NORTHEAST NOW (Assamese)

ডি ৱাই ৩৬৫ৰ সাংবাদিক ধনঞ্জয় ৰামচিয়াৰীলৈ ‘সংবাদ ইন্দ্ৰ গ্ৰাম্য বঁটা, ২০১৮’

May 19, 2019 4:27 pm · নীলমণি শৰ্মা

গোৱালপাৰা জিলা আগিয়াৰ প্ৰয়াত সাংবাদিক ইন্দ্ৰমোহন হাকাচামৰ স্মৃতিত গোৱালপাৰা জিলা সাংবাদিক কৰ্ম পৰিষদে ২০০৮ চনৰ পৰা প্ৰদান কৰি অহা ‘সংবাদ ইন্দ্ৰ গ্ৰাম্য বঁটা, ২০১৮’ এইবাৰ টংলাৰ ডি ৱাই ৩৬৫ৰ সাংবাদিক ধনঞ্জয় ৰামচিয়াৰীলৈ আগবঢ়োৱা হয়।

আজি জিলাখনৰ দুধনৈস্থিত গোৱালপাৰা কৃষি বিজ্ঞান কন্দ্ৰৰ সভাগৃহত জিলা সাংবাদিক কৰ্ম পৰিষদৰ সভাপতি চৈয়দ ৰবিউল হকৰ সভাপতিত্বত অনুষ্ঠিত এক সভাত সাংবাদিকগৰাকীক আনুষ্ঠানিকভাৱে উক্ত বঁটা প্ৰদান কৰা হয়।

বঁটা প্ৰদান অনুষ্ঠানত সাংবাদিক কৰ্ম পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি সঞ্জীৱ ফুকন আৰু অসম বাণী কাকতৰ সম্পাদক দীলিপ চন্দন সন্মানীয় অতিথি হিচাপে উপস্থিত থাকে।

তদুপৰি ধুপধৰাৰ বিকালী মহাবিদ্যালয়ৰ প্ৰৱক্তা গোপাল সিঙে উদ্বোধন কৰা বঁটা বিতৰণি সভাত তৈল খেজুৰ আৰু কলখেতিৰে জিলাখনত কৃষি বিপ্লৱৰ সুচনা কৰা তিনিটা স্থানীয় কৃষক গোটক সম্বৰ্ধনা জনোৱা হয়।

Related News