ৰাজ্যৰ ৬ জিলাত গাহৰি মাংস নিষিদ্ধকৰণৰ বিৰোধিতা দুৰ্নীতি বিৰোধী যুৱশক্তিৰ

index

ক’ৰ’না আতংকৰ সময়তে এতিয়া গাহৰিৰ জ্বৰে আতংকৰ সৃষ্টি কৰিছে ৰাজ্যত৷ যিহেতু ৰাজ্যৰ উজনি অসমৰ কেইবাখনো জিলাত সৰ্বমুঠ ১৯৬৪ টা গাহৰি মৃত্যুমুখত পৰাৰ লগতে সৰ্বাধিক ১১২৮ টা কেৱল শিৱসাগৰ জিলাতেই অস্বাভাৱিকভাৱে মৃত্যুমুখত পৰিছে৷ যাৰ ফলত গাহৰি মাংস বিক্ৰীৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে জাৰি কৰিলে নিষেধাজ্ঞা৷

তেনে সময়তে দুৰ্নীতি বিৰোধী যুৱশক্তি অসমে এক সংবাদ মেল সম্বোধন কৰি ৰাজ্যৰ ৬ জিলাত গাহৰি মাংস নিষিদ্ধকৰণৰ সন্দৰ্ভত চৰকাৰক তীব্ৰ সমালোচনা কৰিছে।

গুৰুত্বপূৰ্ণ এই যে বহু গাহৰি পালকে দূৰ্নীতি বিৰোধী যুৱশক্তি অসমক জানিবলৈ দিয়া অনুসৰি চৰকাৰে গাহৰি দানাটো বন্ধ কৰি দিছে সেয়ে দানা বন্ধৰ সিদ্ধান্তক ১২ ঘন্টাৰ ভিতৰত বাতিল কৰিবলৈ দাৱী জনাই দুৰ্নীতি বিৰোধী যুৱশক্তি অসমে ৷

সংগঠনটোৰ সভাপতি ধৰ্মকান্ত গগৈয়ে কয় যে “কেৱল ৰাজ্যখনত ১৯৬৪ টা গাহৰিয়ে নাই, ৰাজ্যখনৰ উজনি অসমতে বহু লক্ষাধিক গাহৰি নিৱনুৱাসকলে পালন কৰি স্বাৱলম্বী হৈ আহিছে। ৰোগৰ নিৰাময়ৰ উপায় বিচাৰক-নিৱনুৱাসকলক পেটে-ভাতে মাৰিবলৈ চেষ্টা নকৰিব। অনতি পলমে দানা বজাৰত উপলদ্ধ কৰক৷ লগতে গাহৰি পালক সকলক ক্ষতিপূৰণ প্ৰদান কৰক৷”

অসম চৰকাৰৰ বিভাগীয় মন্ত্ৰীয়ে কেন্দ্ৰীয় চৰকাৰৰ লগত আলোচনা সন্দৰ্ভত সমালোচনা কৰি দুৰ্নীতি বিৰোধী যুৱশক্তি অসমৰ সভাপতি ধৰ্মকান্ত গগৈয়ে কয় “ফটামুখ ক’লেও লাগে ভকতৰ দোষ৷ এতিয়া নোকোৱাকৈয়ো থাকিব নোৱাৰি৷ এইটো মন্ত্ৰীয়ে অসমৰ গাহৰি পালকক দিয়া এটা ৰামফাঁকি কাৰণ ছয় নং দফাৰ প্ৰতিবেদনখন দিবলৈকে ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে আজি লৈকে গৃহমন্ত্ৰীৰ সাক্ষাৎ নাপালে৷ তেনেস্থলত কেৱলমাত্ৰ গাহৰি মৰিছে বুলিয়েই আলোচনা কৰিবলৈ সময় যে নিদিয়ে সেইটো ধুৰূপ।”

আনহাতে গগৈয়ে মন্ত্ৰীসকলক সমালোচনা কৰি কয়, “অসমত দুই-তিনিজন মন্ত্ৰীৰ বাদ কৰি বাকীসকল বাব খোৱা মন্ত্ৰীহে আছে! সেয়ে সমস্যাৰ বেলিকা সেইসকলৰ পৰা সমাধানৰ আশা কৰাটো পৰ্বতত কাছ কণী বিচৰাৰ লেখিয়া৷”

ইপিনে চৰকাৰে এইক্ষেত্ৰত কথা যে পাতিছে সেইটোৱে ডাঙৰ কথা বুলি কৈ সংগঠনটোৰ সভাপতি গগৈয়ে কয় সাধাৰণতে ৰাজ্যৰ কিছু নিৱনুৱাই চৰকাৰী সংস্থাপনৰ আশা নকৰি গাহৰি পালনৰ জৰিয়তে স্বাৱলম্বী হ’বলৈ যত্ন কৰিছিল আৰু বহুতেই সফলতাৰ মুখ দেখিছিল৷ এইক্ষেত্ৰত কৃষি আৰু পশুপালন বিভাগৰ এক শতাংশয়ো অৰিহণা নাই৷