প্ৰবল বৰষুণত নিউ কোচবিহাৰত ক্ষতিগ্ৰস্ত ৰে’লপথ; বিভিন্ন ষ্টেশ্যনত আবদ্ধ দূৰণিবটীয়া ৰে’লগাড়ী সমূহ

20992974_1363649683733093_4287945308336266592_n

প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ । উৎস-ইণ্টাৰনেট

ধাৰাশাৰ বৰষুণৰ বাবে উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ আলিপুৰদুৱাৰ ডিভিজনৰ ৰে’ল আলি ক্ষতিগ্ৰস্ত হোৱা বাবে জোৰাই আৰু কামাখ্যাগুৰিৰ মাজত ৰে’লসমূহ দ্বৈত ৰে’ল পথৰ পৰিৱৰ্তে এটা ৰে’ল পথেৰে চলাচল কৰিব।

উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ তৰফৰ পৰা জনোৱা অনুসৰি কিছুমান ৰে’লৰ যাত্ৰাপথ ধুবুৰীহৈ সলনি কৰা হৈছে যাৰ বাবে ৰে’ল সেৱা নিৰ্ধাৰিত সময়তকৈ পলম হোৱাৰ সম্ভাৱনাই দেখা দিছে।

প্ৰবল বৃষ্টিপাতৰ বাবে নিউ কোচবিহাৰৰ ১৯৫ নম্বৰ ৰে’ল দলঙৰ ওচৰত থকা দ্বৈত ৰে’ল পথ ক্ষতিগ্ৰস্ত হয়। যাৰবাবে মেৰামতি নোহোৱা পৰ্যন্ত এই অঞ্চলত এটা ৰে’ল পথেৰে ৰে’লসমূহ চলাচল কৰিব।

উত্তৰ-পূব সীমান্ত ৰে’লৱে বৰ্তমান বিভিন্ন ৰে’লগাড়ীৰ স্থিতি  এনেদৰে প্ৰকাশ কৰিছে-

নামনিমুৱা ৰে’লসমূহ

১. ডিব্ৰুগড়-চণ্ডীগড় এক্সপ্ৰেছ (১৫৯৩৩) ৰে’লগাড়ীখন নিউ-বঙাইগাঁও ৰে’ল ষ্টেশ্যনত ৬.৪৫ মিনিটৰ পৰা আবদ্ধ হৈ আছে।

২. ২৩.০৭.১৯ বজাৰ লামডিং-আলিপুৰদুৱাৰ জংচন ইণ্টাৰচিটি এক্সপ্ৰেছ (১৫৭৭০)নিউ বঙাইগাঁও ষ্টেশ্যনত ৬.৫১ বজাৰ পৰা আবদ্ধ হৈ আছে।

৩. আগৰতলা-শিয়ালদহ কাঞ্চনজংঘা এক্সপ্ৰেছ (১৩১৭৪) বঙাইগাঁও ষ্টেশ্যনত ০৯.১৫ বজাৰ পৰা আবদ্ধ হৈ আছে।

৪. ডিব্ৰুগড় টাউন-নতুন দিল্লী ৰাজধানী এক্সপ্ৰেছ (১২৪২৩) বৰপেটা ৰোড ষ্টেশ্যনত ০৯.১৫ বজাৰ পৰা আবদ্ধ হৈ আছে।

৫. ডিব্ৰুগড়-ক’লকাতা এক্সপ্ৰেছ (১২৫২৬) নিউ বঙাইগাঁও ষ্টেশ্যনৰ পৰা ৰাওনা হৈছে।

৬.ডিব্ৰুগড়-হাওৰা কামৰূপ এক্সপ্ৰেছ (১৫৯৬০) ৰঙিয়া ষ্টেশ্যনত ০৮.৫০ বজাৰ পৰা আবদ্ধ হৈ আছে।

৭. গুৱাহাটী-নতুন দিল্লী পূৰ্বোত্তৰ চম্পকক্ৰান্তি এক্সপ্ৰেছ (১২৫০১) গোৱালপাৰা টাউন ষ্টেশ্যনত ০৮.১৬ বজাৰ পৰা আবদ্ধ হৈ আছে।

৮. কামাখ্যা-ৰাজেন্দ্ৰনগৰ কেপিটেল এক্সপ্ৰেছ (১৩২৪৭) অভয়াপুৰী ষ্টেশ্যনত ০৭.৫৭ বজাৰ পৰা আবদ্ধ হৈ আছে।

উজনি মুৱা ৰে’লসমূহ

১. আলিপুৰদুৱাৰ জংচন-লামডিং ইণ্টাৰচিটি এক্সপ্ৰেছ (১৫৭৬৯) শামুকটোলা ষ্টেশ্যনত ০৪.২০ বজাৰ পৰা আবদ্ধ হৈ আছে।

২. হাওৰা-গুৱাহাটী শৰাইঘাট এক্সপ্ৰেছ (১২৩৪৫) নিউ আলিপুৰদুৱাৰ ষ্টেশ্যনত ০৫.২৩ বজাৰ পৰা আবদ্ধ হৈ আছে।

৩. গয়া-কামাখ্যা এক্সপ্ৰেছ (১৫৬১৯) পুণ্ডিবাৰি ৰে’ল ষ্টেশ্যনত ০৭.০৫ বজাৰ পৰা আবদ্ধ হৈ আছে।

৪. আনন্দ বিহাৰ-নাহৰলগুণ এ চি এক্সপ্ৰেছ (২২৪১১) গোসাইগাঁও হাটত ০৮.১০ বজাৰ পৰা আবদ্ধ হৈ আছে।

৫. ট্ৰিবান্দ্ৰম-শিলচৰ এক্সপ্ৰেছ (১২৫১৫) নিউ মাল জংচনত ০৮.৩৮ বজাৰ পৰা আবদ্ধ হৈ আছে।

উল্লেখযোগ্য যে, নিউ-কোচবিহাৰ আৰু নিউ-বঙাইগাঁৱৰ মাজত ষ্টপেজ নথকা ৰে’লসমূহ ধুবুৰী হৈ যাত্ৰা কৰিছে আৰু ইণ্টাৰচিটি ৰে’লৰ যাত্ৰা বাতিল কৰা হৈছে।