ৰাজ্যৰ প্ৰাথমিক শিক্ষা বিভাগৰ অধীনৰ ৫৫৫০ টা খালী পদৰ নিযুক্তিত অভাৰলেপিঙৰ সমস্যা সৃষ্টি হোৱাৰ তীব্ৰ আশংকা সৃষ্টি হোৱাৰ লগে লগে বহু পদ খালী হৈ ৰৈ যোৱাৰ লগতে বহু প্ৰাৰ্থী নিযুক্তিৰ পৰা বঞ্চিত হোৱাৰ পৰিস্থিতি সৃষ্টি হোৱাৰ আশংকা প্ৰকাশ পাইছে।
ভাৰতৰ গণতান্ত্ৰিক যুৱ ফেডাৰেছন (ডি ৱাই এফ আই)ৰ অসম ৰাজ্যিক কমিটিয়ে শিক্ষা বিভাগৰ এই অপৰিপক্ক আৰু অদূৰদৰ্শী কামৰ তীব্ৰ প্ৰতিবাদ কৰাৰ লগতে শীঘ্ৰে এই সমস্যাৰ সমাধান কৰি এটা খালী পদৰ বিপৰীতে এজন প্ৰাৰ্থীহে চূড়ান্ত পৰ্যায়ত বাছনি কৰিবলৈ দাবী জনাইছে।
এই গুৰুত্বপূৰ্ণ বিষয়টো ইতিমধ্যে ৰাজ্যৰ মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীলৈ দৃষ্টিগোচৰ কৰাৰ লগতে সমাধানৰ পথ মুকলি কৰিবলৈ ডি ৱাই এফ আইয়ে শনিবাৰে মেইল যোগে স্মাৰক পত্ৰ প্ৰেৰণ কৰিছে।
নিম্ন প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক বিদ্যালয়ত খালী হৈ থকা ৫৫৫০ টা শিক্ষক পদৰ বাবে ২০২৩ চনৰ ডিচেম্বৰ মাহত বিজ্ঞাপন প্ৰকাশ কৰিছিল। দীৰ্ঘ বিৰতিৰ পাছত এই পদৰ বিপৰীতে প্ৰকাশ কৰা প্ৰথমখন অস্থায়ী মেধা তালিকা প্ৰকাশ কৰাৰ পিছত বৃহৎ সংখ্যক পদৰ অভাৰলেপিং হোৱাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে। ইয়াৰ ফলত বহু প্ৰাৰ্থী নিযুক্তিৰ পৰা বঞ্চিত হোৱাৰ লগতে বহু সংখ্যক শিক্ষক পদ পুনৰ খালী হৈ থকাটো নিশ্চিত হৈ পৰিছে।
প্ৰাথমিকভাৱে পোৱা তথ্য আৰু বহু প্ৰাৰ্থীয়ে আমাৰ ওচৰৰ কৰা অভিযোগ অনুসৰি, – ২০২৪ চনত বিটিআৰত হৈ যোৱা প্ৰাথমিক শিক্ষক পদত (LP-UP) নিযুক্তি লাভ কৰি চাকৰি পোৱা দুই শতাধিক (২০০-৩০০) প্ৰাৰ্থীৰো নাম DEE য়ে প্ৰকাশ কৰা প্ৰথম মেধা তালিকাত সন্নিবিষ্ট হোৱা পৰিলক্ষিত হৈছে।
দ্বিতীয়তে বিটিআৰ’ৰ স্নাতক আৰু স্নাতকোত্তৰ শিক্ষক (GT, PGT) ত ইতিমধ্যে নিযুক্তি লাভ কৰা প্ৰাৰ্থীৰ নামো ১০ তাৰিখে প্ৰকাশ কৰা মেধা তালিকাত সন্নিবিষ্ট হৈ আছে।
তৃতীয়তে DSE ৰ অধীনত ১০ অক্টোবৰত হ’বলগীয়া নিযুক্তিৰ বাবে স্নাতক আৰু স্নাতকোত্তৰ (GT, PGT) পদৰ বাবে বাছনিকৃত হোৱা বহুত সংখ্যক প্ৰাৰ্থীৰ নামো প্ৰাথমিক শিক্ষক পদৰ প্ৰথম মেধা তালিকাত সন্নিবিষ্ট হোৱা পৰিলক্ষিত হৈছে।
চতুৰ্থতে ২০২৪ চনত সৰ্বশিক্ষাৰ অধীনত কৰ্মৰত ঠিকাভিত্তিক শিক্ষকসকলক বিশেষ উদ্যোগ গ্ৰহণ কৰি নিয়মীয়া কৰা হৈছিল যদিও এনে বহু শিক্ষক পুনৰ ৫৫৫০ টা খালী পদৰ বিপৰীতে প্ৰকাশ কৰা প্ৰথম মেধা তালিকাত নাম অন্তৰ্ভুক্ত হৈছে।
ইয়াৰ পৰাই অনুমান কৰিব পাৰি যে বহু সংখ্যক প্ৰাৰ্থীয়ে দুই/তিনিটা পদত নিযুক্তিৰ বাবে বাছনি হ’বলৈ সুযোগ লাভ কৰাৰ বিপৰীতে বহু সংখ্যকে নিযুক্তিৰ পৰা বঞ্চিত হ’ব; ফলস্বৰূপে বৃহৎ সংখ্যক খালী পদ পুনৰ খালী হৈ থাকিব। সেয়ে ডি ৱাই এফ আইৰ অসম ৰাজ্যিক কমিটিয়ে বিষয়টো গুৰুত্বসহকাৰে বিবেচনা কৰি প্ৰয়োজনী পদক্ষেপ ল’বলৈ দাবী উত্থাপন কৰিছে। বিটিআৰ’ত নিযুক্তি লাভ কৰাৰ পিছত পুনৰ বিটিআৰ’ৰ বাহিৰলৈ গুচি আহিলে অঞ্চলটোৰ শৈক্ষিক সমস্যাই পুনৰ মূৰ দাঙি উঠিব।
ডি ৱাই এফ আইয়ে দাবী কৰিছে যে বিষয়টো অনুসন্ধান কৰি এটা পদৰ বিপৰীতে যাতে এজন প্ৰাৰ্থীয়ে বাছনি হয় তাৰ ব্যৱস্থা কৰাৰ লগতে ৰাজ্যৰ অন্যপ্ৰান্তত ইতিমধ্যে নিযুক্তি লাভ কৰা প্ৰাৰ্থীয়ে সমপৰ্যায়ৰ পদতে পুনৰ যাতে বাছনিকৃত হ’ব নোৱাৰে তাৰ ব্যৱস্থা কৰিব লাগে।