• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, August 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ডাম্পিং গ্ৰাউণ্ড কৰি দীপৰ বিলক ভয়াৱহ প্ৰদূষণৰ মাজলৈ ঠেলি দিছে খোদ চৰকাৰেই

জাবৰৰ দ'মটো আঁতৰাবলৈ ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণে নিৰ্দেশ দিছিল ২০১৪ চনতে

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
January 2, 2019 12:17 pm
Depar Beel Dumping Groung_main

দীপৰ বিলৰ কাষতে গুৱাহাটী পৌৰ নিগমে সৃষ্টি কৰা জাবৰৰ পাহাৰ।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বন্যপ্ৰাণী তথা পক্ষী সংৰক্ষণৰ ক্ষেত্ৰত যথেষ্ট গুৰুত্ব থকা জৈৱ বৈচিত্ৰ্যৰে ভৰপূৰ দীপৰ বিলক ভয়াৱহ প্ৰদূষণৰ মাজলৈ ঠেলি দিছে স্বয়ং চৰকাৰেই। হাজাৰ-হাজাৰ পৰিভ্ৰমী পক্ষীৰ লক্ষ্য আৰু বিভিন্ন পক্ষীকুলৰ আৱাসস্থল, হাতীৰ নিয়মীয়া বিচৰণভূমি তথা উত্তৰ পূৱৰ একমাত্ৰ  ৰামচৰ অঞ্চল দীপৰ বিলক ভয়ংকৰ প্ৰদূষণৰ অভিমুখে ঠেলি দিছে খোদ গুৱাহাটী পৌৰ নিগমে জাবৰৰ দ’মেৰে। ফলত ২০০২ চনত উত্তৰ-পূৰ্বাঞ্চলৰ একমাত্ৰ ৰামচৰ অঞ্চল ঘোষণা কৰা বিলখনলৈ গুৱাহাটী পৌৰ নিগমৰ কৃপাত নামি আহিছে চৰম বিপৰ্য্যয়।

গুৱাহাটী পৌৰ নিগমৰ ‘যানশালা (গেৰেজ) বিভাগৰ কাৰ্য্যবাহী অভিযন্তা মনোজিত বুজৰবৰুৱাই নৰ্থ-ইষ্ট নাওক জানিবলৈ দিয়া মতে গুৱাহাটীৰ গড়চুকৰ পশ্চিম বৰাগাওঁ অঞ্চলত ২০০৬ চনৰ পৰা জাবৰ পেলোৱা আৰম্ভ কৰিছিল।

দীপৰ বিলৰ দক্ষিণ দিশৰ, অৰ্থাৎ গড়চুকৰ সমীপৰ পশ্চিম বৰাগাঁৱত বহু বছৰ ধৰি গুৱাহাটী পৌৰ নিগমে জাবৰৰ পাহাৰসদৃশ দ’ম সৃষ্টি কৰি এক প্ৰকাৰৰ ভাবুকি আনিছে জনজীৱন আৰু দীপৰ বিলৰ জৈৱ বৈচিত্ৰ্যৰ প্ৰতি। দৈনিক প্ৰায় ১০০ খন ডাম্পাৰে ৫০০ মেট্ৰিক টন আৱৰ্জনা মহানগৰৰ ভিন্ন প্ৰান্তৰ পৰা আনি দীপৰ বিলৰ কাষৰ এই ঠাইত পেলোৱা হয় বুলি স্বীকাৰ কৰে কাৰ্য্যবাহী অভিযন্তাজনে। ফলত সৃষ্টি হৈছে আৱৰ্জনাৰ এক বৃহৎ পাহাৰ।

ইপিনে, গুৱাহাটী পৌৰ নিগমক প্ৰথম অৱস্থাত চৰকাৰৰ ৰাজহ বিভাগে ২১ বিঘা মাটি জাবৰ পেলাবৰ বাবে অনুমোদন দিছিল যদিও পিছত ২০০৮ চনত এখন চুক্তি কৰি ৰামকি নামৰ এটা ব্যক্তিগত খণ্ডই Integrated Solid Waste Management Policy আৰম্ভ কৰাত ১২০ বিঘা মাটি পুনৰ চৰকাৰে জাবৰ পেলাবৰ বাবে জি এম চিৰ হাতত দিছিল। বৰ্তমান গুৱাহাটী পৌৰ নিগমৰ হাতত জাবৰ পেলাবৰ বাবে ১৪১ বিঘা মাটি আছে।  এই কথা নৰ্থ ইষ্ট নাওৰ সৈতে হোৱা কথা-বতৰাত কাৰ্য্যবাহী অভিযন্তাগৰাকীয়ে আমাক জনায়।

আনহাতে, পশ্চিম বৰাগাঁৱৰ জাবৰ পেলোৱা অঞ্চলটোৰ বহন ক্ষমতা আৰু ২০ বছৰ আছে বুলি জিএমচি কৰ্তৃপক্ষই দাবী কৰে যদিও দীপৰ বিলৰ জৈৱ বৈচিত্ৰ্য আৰু পক্ষীকুল-জলচৰ প্ৰাণীসমূহলৈ ইতিমধ্যে ভাবুকি নামি আহিছে।

উল্লেখযোগ্য যে গুৱাহাটীৰ পশ্চিম দিশত বৃহৎ অঞ্চলজুৰি অৱস্থিত এই গুৰুত্বপূৰ্ণ জলাহভূমিখন ১৯৫০ চনৰ ভূমিকম্পৰ ফলত এটা পাহাৰ সম্পূৰ্ণকৈ তল গৈ সৃষ্টি হৈছিল বুলি কোৱা হয়। লগতে, দীপৰ বিলৰ জলাহভূমি  ৪.১৪ বৰ্গ কিঃমিঃ এলেকা জুৰি বিস্তৃত।

দীপৰ বিলৰ কাষতে থকা জাবৰৰ দ’মৰ মাজত উচ্ছিষ্টৰ সন্ধান, শিশু, মহিলাৰ। ফটো : কল্পজ্যোতি শইকীয়া।

গুৰুত্বপূৰ্ণ যে ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণ ২০১৪ চনতে উক্ত জাবৰৰ দ’মটো দীপৰ বিলৰ পাৰৰ পৰা অন্য স্থানলৈ নিয়াৰ নিৰ্দেশনা জাৰি কৰিছিল। কিন্তু তাৰ পিছতো গুৱাহাটী পৌৰ নিগম তথা ৰাজ্য চৰকাৰৰ বৰ্তমানেও গা ল’ৰা নাই।

এই সন্দৰ্ভত বুজৰবৰুৱাই কয় ‘দীপৰ বিল ৰামচাৰ অঞ্চল হিচাপে সুৰক্ষিত কৰি তাৰ পৰা অন্য স্থানলৈ জাবৰৰ দ’মটো স্থানান্তৰ কৰিব লাগে বুলি ৰাষ্ট্ৰীয় সেউজ প্ৰাধিকৰণত গোচৰ ৰুজু হৈছিল।  দিল্লীৰ আৰ টি আই কৰ্মী ৰোহিত চৌধুৰীয়ে প্ৰথমতে ৰাজহুৱা স্বাৰ্থজড়িত আবেদন জনাইছিল আৰু প্ৰাধিকৰণে নিজাববীয়াকৈ গোচৰ ৰুজু কৰিছিল। তাৰ পাছতেই জিএমচিক তাৰ পৰা জাবৰৰ দ’মটো আঁতৰ কৰিবৰ বাবে নিৰ্দেশনা দিছিল ৰাষ্ট্ৰীয় সেউজ প্ৰাধিকৰণে। যিহেতু জিএমচিৰ নিজাববীয়াকৈ জাবৰৰ দ’মটো ৰখাৰ বাবে মাটি নাছিল, তেতিয়াই অসম চৰকাৰলৈ এটুকুৰা অন্য স্থান বিচাৰি আবেদন কৰা হৈছিল। ইয়াৰ সঁহাৰিত চৰকাৰে ২০১৫ চনৰ নবেম্বৰ মাহত বোন্দাৰ চপাইদাঙত ২০ বিঘা মাটি দিয়ে।‘

ইপিনে, চৰকাৰে জিএমচিক প্ৰদান কৰা বোন্দাৰ চপাইদাঙ অঞ্চলটো সেইসময়ত বেদখলৰ কৱলত আছিল বুলি অভিযন্তাজনে জানিবলৈ দি লগতে কয় ‘উক্ত অঞ্চলৰ মানুহখিনিয়ে তাত জাবৰৰ দ’মটো বহুৱাবলৈ নিদিয়ে। আমি কোনোমতে তেওঁলোকৰ প্ৰহাৰৰ পৰা হাত সাৰি তাৰ পৰা গুচি আহিছিলো।‘

ইয়াৰোপৰি, ৰামকিৰ সৈতে ২০০৮ চনতে Waste to Energy Generation ৰ চুক্তি হৈছিল যদিও ২০১৪ চনত গুৱাহাটী পৌৰ নিগমে উক্ত প্ৰতিষ্ঠানটোৰ সৈতে থকা চুক্তি বাতিল কৰে।

‘ৰামকিৰ কামকাজ অতিকৈ বেয়া আছিল। সকলোৱে ৰামকিৰ কামকাজক সমালোচনা কৰিবলৈ আৰম্ভ কৰে।  মানুহৰ ঘৰৰ পৰা বহুদিন ধৰি জাবৰবোৰ নিনিয়া বুলিও অভিযোগ আহিবলৈ ধৰিলে।‘ ৰামকি নামৰ প্ৰতিষ্ঠানটোৰ বিষয়ে এইদৰে কয় জিএমচিৰ কাৰ্য্যবাহী অভিযন্তাজনে।

ইপিনে, ৰামকিয়ে Waste to Energy Generation ৰ কাম একোৱেই আৰম্ভ নকৰিলে বুলি গুৰুতৰ অভিযোগ আনে অভিযন্তাজনে।

মন কৰিব লগীয়া কথা যে, ২০১৪ চনত এই চুক্তি বাতিল কৰাৰ পিছত বৰ্তমানলৈকে জাবৰৰ বৃহৎ দ’মটোৰ বিজ্ঞানসন্মতভাৱ কোনো পদক্ষেপেই চকুত নপৰিল। বৰঞ্চ ২ বছৰৰ পূৰ্বে আই.আই.টি খড়গপুৰৰ সৈতে ৪৫ লাখ টকাৰ বিনিময়ত চুক্তি হৈছিল যদিও অভিযন্তাগৰাকীয়ে জানিবলৈ দিয়া মতে বৰ্তমানলৈকে কোনোধৰণৰ ডিপিআৰ প্ৰস্তুত কৰা নাই আই.আইটিয়ে।

‘আই.আই.টি খড়গপুৰে জানুৱাৰি ১৫ তাৰিখে সম্পূৰ্ণ ডিপিআৰখন দিব, সেইখন চালিজাৰি চাই আমি কাম আৰম্ভ কৰিম।‘ এইদৰে কয় অভিযন্তাগৰাকীয়ে।

আনহাতে, পচা জাবৰৰ দ’মৰ পৰা দুৰ্গন্ধ ওলোৱাৰ লগতে এই জাবৰত ক্ষতিকৰ ৰাসায়নিক দ্ৰব্য মিহলি হৈ থাকে। বিভিন্ন উদ্যোগৰ পেলনীয়া ৰাসায়নিক পদাৰ্থকে ধৰি জাবৰত থকা অন্যান্য  ক্ষতিকাৰক দ্ৰব্যসমূহ  মাছ-কাছ, চৰাই আদিয়ে ভক্ষণ কৰাৰ ফলত এইবোৰলৈ ভাবুকি অহা স্বাভাৱিক।

এইখিনিতে প্ৰসংগক্ৰমে উল্লেখ কৰিব পাৰি যে ২০১৭ চনৰ জানুৱাৰি মাহত জাবৰৰ দ’মটোৰ ওচৰতে ২০টাকৈ বৰটোকোলাৰ মৃতদেহ পোৱা গৈছিল। বৰটোকোলাকেইটাৰ মৃত্যুৰ কাৰণ জাবৰৰ দমৰ পৰা হোৱা বিষক্ৰিয়া বুলি সন্দেহ কৰা হৈছিল।

গুৱাহাটী পৌৰ নিগমেও খাদ্যৰ বিষক্ৰিয়াৰ ফলতেই উক্ত বৰটোকোলাকেইটাৰ মৃত্যু হোৱা বুলি স্বীকাৰ কৰে যদিও দিনৰ ভাগত আজিও শ শ বৰটোকোলাই খাদ্যৰ সন্ধানত জাবৰৰ দ’মটোৰ ওপৰত ঘূৰি ফুৰা দেখিবলৈ পোৱা গৈছে।

আনহাতে, এই সন্দৰ্ভত নৰ্থ-ইষ্ট নাও-ৰ সৈতে হোৱা কথা-বতৰাত বন সংমাণ্ডলিক বিষয়া (ডি এফ অ’) প্ৰদীপ্ত বৰুৱাই জাবৰৰ বৃহৎ দ’মটোৱে দীপৰ বিলক প্ৰদূষিত কৰাৰ কথা আওপকীয়াকৈ স্বীকাৰ কৰে।

তেওঁ কয়, “গুৱাহাটী পৌৰ নিগমৰ জাবৰৰ বৃহৎ দ’মটোৱে দীপৰ বিলৰ ভৱিষ্যতৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে। ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণ এই সমস্যাৰ পৰা পৰিত্ৰাণ পাবৰ বাবে ইতিমধ্যে গোচৰ দিয়া হৈছে।”

“যোৱা ১০-১৫ দিন পূৰ্বে ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণে গুৱাহাটী পৌৰ নিগমক নতুন নিৰ্দেশনা জাৰি কৰিছে। গুৱাহাটী পৌৰ নিগমেও এই ক্ষেত্ৰত তাৰ পৰা জাবৰৰ দ’মটো আঁতৰাবৰ বাবে চিন্তা-চৰ্চা কৰি আছে।” আমাৰ আগত এইদৰে কয় ডিএফঅ’ বৰুৱাই।

ইপিনে ‘চৰকাৰে বহু দিনৰ পৰা বিকল্প স্থান বিচাৰি আছে’ বুলি চৰকাৰৰ দুৰ্বলতাকো গাপ দিয়াৰ চেষ্টা কৰে বিষয়াজনে।

জাবৰৰ দ’মটো আঁতৰ নকৰাত স্থানীয় লোকৰ আক্ষেপ

সেউজ ন্যায়াধিকৰণৰ নিৰ্দেশৰ পিছতো জাবৰৰ দ’মটো দীপৰ বিলৰ কাষৰ পৰা আঁতৰ নকৰাত স্থানীয় লোকসকলেও আক্ষেপ প্ৰকাশ কৰিছে। এক অস্বাস্থ্যকৰ পৰিৱেশৰ মাজতে উক্ত অঞ্চলৰ লোকসকলে বসবাস কৰি আহিছে।

দক্ষিণ বৰাগাঁৱৰে এজন বাসিন্দাই নৰ্থ-ইষ্ট নাওৰ আগত কয়, “দীপৰ বিলৰ মাছ আমি খাব নোৱাৰো। মাছ খোৱা জাবৰ খোৱা একেই কথা। মাছটোও জাবৰ জাবৰ গোন্ধায়।”

ইপিনে, ইমান এক কদৰ্য্যময় পৰিৱেশৰ মাজত থকা লোকসকলক চৰকাৰৰ স্বাস্থ্য বিভাগৰ পৰা কোনো ধৰণৰ স্বাস্থ্য পৰীক্ষা নাইবা প্ৰতিৰোধমূলক ব্যৱস্থা যোগান ধৰা নাই। এই অভিযোগ স্থানীয় ৰাইজৰ।

“মই ইয়াত ১০ বছৰ ধৰি আছো, বৰ্তমানলৈকে কোনো ধৰণৰ স্বাস্থ্য পৰীক্ষা শিবিৰ বা গোন্ধনাশক একোৰেই সুবিধা পোৱা নাই।” এজন স্থানীয় লোকৰ অভিযোগ।

প্ৰশ্ন হয়, বন্যপ্ৰাণী ও পৰিভ্ৰমী চৰাইৰ সংৰক্ষণ ও বিচৰণভূমি হিচাপে  বিশেষ স্থান দখল কৰি থকা দীপৰ বিল ৰামচৰ অঞ্চলক পৰিৱৰ্তনকামী চৰকাৰৰ ‘গুৱাহাটী পৌৰ নিগম’ বিভাগটোৱে অন্যৰ গালৈ দোষ থেলি এনেধৰেই ধ্বংশৰ গৰাহৰ দিশে নিজে থেলি দিব? নে জাৱৰখিনি উক্ত স্থানৰ পৰা বেলেগ স্থানলৈ নিয়াৰ ব্যৱস্থা কৰি দীপৰ বিলক প্ৰদুষণমুক্ত জলাহভূমি হিচাপে গঢ় দিব?

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

কোচিং চেণ্টাৰ নে অস্ত্ৰৰ গুদাম? ৩ জনক গ্ৰেপ্তাৰ

কোচিং চেণ্টাৰ নে অস্ত্ৰৰ গুদাম? ৩ জনক গ্ৰেপ্তাৰ

August 16, 2025 5:12 pm
গান্ধী-নেহৰু-পেটেলক উপেক্ষা কৰাৰ অভিযোগ! স্বাধীনতা দিৱসৰ পোস্টাৰৰ শীৰ্ষত সাৱৰকাৰৰ ফটো

গান্ধী-নেহৰু-পেটেলক উপেক্ষা কৰাৰ অভিযোগ! স্বাধীনতা দিৱসৰ পোস্টাৰৰ শীৰ্ষত সাৱৰকাৰৰ ফটো

August 16, 2025 4:58 pm
বিশ্বৰ ভিতৰতে শক্তিশালী হাইড্ৰ’জেনচালিত ৰে’ল নিৰ্মাণ কৰিব ভাৰতবৰ্ষই!

বিশ্বৰ ভিতৰতে শক্তিশালী হাইড্ৰ’জেনচালিত ৰে’ল নিৰ্মাণ কৰিব ভাৰতবৰ্ষই!

August 16, 2025 4:52 pm
শিশুৰ অনলাইন সুৰক্ষাত ব্যৰ্থ মেটা! পোহৰলৈ আহিছে মেটাৰ চেটবটৰ সৈতে শিশুৰ যৌনগন্ধী বাৰ্তালাপ

শিশুৰ অনলাইন সুৰক্ষাত ব্যৰ্থ মেটা! পোহৰলৈ আহিছে মেটাৰ চেটবটৰ সৈতে শিশুৰ যৌনগন্ধী বাৰ্তালাপ

August 16, 2025 4:21 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কোচিং চেণ্টাৰ নে অস্ত্ৰৰ গুদাম? ৩ জনক গ্ৰেপ্তাৰ

কোচিং চেণ্টাৰ নে অস্ত্ৰৰ গুদাম? ৩ জনক গ্ৰেপ্তাৰ

August 16, 2025 5:12 pm
গান্ধী-নেহৰু-পেটেলক উপেক্ষা কৰাৰ অভিযোগ! স্বাধীনতা দিৱসৰ পোস্টাৰৰ শীৰ্ষত সাৱৰকাৰৰ ফটো

গান্ধী-নেহৰু-পেটেলক উপেক্ষা কৰাৰ অভিযোগ! স্বাধীনতা দিৱসৰ পোস্টাৰৰ শীৰ্ষত সাৱৰকাৰৰ ফটো

August 16, 2025 4:58 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd