৃত সত্য

‘কেনচেল’ বুটামে সঁচাকৈয়ে ATMৰ PIN সুৰক্ষাত  সহায় কৰেনে? জানি লওক প্ৰকৃত সত্য

ৰাষ্ট্ৰীয় শিক্ষা নীতি গ্ৰহণৰ ক্ষেত্ৰত ৰাজ্যসমূহক নিৰ্দেশ দিবলৈ অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ

ৰাষ্ট্ৰীয় শিক্ষা নীতি গ্ৰহণৰ ক্ষেত্ৰত ৰাজ্যসমূহক নিৰ্দেশ দিবলৈ অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ

সবাৰো আগত দেশৰ স্বাৰ্থ, ভাৰত-পাক যুদ্ধৰ উত্তেজনাৰ মাজতে স্থগিত IPL!

সবাৰো আগত দেশৰ স্বাৰ্থ, ভাৰত-পাক যুদ্ধৰ উত্তেজনাৰ মাজতে স্থগিত IPL!

ভাৰত-পাকিস্তানৰ উত্তেজনাৰ মাজতে সামৰিক অভিযানৰ বাতৰি প্ৰকাশ কৰাত সংযমী হ’বলৈ আহ্বান প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ

ভাৰত-পাকিস্তানৰ উত্তেজনাৰ মাজতে সামৰিক অভিযানৰ বাতৰি প্ৰকাশ কৰাত সংযমী হ’বলৈ আহ্বান প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd