কোনো বিকল্প ব্যৱস্থা নকৰাকৈ গোৱালপাৰা জিলাৰ হাছিলা বিলত অসম চৰকাৰৰ নিৰ্দেশত জিলা প্ৰশাসনে সোমবাৰে পুৱাৰে পৰা ব্যাপক উচ্ছেদ অভিযান আৰম্ভ কৰিছে। কোনো বিকল্প ব্যৱস্থা নকৰাকৈ এনেদৰে উচ্ছেদ চলোৱা কাৰ্যক ভাৰতৰ গণতান্ত্ৰিক যুৱ ফেডাৰেছন (ডি ৱাই এফ আই)ৰ অসম ৰাজ্যিক কমিটিয়ে অমানৱীয় আখ্যা দি ইয়াক বন্ধ ৰখাৰ দাবী জনাইছে।
আদানি-আম্বানিৰ দৰে পুঁজিপতি আৰু ৰামদেৱৰ দৰে ব্যৱসায়ীক হাজাৰ হাজাৰ বিঘা মাটি আৱণ্টন দিব ওলোৱা বিজেপি চৰকাৰ আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সম্পূৰ্ণ সাম্প্ৰদায়িক দৃষ্টিভংগীৰে উচ্ছেদ অভিযান আৰম্ভ কৰিছে।
প্ৰায় ৯০ শতাংশ ধৰ্মীয় সংখ্যালঘুই বসবাস কৰা উক্ত অঞ্চলৰ লোকসকলে আজিৰ পৰা ৪০/৫০ বছৰ আগতে গৰাখহনীয়াত উচন হৈ নিজে নিজে তাত সংস্থাপিত হৈছিল। উচ্ছেদিত হোৱা বহু মানুহৰ ১৯৪৭ চনৰো আগৰ বৈধ নথি-পত্ৰ আছে।
চৰকাৰী নিয়ম অনুসাৰে বহু মানুহে চৰকাৰী ঘৰ, জলজীৱন আঁচনিৰ সুবিধা, বিদ্যুতৰ সুবিধা লাভ কৰিছে। অঞ্চলটোত পাঁচখনৰো অধিক চৰকাৰী বিদ্যালয় আছে, MGNREGA আঁচনিৰ অধীনত অঞ্চলটোত ৰাস্তা-ঘাট নিৰ্মাণ কৰা হৈছে।
ইমানৰ পাছতো হঠাৎ, মাত্র তিনি দিনৰ ৰাজহুৱা জাননী দি প্রশাসনে সোমবাৰে ৰাতিপুৱা ৫ বজাৰ পৰা এফালৰ পৰা ঘৰ-বাৰীবোৰ ভাঙি উচ্ছেদ অভিযান আৰম্ভ কৰিছে। আৰক্ষী-অৰ্ধসামৰিক বাহিনীৰে এক যুদ্ধ সদৃশ পৰিৱেশ সৃষ্টি কৰি মানুহক আতংকিত কৰিছে আৰু ঘৰ-বাৰী ভাঙি তহিলং কৰিছে।
অসহায় মানুহবোৰে ঘৰ-বাৰী, সা-সম্পত্তি হেৰুৱাই শিশু, মহিলা আৰু বৃদ্ধসহ মুকলি আকাশৰ তলত থিয় হৈ থাকিবলগীয়া হৈছে। ভোকে-পিয়াহে অনাগত ভয়াবহ ভৱিষ্যতৰ আশংকাত মানুহখিনিয়ে ত্ৰস্তমান হৈ পৰিছে। অঞ্চলটোত ৬০০ পৰিয়ালৰ ৫ সহস্ৰাধিক লোক উচ্ছেদৰ বলি হৈছে।
ডি ৱাই এফ আইয়ে দাবী কৰিছে যে বিকল্প ব্যৱস্থা নকৰাকৈ উচ্ছেদ কৰা কাৰ্য বন্ধ ৰাখক। যিসকল লোকক ইতিমধ্যে উচ্ছেদ কৰিছে তেওঁলোকৰ বাবে খাদ্য-পানীৰ লগতে থকাৰ সু-ব্যৱস্থা কৰক।