ভাদ মহীয়া নাম-প্ৰসংগ, আয়তীৰ নামেৰে মুখৰিত মাজুলীৰ আকাশ বতাহ

majuli

ফাইল ফটো

পবিত্ৰ ভাদ মাহ অসমীয়াৰ বাবে  ভক্তিৰসৰ সাগৰত বুৰ যোৱাৰ মাহ। হৰি নাম বন্দনাৰে মুখৰিত হৈ পৰিছে অসমীয়া জাতীয় সংস্কৃতিৰ পীঠস্থান নদী-দ্বীপ মাজুলীৰ সত্ৰ-নামঘৰ সমুহত। কৃষক, বনুৱা, শিপিনী, ৰোৱনী সকলোৰে বাবে হেঁপাহৰ মাহটো যেন বছৰৰ প্ৰতীক্ষাহে।

কাহিলিপুৱাতে হালখন লৈ পথাৰলৈ যোৱা কৃষকজন, বেলি ওলোৱাৰ লগে লগে মুখত কিবা অলপ ভৰাই বজাৰলৈ যোৱা ক্ষুদ্ৰ ব্যৱসায়ীজনৰ কোনেও গধূলি এপাক নামঘৰলৈ যাবলৈ কোনেও নাপাহৰে। প্ৰায় সমগ্ৰ মাহজুৰি  নামঘৰত চলে নাম-প্ৰসংগ। গঞাই পাল পাতি নামঘৰত প্ৰসাদ আগবঢ়ায়। ভাদ মাহতে পৰিছে অসমীয়া জাতি গঠনৰ ভেটি তৈয়াৰ কৰা দুই মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু মহাপুৰুষ মাধৱদেৱৰ তিৰোভাৱ তিথি। তদুপৰি শ্ৰীকৃষ্ণ আৰু শ্ৰীমন্ত শংকৰদেৱৰ জন্মতিথিও এই ভাদ মাহতেই।

এই কথাকে সাৰোগত কৰি ভাদ মাহটোক অতি পবিত্ৰ বুলি গণ্য কৰি নামঘৰে নামঘৰে মাহজুৰি নাম-কীৰ্তন কৰা হয়। ব’হাগৰ পৰা শাওণমাহলৈ কৃষকে ব্যস্ততাপূৰ্ণ সময় পাৰ কৰে। পথাৰখন শস্য-সম্ভৱা কৰি তুলিবলৈ কৃষকে কঠোৰ শাৰীৰিক শ্ৰম কৰিব লগা হয়। কৃষকে শাওণৰ পথাৰত কঠীয়া ৰুই দুচকুত আঁকি লয় সোণালী ভৱিষ্যতৰ সপোন। ভাদ মাহ যেন অলপ জিৰণিৰ সময়। জিৰণিৰ সময়ছোৱাতে দুয়োজনা মহাপুৰুষ আৰু ভগৱান শ্ৰীকৃষ্ণৰ আৱিৰ্ভাৱৰ দিন পৰাত আধ্যাত্মিক ভাৱত বুৰ গৈ কৃষকে পৰম শান্তিৰ প্ৰাৰ্থনা কৰে। সেৱাৰ থলীলৈ গৈ হৰিনামৰ অমৃতেৰে ক্লান্ত দেহালৈ প্ৰাণ চঞ্চলতা ঘূৰাই আনে। ঘৰৰ মুৰব্বীগৰাকীয়ে ঘৰখনৰ অপায়-অমংগল দূৰ কৰাৰ প্ৰাৰ্থনা কৰি ভকত-বৈষ্ণৱৰ ওচৰত মূৰ দোৱাই আশিস লয়।

বহুতো অসমীয়াই ভাদ মাহত মাজুলীৰ সত্ৰসমুহৰ নামঘৰত শৰাই এখন দিয়াৰ ‘মানস’ কৰে। পুৱাৰ পৰা নিশালৈ চলা নাম-প্ৰসংগত পুৱা তাল-প্ৰসংগ, মঞ্জিৰা নাম, আইসকলৰ নাম, খোল-প্ৰসংগ, নাম, ঘোষা-কীৰ্ত্তন, আইসকলৰ নাম। ইয়াৰ পিচতেই গুণমালা, বিয়লি খোল-প্ৰসংগ, ঘোষা, নিশালৈ প্ৰংসগীয়া নাম আৰু খোলৰ মেহপা লগোৱা হয়। মাজুলীৰ ৩৫ খনকৈ সত্ৰ আৰু ২০০ নামঘৰত চলি থকা হৰি নাম-কীৰ্ত্তনে মাজুলীৰ আকাশ-বতাহ মূখৰ কৰি তুলিছে।