NORTHEAST NOW (Assamese)

দেশৰ কিছু অঞ্চলৰ লোকৰ সহযোগিতাৰ অভাৱৰ বাবে ক’ৰ’নাত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে : স্বাস্থ্য মন্ত্ৰ্যালয়

March 31, 2020 5:18 pm · এন ই নাও নিউজ
লাভ আগৰৱাল

স্বাস্থ্য আৰু পৰিয়াল কল্যান মন্ত্ৰ্যালয়ৰ যুটীয়া সচিৱ লাভ আগৰৱালে ক’ৰ’না ভাইৰাছ সম্বন্ধীয় চৰকাৰী তথ্য লৈ মঙলবাৰে সাংবাদ মাধ্যমক সম্বোধন কৰে।

সংবাদ মাধ্যমক সম্বোধন কৰি আগৰাৱালে বিগত ২৪ ঘণ্টাত ভাৰতত ২২৭ টা ক’ৰ’না ভাইৰাছৰ নতুন ঘটনা আৰু তিনিগৰাকী ব্যক্তিয়ে প্ৰাণ হেৰুৱাই বুলি জানিবলৈ দিয়ে।

দেশৰ কিছু অঞ্চলৰ লোকৰ সহযোগিতাৰ অভাৱৰ বাবেই দেশত ক’ৰ’না ভাইৰাছত আক্ৰান্ত হোৱা লোকৰ সংখ্যা বৃদ্ধি পাইছে বুলি আগৰৱালে কয়।

ভাৰতত বৰ্তমানলৈ ক’ৰ’না ভাইৰাছত আক্ৰান্ত হোৱা লোকৰ সংখ্যাই ১৪০০ অতিক্ৰম কৰিছে।

আনহাতে, জনসাধাৰণৰ সহযোগিতা অবিহনে চৰকাৰে কৰি অহা সকলো প্ৰচেষ্টা ব্যৰ্থ হ’ব বুলিও আগৰৱালে সংবাদমেলত মত ব্যক্ত কৰি তেতিয়া দেশৰ অধিক ক্ষতি হ’ব বুলি কয়।

উল্লেখযোগ্য যে, চীনৰ য়ুহান প্ৰদেশৰ পৰা সমগ্ৰ বিশ্বত বিয়পি পৰা ক’ৰ’না ভাইৰাছ সংক্ৰমণৰ ফলত বৰ্তমানলৈ ইটালীত ১১,০০০ অধিক লোক, স্পেইনত ৮,০০০ অধিক লোকৰ মৃত্যু হৈছে।

Related News