NORTHEAST NOW (Assamese)

“ডিটেনশ্যন কেম্প নাই যদি মোৰ দেউতা ক’ত ঢুকাল?” মোদীৰ “মিথ্যাচাৰ”ত প্ৰশ্ন অসমৰ যুৱকৰ

December 25, 2019 11:36 am · এন ই নাও নিউজ
Updated: December 25, 2019 11:38 am

 

দেশৰ প্ৰধান মন্ত্ৰী হৈও অসমত থকা ডিটেনশ্যন কেম্পবোৰ সম্পৰ্কত জ্ঞান নথকা প্ৰধান মন্ত্ৰী মোদীক উভতি ধৰিছে অসমৰ এজন যুৱকে।

মোদীয়ে ৰামলীলা ময়দানত ধন্যবাদ জ্ঞাপন ৰেলিত ২২ ডিচেম্বৰত বৃহৎ সংখ্যক অনুৰাগীক সন্মুখত লৈ দৃঢ়তাৰে কৈছিল, “দেশৰ কোনো মুছলমানক ডিটেনশ্যন কেম্পলৈ পঠিওৱা হোৱা নাই, হিন্দুস্তানত কোনো ডিটেনশ্যন কেম্প নাই”।

মোদীৰ এই “মিথ্যাচাৰ”ৰ বিষয়ে সমগ্ৰ দেশত চৰ্চা হয়। বিশেষকৈ ৬টাকৈ ডিটেনশ্যন কেম্প থকা অসমত, য’ত ডিটেনশ্যন কেম্পত অবৰ্ণনীয় দুৰ্দশাৰ মাজত বহু লোকৰ মৃত্যু হৈছে, মোদীৰ মন্তব্যই সমালোচনাৰ জোৱাৰ তুলিছে।

ডিটেনশ্যন কেম্পৰ বন্দী হিচাপে যোৱা ১৩ অক্টোবৰত মৃত্যু হোৱা দুলাল পালৰ পুতেকে মোদীক প্ৰশ্ন কৰিছে, “প্ৰধান মন্ত্ৰী, যদি ডিটেনশ্যন কেম্প নায়েই, মোৰ দেউতাৰ ক’ত মৃত্যু হৈছিল সেই কথাও জনাওক। মোৰ দেউতাক মৃত্যুৰ পূৰ্বে দুটা বছৰ ক’ত ৰখা হৈছিল?”

দেশৰ প্ৰধান মন্ত্ৰীজনৰ প্ৰতি ২৯ বছৰীয়া আশিসে এই প্ৰশ্ন কৰিছে টেলিগ্ৰাফ নামৰ কাকতখনৰ জৰিয়তে।

কাকতখনত আশিসৰ উদ্ধৃতিৰে আৰু কোৱা হৈছে, “মোদী চৰকাৰে এতিয়া বাংলাদেশী অনুপ্ৰৱেশকাৰীক নাগৰিকত্ব দিব খুজিছে। অথচ মোৰ দেউতাৰ এজন ভাৰতীয় হৈও এজন বিদেশী হিচাপে মৃত্যু হ’ল। নিজৰ মানুহকে ন্যায় দিব নোৱৰা চৰকাৰখনে বাহিৰৰ পৰা মানুহ আনিছে আৰু তেওঁলোকক ভাৰতীয় কৰিছে, কি যে পৰিহাসৰ কথা”

উল্লেখযোগ্য যে ঘোষিত বিদেশী হিচাপে দুবছৰ বন্দিত্ব বৰণ কৰি চিকিৎসাধীন অৱস্থাত যোৱা ১৩ অক্টোবৰত মৃত্যু হোৱা দুলাল পালৰ মৃতদেহ ১০ দিন ধৰি পৰিয়ালে চমজি লোৱা নাছিল। পিছত বিধায়ক শিলাদিত্য দেব আৰু কিছু সংখ্যক বাঙালী সংগঠনৰ মধ্যস্থতাত চৰকাৰে মৃতদেহ চমজি ল’বলৈ বাধ্য কৰিছিল পৰিয়ালটোক।

পৰিয়ালটোৰ দাবী, দুলাল পালৰ নামত ১৯৫৬ চনৰে নথি আছে। তাৰ পিছতো তেওঁক বিদেশী সজোৱা হ’ল।

আনহাতে অসম চৰকাৰৰ সংসদীয় পৰিক্ৰমা মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে বিভিন্ন অসুস্থতাৰ কাৰণত ডিটেনশ্যন কেম্পত মৃত্যু হোৱা ২৮ গৰাকী লোকৰ ভিতৰত মাত্ৰ তিনিগৰাকী লোক বাংলাদেশী পৰিচয়ৰ বুলি ৩০ নৱেম্বৰত অসম বিধানসভা অধিৱেশনত অসম গণ পৰিষদৰ বিধায়ক উৎপল দত্তৰ প্ৰশ্নৰ উত্তৰত কয়।

অসমত বৰ্তমান ৬টা ডিটেনশ্যন কেম্প আছে আৰু এইবোৰত বিভিন্ন দুৰ্দশাৰ মাজত জীৱন কটাইছে “ঘোষিত বিদেশী” হিচাপে চিহ্নিত আবাল-বৃদ্ধ-বণিতাৰ পৰা শিশুলৈকে।

এই ৬টাৰ উপৰি আন ১০টা ডিটেনশ্যন কেম্প স্থাপন কৰা হ’ব বুলি জানিব পৰা গৈছে। ইতমধ্যে কেন্দ্ৰৰ দ্বাৰা অনুমোদিত ৪৬ কোটি টকাৰে দেশৰ সৰ্ববৃহৎ ডিটেনশ্যন কেম্পটো গোৱালপাৰাত নিৰ্মাণ কৰি থকা হৈছে, য’ত প্ৰায় ৩০০০ বন্দীক ৰখা হ’ব।

Related News