• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 17, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অ’ভাৰলেপিঙৰ বিৰোধিতাৰে কলগাছিয়াত DYFI আৰু SFI ৰ বিক্ষোভ কাৰ্যসূচী

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 8, 2023 6:50 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰতৰ গণতান্ত্ৰিক যুৱ ফেডাৰেচন(DYFI) আৰু ভাৰতৰ ছাত্ৰ ফেডাৰেচন(SFI) কলগাছিয়া আঞ্চলিক কমিটিয়ে অ’ভাৰলেপিঙৰ সমস্যা সমাধান কৰি ৫১ হাজাৰ পদত ৫১ হাজাৰ প্ৰাৰ্থীক নিযুক্তি দিয়া, ১১ মে’ৰ ভিতৰত ৱেটিং তালিকা প্ৰকাশ কৰা আৰু প্ৰাপ্ত নম্বৰসহ নাম তালিকা আৰু কাট অফ নম্বৰ প্ৰকাশ কৰাৰ দাবীত আজি এখন প্ৰতিবাদী বিক্ষোভ আন্দোলন সংঘটিত কৰে।

দিনৰ ১ বজাত কলগাছিয়া চাৰি আলিৰ পৰা সংগঠন দুটাৰ সদস্য-সমৰ্থক সকলে হাতে হাতে বেনাৰ আৰু পতাকালৈ অ’ভাৰলেপিঙ বন্ধ কৰক, ৫১ হাজাৰ পদত ৫১ হাজাৰ প্ৰাৰ্থীক নিযুক্তি দিয়ক, গণি গণি চাকৰি দিয়াৰ প্ৰতিশ্ৰুতি ক’লৈ গ’ল? জবাব লাগে জবাব দিয়ক, ১১ মে’ৰ পূৰ্বে ৱেটিং তালিকা প্ৰকাশ কৰক, মেধাৰ সৈতে হেতালি খেলা বন্ধ কৰক, প্ৰাপ্ত নম্বৰসহ নাম তালিকা প্ৰকাশ কৰক, কাট অফ নম্বৰ প্ৰকাশ কৰক আদি শ্লোগানেৰে কলগাছিয়া ৰাজহ চক্ৰৰ কাৰ্যালয়ত উপস্থিত হয়। শেষত মকবুল হুছেইন আৰু সাহাজুল ইছলামৰ স্বাক্ষৰিত পাঁচ দফীয়া দাবী সম্বলিত স্মাৰক পত্ৰখন কলগাছিয়া ৰাজহ চক্ৰৰ চক্ৰ বিষয়াৰ জৰিয়তে অসমৰ মাননীয় মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰে।

লগতে পঢ়কঃ আকৌ টেক্সাছ! শ্বপিং মলত ৮ জনক গুলীয়াই হত্যা কৰাৰ পিছত এইবাৰ গাড়ীৰ খুন্দাত নিহত ৭ জন

উক্ত আন্দোলনত প্ৰতিবাদকাৰী সকলৰ উদ্দেশ্যি ভাষণ প্ৰসঙ্গত ডি ওৱাই এফ আইৰ অসম ৰাজ্যিক কমিটিৰ সভাপতি ৰুস্তম আলীয়ে কয়- সদ্য প্ৰকাশিত তৃতীয় বৰ্গৰ বিভাগ বিতৰণ আৰু স্নাতক- স্নাতকত্তোৰ শিক্ষক নিযুক্তিৰ চূড়ান্ত প্ৰাৰ্থী তালিকাত ভয়াবহ অ’ভাৰলেপিঙৰ সমস্যাই দেখা দিছে। ভাৰতৰ গণতান্ত্ৰিক যুৱ ফেডাৰেছন (ডি ৱাই এফ আই)ৰ অসম ৰাজ্যিক কমিটিয়ে আশংকা কৰা ধৰণেই অ’ভাৰলেপিং হৈছে বুলি ৰাজ্যিক সভাপতি গৰাকীয়ে দাবী কৰে। লগতে তৃতীয় বৰ্গৰ পদৰ বিভাগসমূহ নিৰ্দিষ্ট কৰাৰ পাছত দেখা গৈছে একেজন প্ৰাৰ্থীয়ে দুটাৰ পৰা চাৰিটা পদলৈ নিৰ্বাচিত হৈছে।

লগতে পঢ়কঃ নামভৰ্ত্তিৰ ধন বিদ্যালয়ক ওভতাই নিদি চৰকাৰী শিক্ষানুষ্ঠান ধ্বংসৰ আখৰা কৰিছে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে

একেদৰে হাইস্কুল আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষকৰ ক্ষেত্ৰতো দেখা গৈছে অ’ভাৰলেপিং। একেজন প্ৰাৰ্থীয়ে চৰকাৰী উচ্চ মাধ্যমিক বিদ্যালয়, প্ৰাদেশিকীকৃত উচ্চ মাধ্যমিক বিদ্যালয়, চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু প্ৰাদেশিকীকৃত উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক পদৰ বাবে বাচনিকৃত হৈছে। এই দুয়োটা বিভাগৰ ফলাফলে প্ৰমাণ কৰিছে যে চৰকাৰে গণি গণি ৫১ হাজাৰ প্ৰাৰ্থীক নিযুক্তি দিয়াৰ ঘোষণা ফুটুকাৰ ফেনত পৰিণত হৈছে।  অ’ভাৰলেপিঙৰ ফলত ৫১ হাজাৰৰ ঠাইত প্ৰকৃততে ২০/২৫ হাজাৰ প্ৰাৰ্থীৰহে নিযুক্তি হ’ব।ডি ৱাই এফ আইয়ে যোৱা এপ্ৰিল মাহ অৰ্থাৎ ফলাফল ঘোষণাৰ আগৰে পৰাই বিষয়টোক লৈ চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰি সমাধানৰ ৰাস্তা মুকলি কৰিবলৈ দাবী জনাইছিল।

অ’ভাৰলেপিঙৰ সমস্যা সমাধানৰ বাবে ডি ৱাই এফ আইৰ স্পষ্ট প্ৰস্তাৱ আছিল- এটা ৱেব প’ৰ্টেল মুকলি কৰি পচন্দৰ পদত অগ্ৰাধিকাৰ দিয়াৰ ব্যৱস্থা কৰা আৰু এক অপেক্ষাৰ তালিকা (Waiting list) প্ৰস্তুত কৰা। কিন্তু চৰকাৰে বিষয়টো উৰুৱাই দি অ’ভাৰলেপিঙৰ কোনো সমস্যাই নহয় বুলি ঘোষণা কৰে। যাৰ ফলস্বৰূপে আজিৰ তাৰিখত হাজাৰ হাজাৰ নিবনুৱা যুৱক-যুৱতীয়ে চৰকাৰৰ এই আন্তৰিকতাহীন আৰু চমক সৃষ্টিকাৰী নীতিৰ বাবে আশাহত হৈ পৰিছে। অকল অভাৰলেপিঙে নহয় গোটেই নিযুক্তি প্ৰক্ৰিয়াটোৰ স্বচ্ছতা আৰু নিৰপেক্ষাতকলৈও প্ৰশ্ন উদয় হৈছে। ফলাফল ঘোষণা হ’ল যদিও আজিলৈ সকলো উত্তীৰ্ণৰ এখন তালিকা, তেঁওলোকৰ প্ৰাপ্ত নম্বৰ বা কাট-অফ নম্বৰ ঘোষণা নকৰিলে।

লগতে পঢ়কঃ কেৰালা মডেল : এক জনমুখী বিকল্প

এনেবোৰ কথাই বাচনিৰ ক্ষেত্ৰত স্বজন-তোষণ হোৱাৰো গুৰুতৰ অভিযোগ উত্থাপন কৰে ৰাজ্যিক সভাপতি ৰুস্তম আলীয়ে।

এই বিক্ষোভ আন্দোলনত ডি ওৱাই এফ আইৰ কলগাছিয়া আঞ্চলিক কমিটিৰ প্ৰাক্তন সভাপতি ছাহজাহান আলী আৰু ইকবাল হুছাইনৰ উপৰিও এছ এফ আইৰ কলগাছিয়া আঞ্চলিক সভাপতি হাছান আলীয়েও উপস্থিত থাকে।

লগতে পঢ়কঃ জোকৰ মুখত চূণ! প্ৰধান মন্ত্ৰীক উদ্দেশ্যি কি লিখিলে প্ৰাক্তন আই পি এছ বিষয়াই?

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

September 17, 2025 9:31 pm
কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

September 17, 2025 8:36 pm
EVM বেলটত এতিয়াৰে পৰা থাকিব প্ৰাৰ্থীৰ ৰঙীণ ফটো! বিহাৰৰ পৰাই আৰম্ভ হ’ব এই ব্যৱস্থা

EVM বেলটত এতিয়াৰে পৰা থাকিব প্ৰাৰ্থীৰ ৰঙীণ ফটো! বিহাৰৰ পৰাই আৰম্ভ হ’ব এই ব্যৱস্থা

September 17, 2025 7:24 pm
ধীৰৌলি কয়লা খনি প্ৰকল্পৰ বিৰুদ্ধে উত্থাপিত অভিযোগ খণ্ডন কৰাৰ বাবে কেন্দ্ৰক তীব্ৰ সমালোচনা জয়ৰাম ৰমেশৰ

ধীৰৌলি কয়লা খনি প্ৰকল্পৰ বিৰুদ্ধে উত্থাপিত অভিযোগ খণ্ডন কৰাৰ বাবে কেন্দ্ৰক তীব্ৰ সমালোচনা জয়ৰাম ৰমেশৰ

September 17, 2025 7:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

September 17, 2025 9:31 pm
কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

September 17, 2025 8:36 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd