ভাৰতীয় সমাজত মই যি বিশেষ সুবিধাভোগী জাতি, লিংগ আৰু সামাজিক অৱস্থানত থিয় দি আছো, তাৰ পৰা মই সমাজত চলি থকা ঘৃণা, ভয় আৰু ক্ৰোধৰ গভীৰতা উপলব্ধি কৰিব নোৱাৰো৷ তাক বুজিব পাৰে কেৱল সংখ্যালঘূ, দলিত, মহিলা আৰু কিন্নৰসকলে৷ তেওঁলোকে এক ধৰণৰ ভয় আৰু ক্ৰোধৰ মাজেৰে প্ৰতিনিয়ত জীৱন নিৰ্বাহ কৰি আহিছে৷ অনেক সময়ত তেওঁলোক ঘৃণা আৰু ক্ৰোধৰ বলিও হৈছে৷
শেহতীয়াকৈ প্ৰান্তীয় সম্প্ৰদায়ৰ লোকসকলে কিছুমান ঘটনাৰ প্ৰসংগ উত্থাপন কৰি দিনবোৰ সলনি হোৱা বুলি অভিযোগ তুলিছে৷ তেওঁলোকৰ মানসিক যন্ত্ৰণা বৃদ্ধি পাইছে৷ তেওঁলোকৰ ওজৰ-আপত্তিবোৰে সামাজিক মাধ্যমত প্ৰচাৰ লাভ কৰিছে আৰু বহু সময়ত অৱশ্যে অতিৰঞ্জিত পৰিৱেশনো হৈছে৷ আজিৰ পৰা বছৰদিয়েক আগলৈকে, সমাজৰ দমনমূলক চৰিত্ৰ থকা স্বত্বেও, তেওঁলোকৰ বাবে মুকলিকৈ উশাহ-নিশাহ লোৱাৰ অৱকাশ যে নাছিল, তেনে নহয়৷ বহু সময়ত সমাজৰ পীড়কসকলৰ লগত প্ৰতিদ্বন্দ্বিতাও কৰিব পাৰিছিল আৰু ঘৃণাৰ বাতাবৰণ সৃষ্টি কৰিবলৈ বিচৰাসকলক অনেক সময়ত পৰাভূতো কৰিব পাৰিছিল৷
কিন্তু আজি কালি তেওঁলোকৰ বিৰুদ্ধে কৰা হিংসাই সন্মান বুটলিবলৈ সক্ষম হোৱা দেখা গৈছে৷ ঘৃণা আৰু হিংসাই প্ৰাতিষ্ঠানিক মঞ্জুৰিও লাভ কৰিছে৷ এনে অপকৰ্মৰ বাবে পাবলগীয়া শাস্তিৰ বিপৰীতে অপৰাধীয়ে লাভ কৰা প্ৰাতিষ্ঠানিক সুৰক্ষাই সমাজত ভয়ৰ পৰিৱেশক জয়াল কৰি তুলিছে৷ এনেবোৰ ঘটনাৰ প্ৰতি আমি নিৰ্লিপ্ত হৈ আছো আৰু খোলাৰ ভিতৰলৈ সোমাই গৈ নিজৰ সুৰক্ষা সুনিশ্চিত কৰিবলৈ বিচাৰিছো৷ মোৰ দৰে অনেকে, খুব বেছি, কাকত-আলোচনীত লেখা লেখি, সভা-সমিতিত বক্তৃতা দি, ৰাজহুৱা আৱেদনত স্বাক্ষৰ কৰি নিজৰ প্ৰতিবাদ সাব্যস্ত কৰিছো৷ গোটেই সমাজখনেই যেন ভয়াচ্ছন্ন হৈ পৰিছে!
নিৰ্লিপ্ততা বা মৌনতাৰে সমাজখনৰ অসুখ নিৰাময় কৰিব নোৱাৰি৷ ঘৃণা আৰু ক্ৰোধৰ মোকাবিলা কৰিবলৈ আমি দৰাচলতে একোৱেই কৰিব পৰা নাই৷ আমি কেৱল সমাজ দৰ্শনৰ ভেটিত থিয় হৈ অথবা গান্ধী, আম্বেদকাৰ আৰু নেহৰুৰ দৰে ব্যক্তিৰ আশ্ৰয় লৈ এই অসূয়াবিলাকৰ কাৰণ আৰু পৰিণাম বিশ্লেষণ কৰিছো৷ অতীত ৰোমন্থনেৰে মানুহক সজ গুণক প্ৰতিপালন কৰিবলৈ আহ্বান জনাইছো৷ অথচ আমি জানো–এইবিলাকৰ কাৰ্যকৰী ফল প্ৰায় শূন্য৷
এবাৰ এজন বিখ্যাত লিখকক সোধা হৈছিল–তেওঁ ইমান মহৎ ৰচনাবোৰ কেনেকৈ সৃষ্টি কৰিছে? উত্তৰত তেওঁ কৈছিল–“কাৰণ মই নপঢ়োঁ৷” ওপৰে ওপৰে চালে কথাষাৰ অৰ্থহীন যেন লাগে৷ কিন্তু মই এই মন্তব্যক বেলেগ দৃষ্টিৰে চাবলৈ বিচাৰো৷ ইতিবাচক বা নেতিবাচক–প্ৰভাৱ যিয়েই নহওক, অতীত আমাৰ বাবে এটা বোজা৷ কোনো এটা কাৰ্যৰ কাৰণ আৰু পৰিণাম বিচাৰিবলৈ আমি নিজৰ চৌপাশটো নিৰীক্ষণ কৰাৰ পৰিৱৰ্তে আনে এই সন্দৰ্ভত কি কৈ গৈছে, তাৰ অনুসন্ধান কৰিবলৈ আমি বাৰে বাৰে অতীতলৈ ঘূৰি যাওঁ৷ অতীতক আমি সন্মুখত আহি পৰা দায়িত্ব আৰু কৰ্তব্যৰ পৰা পলায়নৰ এক অৱলম্বন হিচাপে ব্যৱহাৰ কৰো৷ গান্ধী বা আম্বেদকাৰ আজি আমাৰ ত্ৰাণকৰ্তা নহয়, হ’ব নোৱাৰে৷ তেওঁলোক পথ প্ৰদৰ্শক হ’ব পাৰে, কিন্তু আশ্ৰয় হ’ব নোৱাৰে৷
আমি নিজেই সন্ধিৰ বাট কাটি উলিয়াব লাগিব৷ অতীতত সংঘটিত ঘৃণা-ক্ৰোধৰ ঘটনাবোৰে আমাক এটা কথা দেখুৱাই দিব পাৰে যে আমি–অন্ততঃ এই ক্ষেত্ৰত–একেই ঠাইতে আছো; আগুৱাই যাব পৰা নাই৷ আমোদজনক কথাটো হ’ল– ঘৃণা-ক্ৰোধ-হিংসাৰ অপৰাধীসকলেও অতীতৰ বুকুৰ পৰা সমল বুটলি আনি নিজ কাৰ্যৰ যুক্তিযুক্ততা প্ৰতিপন্ন কৰে৷ অতীতৰ হিংসাৰ অথবা মনেসজা হিংসাৰ প্ৰতিফল হিচাপে বৰ্তমানৰ জিঘাংসাক ন্যায্যতা দিবলৈ বিচাৰে৷
আমি আচলতে নিজৰ অৱস্থানৰ পৰাহে পৰিস্থিতিৰে মোকাবিলা কৰাৰ কৌশল উদ্ভাৱন কৰিবলৈ চেষ্টা কৰা উচিত৷ আমাৰ অনুভৱ–শক্তি আৰু অহংকাৰৰ আঁৰত ঘৃণা প্ৰতিপালিত হয়৷ ফলত ইয়াৰ প্ৰকৃতি হয় তীৰ্যক৷ স্তৰীভূত সমাজত, পৰিচয় গোটৰ মাজত আমি মানুহ হিচাপে আমাৰ অস্তিত্ব বিচাৰি লওঁ৷ গোটৰ পৰিচয়েই আমাৰ পৰিচয়৷ সমাজ-নিৰ্ধাৰিত সীমাবদ্ধতাৰ মাজেদিয়েই আমাৰ মানসিকতাই গঢ় লৈ উঠে৷ আন কথাত, কিছুমান অলিখিত সীমাবদ্ধতাত আমাৰ মনৰ পৰিধি সীমাবদ্ধ হৈ থাকে৷
আমি মনন আৰু কৰ্মত স্বাধীন নহয়৷ এই পৰাধীনতাই আমাৰ মনস্তত্ব নিৰ্মাণ কৰে৷ ইয়াত “মোৰ” স্বতন্ত্ৰতাৰ ধাৰণাটো মুঠেই স্বতন্ত্ৰ নহয়; ই এক বাহ্যিক আৱৰণহে৷ কাৰণ, যি মুহূৰ্ততে “মই” কোনোবা এটা গোট বা সম্প্ৰদায়ৰ মাজত “মোৰ সত্তাক” বিচাৰি পাওঁ, সেই মুহূৰ্ততে “মই” সমষ্টিটোৰ লগত একাকাৰ হৈ পৰো৷ তাক সুৰক্ষিত ৰাখিবলৈ মই সক্ৰিয় ভূমিকা লওঁ, কাৰণ সেই গোটটোৰ অবিহনে মোৰ কোনো অস্তিত্ব নাই বুলি অনুভৱ কৰো৷ সেয়েহে ঘৃণা–বিপথগামী বা কৃত্ৰিমভাৱে চালিত হ’লেও–হৈ পৰে সহজাত, অযৌক্তিকৰ আৰু সংক্ৰামক৷ ভীতি হৈছে ঘৃণাৰ আনটো ফাল৷ আক্ৰমণাত্মক বা সুৰক্ষাত্মক–ব্যক্তিজনে যি অৱস্থানেই গ্ৰহণ কৰিব লগা নহওক, ঘৃণা আৰু ভয় তাৰ লগত সম্পৃক্ত হৈ থাকে৷ আমাৰ এই প্ৰৱণতাকে আজি আৰ এছ এছ-বিজেপিয়ে কৌশলেৰে ব্যৱহাৰ কৰি আছে৷
আমি এখন সামন্তীয় সংস্কৃতিৰ বুকুত লালিত-পালিত৷ আমাৰ মাজত সামাজিক আৰু আৰ্থিক বৈষম্য পূবৰ্ৰে পৰা বিৰাজমান৷ এইবিলাকে আমাৰ সামাজিক চিত্ৰপটখন খণ্ডিত কৰি ৰাখিছে৷ আমাৰ মনত কোনোবা কাল্পনিক কিম্বা আনুমানিক শত্ৰু বা অন্যায় দখলকাৰীক নিয়ন্ত্ৰণ কৰাৰ, তেওঁলোকক অৱদমন কৰি ৰখাৰ অথবা সংহাৰ কৰাৰ “প্ৰয়োজনবোধ” অনৱৰত সক্ৰিয় হৈ থাকে৷ স্বাধীনতাৰ পয়সত্তৰ বছৰত ঘৃণা আৰু ভয়ক কেন্দ্ৰ কৰি আমাৰ দেশত হোৱা ভালেমান উদ্গিৰণ আমি প্ৰত্যক্ষ কৰিছো৷ আমি সেইবিলাকক নিৰ্দিষ্ট একো একোটা এলাকাৰ ঘটনা বুলি গণ্য কৰো যদিও, সেইবিলাকৰ দৰাচলতে এক নেতিবাচক ৰাষ্ট্ৰীয় আৱেদন থাকে৷ আমাৰ অন্তঃকৰণত নিহিত হৈ থকা ঘৃণা বা হিংসা ভাৱক সি সুৰসুৰণি তুলি দিয়ে৷ আমি উপলব্ধি কৰিবলৈ চেষ্টা নকৰো যে এই আভ্যন্তৰীণ দ্বন্দ্ববিলাকে আমাক ক্ৰমাৎ ভিতৰৰ পৰা নিঃশেষ কৰি আনিছে৷ সেয়েহে আমি এই সকীয়নিবোৰ সদায় উপেক্ষা কৰিবলৈ বিচাৰো আৰু নিজক সলনি কৰাৰ বাবে কোনো উদ্যোগ ল’বলৈও নিবিচাৰো৷ ভালকৈ গমি চালে বুজিব পাৰি যে আমাৰ শিক্ষানুষ্ঠানবোৰ দৰাচলতে একো একোটা ঘৃণাৰ অট্টালিকা৷ নিজৰ ঘৰখনত, কৰ্মস্থলীত আমি ঘৃণাৰ জলৰাশিত অৱগাহন কৰি আছো৷
গতিকে আচৰিত হ’ব লগা কথা নহয় যে এনে এটা পৰিৱেশত আমাৰ অন্তঃস্থলত ঘৃণা আৰু ভীতিৰ প্ৰভাৱ প্ৰবল৷ আন কথাত, আমি প্ৰজ্জ্বালকৰ একো একোটা স্তূপ৷ জুই জ্বলাবলৈ বোমা-বাৰুদৰ প্ৰয়োজন নাই; প্ৰয়োজন মাথোন এটা জুইশলা কাঠিৰ– খাণ্ডৱদাহৰ বাবে আৱশ্যকীয় খাৰ-বাৰুদ আমাৰ মনত আছেই৷ আমাৰ দেশৰ কিছু অপশক্তিয়ে এনে কাৰ্যত উদগণি যোগায়েই আছে৷
আমি যে কেৱল ঘৃণাৰ দ্বাৰাহে আক্ৰান্ত হৈছো, সেইটো নহয়; আমি নিজেও জ্ঞানে-অজ্ঞানে ঘৃণাৰ খেতি কৰি আছো৷ তাৰ ফলতে আমাৰ মুখেদি খোঁচ মাৰি অথবা আক্ৰমণ কৰি কোৱা কথা নিৰ্গত হৈ থাকে৷ এনে আচৰণৰ জৰিয়তে আমি এক আসুৰিক পৰিতৃপ্তি লাভ কৰো৷ অপৰাধী বুলি গণ্য কৰাজনৰ প্ৰতি আমি আমাৰ অন্তঃকৰণত প্ৰতিশোধ পৰায়ন হৈ পৰো৷ আমাৰ চৰকাৰটোৱে যদি এনেবোৰ আচৰণক উৎসাহিত কৰে, আমি তেওঁলোকৰ ‘ফেন’ হৈ পৰো৷ তেওঁলোকে যেতিয়া ভুল কৰে, হিংসাত উদগণি দিয়ে, আমাৰ সম্পদ কৰ্পোৰেট গোষ্ঠীৰ হাতত গটাই দিয়ে, আমি মৌন হৈ থাকো অথবা সমৰ্থন কৰো৷ আমাৰ মনত জন্ম লোৱা, আমি ঘৃণা আৰু ভয় কৰা “ডাঙৰ শত্ৰু”ৰ সৈতে মোকাবিলা কৰিবলৈ আমি চৰকাৰৰ এইবোৰ কামত সহযোগ কৰো৷ অনুভৱ নকৰো যে আমি দৰাচলতে বীভৎসতা [Monstrosity]কহে প্ৰশ্ৰয় দিছো৷ আমি আমাৰ বিবেকক প্ৰশ্ন কৰিবলৈ এৰি দিছো৷
আমাৰ মাজৰ বহুতে আশা কৰে যে এই বিষাক্ত পৰিৱেশৰ আশু অৱসান ঘটক আৰু সমাজত শান্তি-সম্প্ৰীতি বিৰাজ কৰক৷ কিন্তু তাৰ বাবে সক্ৰিয়ভাৱে, সংগঠিতভাৱে যি সামূহিক ভূমিকাৰ আৱশ্যক, তাৰ বাবে আমি আগ্ৰহী নহয়৷ মধ্যবিত্তীয় মানসিকতাৰে আমি সেই দায়িত্ব “আনসকলে” পালন কৰাটো বিচাৰো৷
(লেখক দ্বিপেন কাকতি এগৰাকী নিবন্ধকাৰ।লেখকৰ ফোন নম্বৰ-৯৪৩৫০-৯০৮৯৯)