শিক্ষক নিযুক্তি বন্ধৰ সিদ্ধান্তই ৰাজহুৱা শিক্ষা ব্যৱস্থাক পংগু কৰিবঃ ডি ৱাই এফ আই

টেট উত্তীৰ্ণসকলক শীঘ্ৰে নিযুক্তি দিয়াৰ দাবী বাওপন্থী ছাত্ৰ সংগঠনটোৰ

TET-TET-750x375

ফাইল ফটো: নৰ্থইষ্ট নাও।

অসম চৰকাৰে যোৱা ২৬ মে’ৰ কেবিনেট সিদ্ধান্ত অনুসৰি ৮ হাজাৰ প্ৰাথমিক শিক্ষকৰ আৰু ৫,২৪৩ টা হাইস্কুল আৰু হাইমাদ্ৰাছাৰ শিক্ষকৰ খালী পদত নিযুক্তি বন্ধ ৰাখিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে৷

অসম চৰকাৰৰ এই অদূৰদৰ্শী সিদ্ধান্তই প্ৰাথমিক-উচ্চ প্ৰাথমিক আৰু হাইস্কুল টেট উত্তীৰ্ণ প্ৰায় ২৫ সহস্ৰাধিক চাকৰি প্ৰাৰ্থী যুৱক-যুৱতীলৈ চৰম হতাশা নমাই অনাৰ লগতে অনাগত দিনত ৰাজহুৱা শিক্ষা ব্যৱস্থাক পংগু কৰি পেলাব বুলি অভিযোগ কৰিছে ভাৰতৰ গণতান্ত্ৰিক যুৱ ফেডাৰেছন (ডি ৱাই এফ আই)ৰ অসম ৰাজ্যিক কমিটিয়ে৷

এয়া পদ বিলুপ্তিকৰণৰ গোপন নীতিগত অভিসন্ধি বুলি মন্তব্য কৰি এনে সিদ্ধান্ত  তৎকালে বাতিল কৰি খালী পদত শীঘ্ৰে নিযুক্তি দিবলৈ সংগঠনটোৱে দাবী জনাইছে৷

অসম চৰকাৰে বিত্তীয় সংকটৰ দোহাই দি এনেদৰে হাজাৰ হাজাৰ শিক্ষক পদৰ বাবে যোগ্য নিবনুৱাক চৰম বঞ্চনা কৰাৰ লগতে ৰাজহুৱা শিক্ষা ব্যৱস্থাটোক ধ্বংসৰ মুখলৈ ঠেলি দিব ওলাইছে।

চৰকাৰৰ সিদ্ধান্ত অনুসৰি উচ্চতৰ মাধ্যমিক, হাইস্কুল আৰু হাইমাদ্ৰাছাৰ ৫২৪৩ টা  ঠিকাভিত্তিক শিক্ষক, ২৯৭০১ জন ঠিকাভিত্তিক টেট শিক্ষক আৰু ১১,২০৬ জন ষ্টেট পুলৰ ঠিকাভিত্তিক শিক্ষকক চৰ্তভিত্তিক ‘‘প্ৰায় নিয়মীয়া’’ কৰিব।

ইয়াকে অচিলা হিচাপে লৈ চৰকাৰে খালী পদসমূহ পূৰণ প্ৰক্ৰিয়া দীৰ্ঘদিনৰ বাবে বন্ধ ৰখাৰ ভয়ংকৰ সিদ্ধান্ত লৈছে৷  ডি ৱাই এফ আয়ে পূৰ্বৰে পৰাই সুস্থ শৈক্ষিক ব্যৱস্থাৰ বাবে স্থায়ী শিক্ষক নিযুক্তিৰ দাবী জনাই আহিছে।

উল্লেখনীয় কথা যে শিক্ষা বিভাগে প্ৰাথমিক, উচ্চ প্ৰাথমিক আৰু হাইস্কুলত খালী হৈ থকা পদ পূৰণ কৰাৰ বাবে বিজ্ঞাপন প্ৰকাশ কৰি তিনিটা পৰ্যায়ত তিনিটাকৈ ‘টেট’ পৰীক্ষা অনুষ্ঠিত কৰিছিল।

৪০০ টকাকৈ মাচুল দি প্ৰাথমিক-উচ্চ প্ৰাথমিক টেট পৰীক্ষাত ৩.৬৭ লাখ আৰু হাইস্কুল টেট পৰীক্ষাত ৩৫, ৮১৪ জন যুৱক-যুৱতীয়ে অৱতীৰ্ণ হৈছিল।

হাইস্কুল টেট পৰীক্ষাৰ ফলাফল ঘোষণাৰ ৪৫ দিনৰ ভিতৰত নিযুক্তি দিয়া হ’ব বুলি শিক্ষা মন্ত্ৰীয়ে দাম্ভিকতাৰে ঘোষণা কৰিছিল।

কিন্তু আশ্চৰ্যজনকভাৱে আজি চাৰি মাহ পাৰহৈ যোৱাৰ পাছতো টেট উত্তীৰ্ণৰ প্ৰমাণ পত্ৰখনকে দিব পৰা নাই।

এনে প্ৰেক্ষাপটত চৰকাৰে লোৱা নিযুক্তি বন্ধৰ সিদ্ধান্তই আৰ্থিক খৰচ আৰু দীৰ্ঘদিনীয়া মানসিক প্ৰস্তুতিৰে নিযুক্তিৰ আশা কৰা হাজাৰ হাজাৰ যুৱক-যুৱতীক আশাহত কৰিছে আৰু চৰকাৰৰ এই সিদ্ধান্তই সমগ্ৰ ৰাজহুৱা শিক্ষা ব্যৱস্থাটোলৈ অধিক বিপৰ্যয় কঢ়িয়াই অনাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে।

ডি ৱাই এফ আয়ে দাবী কৰিছে যে চৰকাৰে শিক্ষক নিযুক্তি বন্ধ ৰখাৰ সিদ্ধান্ত বাতিল কৰি শীঘ্ৰে নিযুক্তি দিয়াৰ ব্যৱস্থা কৰক।

অকল ইমানেই নহয়, ৰাজ্য চৰকাৰৰ যোগ্যতাৰ মাপ-কাঠীৰে যোগ্য বুলি  বিবেচিত হোৱা ২০ সহস্ৰাধিক ভেন্সাৰ শিক্ষানুষ্ঠানৰ শিক্ষক-কৰ্মচাৰীৰ পদ প্ৰাদেশিকীকৰণ নকৰাকৈ পেলাই থৈছে, ফলত বিনা বেতনে সেৱা আগবঢ়াই অহা এই সকল শিক্ষকে অবৰ্ণনীয় দুখ-কষ্টৰ মাজেৰে জীৱন অতিবাহিত কৰি আহিছে।

সমস্যাজৰ্জৰ এই শিক্ষকসকলক আনকি লকডাউনৰ সময়তো সামান্য আৰ্থিক সাহায্য দিবলৈ চৰকাৰে মনত নকৰিলে, অথচ স্বাস্থ্য তথা শিক্ষা মন্ত্ৰী আৰু মুখ্য মন্ত্ৰীয়ে কোভিডৰ নামত কোটি কোটি টকা সংগ্ৰহ কৰিলে।

বাকী থকা ভেন্সাৰ শিক্ষানুষ্ঠানৰ শিক্ষক-কৰ্মচাৰীৰ পদসমূহো শীঘ্ৰে প্ৰাদেশিকীকৰণ কৰিবলৈ ডি ৱাই এফ আয়ে দাবী জনাইছে।