• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, May 13, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বিশিষ্ট চিন্তাবিদ-বুদ্ধিজীৱী ইন্দিবৰ দেউৰীৰ মৃত্যুত ডি ৱাই এফ আইৰ গভীৰ শোক প্ৰকাশ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 7, 2023 7:36 pm
Indibor Dewri
164
VIEWS
Share on FacebookShare on Twitter

অসমৰ বৌদ্ধিক আৰু যুক্তিবাদী আন্দোলনৰ এক অগ্ৰণী কাণ্ডাৰী বিশিষ্ট সমাজ বিজ্ঞানী তথা নৃগোষ্ঠীবিদ ইন্দিবৰ দেউৰীৰ আজি মৃত্যু হয়। দীৰ্ঘদিন ধৰি শাৰীৰিক অসুস্থতাৰ সৈতে যুঁজি থকা বিশিষ্ট চিন্তাবিদগৰাকীয়ে আজি পুৱা গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত শেষ নিশ্বাস ত্যাগ কৰে।

প্ৰথিতযশা বুদ্ধিজীৱী, চিন্তাবিদ, বিশিষ্ট গৱেষক, নিবন্ধকাৰ গৰাকীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে ভাৰতৰ গণতান্ত্ৰিক যুৱ ফেডাৰেছন (ডি ৱাই এফ আই)ৰ অসম ৰাজ্যিক কমিটিয়ে।

এক বিবৃতি যোগে ডি ৱাই এফ আইৰ অসম ৰাজ্যিক কমিটিয়ে ইন্দিবৰ দেউৰীলৈ শেষ শ্ৰদ্ধা জনাই শোক সন্তপ্ত পৰিয়াল তথা গুণমুগ্ধ সকললৈ সমবেদনা জ্ঞাপন কৰে।

ডি ৱাই এফ আই- এ বিবৃতিটোত কয়, “ভাৰতীয় ডাক বিভাগৰ অৱসৰপ্ৰাপ্ত মহাপ্ৰৱন্ধক, ইন্দিবৰ দেউৰীৰ মৃত্যু ৰাজ্যখনৰ বাবে ডাঙৰ ক্ষতি। তেখেতে বিভিন্ন গৱেষণাধৰ্মী লিখনি, কাকত-আলোচনীত প্ৰকাশিত প্ৰবন্ধসমূহৰ মাজেৰে ৰাজ্যবাসীলৈ অশেষ বৌদ্ধিক অৱদান আগবঢ়াই গৈছে।”

অসমৰ অন্যান্য সমস্যা আৰু বিষয়ৰ লগতে জনজাতি আৰু জনজাতীয় সমস্যা সম্পৰ্কত ইন্দিবৰ দেউৰীৰ অধ্যয়ন অতি গভীৰ আৰু চিন্তা উদ্ৰেককাৰী আছিল বুলি সোঁৱৰে ডি ৱাই এফ আই- এ।

বিবৃতিটোত লগতে কোৱা হৈছে, “জনগোষ্ঠীয় সমস্যাঃ অতীত বৰ্তমান আৰু ভৱিষ্যত- নামৰ গ্ৰন্থখন তেখেতৰ গভীৰ গৱেষণাৰ ফল আৰু ৰাজ্যখনৰ বাবে অমূল্য সম্পদ। অন্যান্য সৃষ্টিৰ ভিতৰত আছে “যুক্তিৰ পোহৰত সমাজ”, “যুক্তি আৰু সমাজ” , “যুক্তি বিকাশ” আদি।”

“এই জনা চিন্তাবিদ তথা সমাজ বিজ্ঞানীৰ মৃত্যু ৰাজ্যবাসীৰ বাবে এক অপূৰণীয় ক্ষতি” বুলি ডি ৱাই এফ আই- এ লগতে উল্লেখ কৰে।

Recent News

পাকিস্তানৰ ভিতৰত ৭১টা আক্ৰমণৰ দায়িত্ব স্বীকাৰ বেলুচ লিবাৰেচন আৰ্মীৰ

পাকিস্তানৰ ভিতৰত ৭১টা আক্ৰমণৰ দায়িত্ব স্বীকাৰ বেলুচ লিবাৰেচন আৰ্মীৰ

দেশৰ স্বাভিমান, দেশবাসীৰ বলিদান আৰু সৈনিকৰ সন্মানৰ লগত খেলা নকৰিবলৈ নৰেন্দ্ৰ মোদীক আহব্বান হিন্দু সুৰক্ষা সেনা, অসমৰ

দেশৰ স্বাভিমান, দেশবাসীৰ বলিদান আৰু সৈনিকৰ সন্মানৰ লগত খেলা নকৰিবলৈ নৰেন্দ্ৰ মোদীক আহব্বান হিন্দু সুৰক্ষা সেনা, অসমৰ

ভাৰত-পাকিস্তানৰ অশান্তজৰ্জৰ পৰিস্থিতিৰ মাজতে বৃদ্ধি পালে দেশৰ প্ৰতিৰক্ষা বাজেট

ভাৰত-পাকিস্তানৰ অশান্তজৰ্জৰ পৰিস্থিতিৰ মাজতে বৃদ্ধি পালে দেশৰ প্ৰতিৰক্ষা বাজেট

অপাৰেশ্যন সিন্দূৰ : দেশৰ বাবে প্ৰাণ দিয়া এই বীৰ জোৱান সকলক জানো আহক

অপাৰেশ্যন সিন্দূৰ : দেশৰ বাবে প্ৰাণ দিয়া এই বীৰ জোৱান সকলক জানো আহক

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd