NORTHEAST NOW (Assamese)

দুৰ্নীতি বিৰোধী যুৱ-শক্তি, অসমৰ শিৱসাগৰ জিলা সমিতি গঠন

August 11, 2019 7:13 pm · পার্শ্বজোতি গগৈ
ফটো নৰ্থ-ইষ্ট নাও

বিভিন্ন সময়ত ৰাজ্যত সংঘটিত দুৰ্নীতি আৰু অনিময়ৰ বিৰুদ্ধে মাত মাতি অহা দুৰ্নীতি বিৰোধী যুৱ শক্তি, অসমৰ আজি শিৱসাগৰ জিলা সমিতিখন কৰা হয়।

শিৱসাগৰ নগৰৰৰ দ’লমূখ চাৰিআলিৰ আই এ চি টিৰ সভাগৃহত প্ৰমোদ মৰাঙৰ সভাপতিত্বত অনুষ্ঠিত এক সভাত ২১ জনীয়া সদস্যৰে গঠন কৰা হয় উক্ত সমতিখন।

প্ৰকাশ বৰুৱাই আঁত ধৰা এই সভাত সৰ্বসন্মতিক্ৰমে প্ৰকাশ বৰুৱাক সভাপতি, প্ৰমোদ মৰাঙক উপ-সভাপতি, মনোৰঞ্জন বৰাক সাধাৰণ সম্পাদক, চামিউল আহমদ আৰু চুজিত পালক সহকাৰী সাধাৰণ সম্পাদক হিচাপে লৈ প্ৰায় অৰ্ধশতাধিক যুৱকৰ উপস্থিতিত সমিতিখনত গঠন কৰা হয়।

সভাত উপস্থিত থাকি সংগঠনটোৰ লক্ষ্য আৰু উদ্দেশ্য বাখ্যা কৰে সংগঠনটোৰ কেন্দ্ৰীয় সমিতিৰ সহকাৰী সাধাৰণ সম্পাদক নাৱাব মেৰাজ আহমেদে।

Related News