এ পি এছ চিৰ অভিযুক্তৰ পক্ষত অৱস্থান লৈছে অসম চৰকাৰেঃ ডি ৱাই এফ আই

অসম অসামৰিক সেৱাৰ ২০১৩ বৰ্ষত অনুষ্ঠিত পৰীক্ষাত অনিয়মৰ আশ্ৰয় লোৱা সকলৰ পক্ষে অৱস্থান লৈ দুৰ্নীতিৰ সৈতে আপোচ কৰিছে অসম চৰকাৰে। এই মন্তব্য ভাৰতৰ গণতান্ত্ৰিক যুৱ ফেডাৰেছন (ডি ৱাই এফ আই)ৰ অসম ৰাজ্যিক কমিটিৰ৷

গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশত ৰাজ্য চৰকাৰে ২০১৩ বৰ্ষত সংঘটিত অসম লোকসেৱা আয়োগৰ অনিয়মৰ তদন্ত কৰিবলৈ অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মা আয়োগক দায়িত্ব অৰ্পন কৰিছিল৷ দীঘলীয়া তদন্তৰ অন্তত যোৱা এপ্ৰিল মাহত শৰ্মা আয়োগে প্ৰতিবেদন দাখিল কৰিছিল৷ এই প্ৰতিবেদনত ৩৪ জন ৰাজপত্ৰিত বিষয়াই বক্ৰ পথেৰে লোকসেৱা আয়োগৰ পৰীক্ষাত উত্তীৰ্ণ হৈ চাকৰি লাভ কৰা বুলি প্ৰকাশ পাইছিল৷

লগতে পঢ়ক: লক্ষ্য মোডী! আস্থা ভোটত সহজে বিজয় লাভ কৰাৰ পিছতেই বিজেপিক আক্ৰমণ কেজৰিৱালৰ

শৰ্মা আয়োগৰ এনে গুৰুত্বপূৰ্ণ প্ৰতিবেদন পোৱাৰ পাছতে অসম চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰাৰ সলনি পুনৰ এখন কমিটি গঠন কৰি বিষয়টো চালি-জাৰি চাবলৈ নিৰ্দেশ দিয়ে৷ কমিটিৰ দায়িত্ব দিয়া হয় মুখ্য সচিব জিষ্ণু বৰুৱাক৷ কিন্তু আচৰিত কথাটো হৈছে, জিষ্ণু বৰুৱাই চাকৰিৰ পৰা অৱসৰ গ্ৰহণ কৰা দিনটোলৈ কোনো চূড়ান্ত প্ৰতিবেদন দাখিল কৰিব নোৱাৰিলে৷

ইয়াৰ পৰাই প্ৰমাণ হয় যে অসম চৰকাৰে এ পি এছ চিত অনিয়মেৰে চাকৰি লোৱা সকলৰ প্ৰতি অহেতুক দৰদ দেখুৱাইছে৷ দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীলতাৰ নীতি ঘোষণা কৰা অসম চৰকাৰে দুৰ্নীতিগ্ৰস্তৰ পক্ষে লোৱা অৱস্থানত ডি ৱাই এফ আইয়ে আশ্চৰ্য প্ৰকাশ কৰিছে৷

লগতে পঢ়ক: ১৩ তম ভাৰতীয় চলচ্চিত্ৰ মহোৎসৱ, মেলবৰ্ণত বিশাল স্বৰ্গিয়াৰীৰ Gosain:The colours of springৰ ৱৰ্ল্ড প্রিমিয়াৰ

অসম চৰকাৰৰ এনে অপোচকামী আৰু নিকৃষ্ট স্থিতিয়ে চাকৰিমুখী মেধাৱী প্ৰাৰ্থী সকলক আশাহত কৰাৰ লগতে ছাত্ৰ-যুৱ সমাজ আৰু অসমৰ সচেতন ৰাইজক মৰ্মাহত কৰিছে৷ ডি ৱাই এফ আইয়ে দুৰ্নীতিগ্ৰস্ত এনে প্ৰাৰ্থীৰ বিৰুদ্ধে আপোচহীন ব্যৱস্থা ল’বলৈ দাবী জনাইছে৷