• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 18, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ন্যায়ালয়ৰ মজিয়াত উন্মোচিত হ‘ল হাইস্কুল টে’ট পৰীক্ষা ব্যাপক ফলাফল বিসংগতি: ডি ৱাই এফ আই

টে’টত বিসংগতি: নীতি-নিয়ম ভংগ কৰি হাইস্কুল টে’টৰ ফলাফল

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 21, 2022 7:02 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এন চি আৰ টিৰ নীতি-নিয়ম উলংঘা কৰি হাইস্কুল টে’টৰ ফলাফল দিছে টে’ট এম্পাৱাৰ কমিটিয়ে৷ অসম চৰকাৰৰ অহেতুক হস্তক্ষেপ, স্বজন তোষণ আৰু টে’ট এম্পাৱাৰ কমিটিৰ দায়িত্বহীনতাৰ বাবে মাধ্যমিক (হাইস্কুল) টে”টৰ ফলাফলত গুৰুতৰ অনিয়ম হৈছে বুলি অভিযোগ কৰিছে ভাৰতৰ গণতান্ত্ৰিক যুৱ ফেডাৰেছন (ডি ৱাই এফ আই)ৰ অসম ৰাজ্যিক কমিটিয়ে৷ ডি ৱাই এফ আইৰ স্পষ্ট অভিযোগ, অসম চৰকাৰৰ এয়া এক বৃহৎ শৈক্ষিক কেলেংকাৰি ৷

মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই টে’ট নিযুক্তি নিকা আৰু স্বচ্ছতাৰে হোৱা বুলি দাবী কৰি থকাৰ সময়তে গুৱাহাটী উচ্ছ ন্যায়ালয়ৰ মজিয়াত উন্মোচিত হৈছে এই টে’ট পৰীক্ষাৰ ফলাফলৰ গুৰুতৰ বিসংগতি আৰু অনিয়ম৷ অসম চৰকাৰৰ জ্ঞাতসাৰে হোৱা এই শৈক্ষিক অনিয়মৰ ফলত ৰাজ্যখনৰ হাজাৰ-হাজাৰ শিক্ষিত যুৱক-যুৱতী বঞ্চনাৰ স্বীকাৰ হ‘বলগীয়া হৈছে৷

লগতে পঢ়ক: NRC ৰ প্ৰাক্তন ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাৰ বিৰুদ্ধে গোচৰ

অসম চৰকাৰৰ অধীনত কি পৰ্যায়ত শৈক্ষিক বিশৃংখলা চলিছে সেয়া ‘গ্ৰেছ মাৰ্ক’ বিষয়টোৱে স্পষ্ট কৰিছে৷ টে’ট এম্পাৱাৰ কমিটিয়ে হাইস্কুলত থকা খালী পদৰ বিপৰীতে প্ৰাৰ্থীৰ সংখ্যা দুগুণ কৰিবলৈ ‘গ্ৰেছ মাৰ্ক’ৰ ব্যৱস্থা কৰিছে৷ কিন্তু আচৰিত কথাটো হৈছে সেই সময়ত অসম চৰকাৰ বা শিক্ষা বিভাগৰ হাতত খালী পদৰ সম্পৰ্কত কোনো সঠিক তথ্য নাছিল৷

উচ্চ মাধ্যিক টে’ট এম্পাৱাৰ কমিটিয়ে এই অন্যায়ৰ মাজেৰে বৃহৎ সংখ্যক শিক্ষিত যুৱক-যুৱতীৰ জীৱনলৈ দুৰ্যোগ নমাই আনিছে৷ হাইস্কুল টে’ট পৰীক্ষাৰ ফলাফল ঘোষণাত কৰা অনিয়ম শিক্ষা বিভাগ আৰু অসম চৰকাৰৰ জ্ঞাতসাৰে হৈছে বুলি অভিযোগ কৰিছে ডি ৱাই এফ আইৰ অসম ৰাজ্যিক কমিটিয়ে৷

গুৱাহাটী উচ্চ ন্যায়ালয়ে দিয়া ৰায় অনুসৰি হাইস্কুল টে’টৰ ফলাফলত দিয়া ‘গ্ৰেছ’ ব্যৱস্থা বাতিল কৰিছে৷ একেটা ৰায়তে উচ্ছ মাধ্যমিক শিক্ষা পৰিষদৰ নিয়ম নীতি ভংগ কৰা কেইবাটাও দিশ উন্মোচিত হৈছে৷ নিজৰ মইমতালিৰে কাম কৰা তথ্য ন্যায়ালয়ৰ ৰায়ত স্পষ্ট হৈছে৷ বিভাগে অসম চৰকাৰৰ নিৰ্দেশ অনুসৰিয়ে এন চি আৰ টিৰ নিয়মাৱালী ভৰিৰে মোহাৰি নীতি নিয়ম প্ৰস্তুত কৰাৰ ফলতে এই অনিয়ম হ’বলৈ পাইছে৷

লগতে পঢ়ক: সলনি হব ৰাজীৱ ভৱনৰ পৰিচয়; বিজনেছ কমপ্লেক্সলৈ ৰূপান্তৰিত হব ৰাজীৱ ভৱন

আচৰিত কথাটো হৈছে প্ৰাথমিক বিদ্যালয়ৰ টে’ট আৰু উচ্ছতৰ মাধ্যমিক টে’ট পৰীক্ষাৰ ক্ষেত্ৰতো একে নীতি অনুসৰণ কৰিছে৷  মাধ্যমিক শিক্ষাৰ অধীনৰ টে’ট এম্পাৱাৰ কমিটিয়ে ‘ৰি-ইভালুয়েশ্বন’, ‘গ্ৰেছ মাৰ্ক’ প্ৰদানকে ধৰি একেটা পৰীক্ষাৰে কেইবাবাৰ ফলাফল ঘোষণা কৰিছে ৷ এই প্ৰাৰ্থী সকলোৰ একাংশই হাইস্কুলৰ প্ৰথম পৰ্যায়ত আৰু বিটিএডিৰ হাইস্কুলত শিক্ষক হিচাপে নিযুক্তি লাভ কৰিছে৷

আশ্চৰ্যকৰ কথা হৈছে একাংশ প্ৰাৰ্থীক গ্ৰেছ (উপহাৰ) নম্বৰ দি পাছ কৰাই দিয়াৰ সময়তে একাংশ প্ৰাৰ্থীয়ে গড়ে ৬০ শতাংশ আৰু সংৰক্ষিত পদৰ প্ৰাৰ্থী গড়ে ৫৫ শতাংশ নম্বৰ পোৱাৰ পাছতো উত্তীৰ্ণৰ তালিকাৰ পৰা নাম বাদ পৰিছে৷ অৰ্থাৎ নিজৰ খেয়াল খুচিমতে ফলাফল ঘোষণা কৰিছে৷

এই গোটেই প্ৰক্ৰিয়াটোত অৰ্থাৎ বিভাগৰ নীতি ভংগৰ প্ৰক্ৰিয়াত ৰাজনৈতিক হস্তক্ষেপ আৰু প্ৰভাৱে কাম কৰাৰ পূৰ্ণ সম্ভাৱনা আছে৷  এনে অন্যায়ৰ বিৰুদ্ধে যুৱক-যুৱতী সকলে উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হ’বলগীয়া হৈছে৷ দুই-বছৰৰ দীঘলীয়া আইনী যুঁজৰ অন্তত বিভাগ তথা চৰকাৰৰ মুখ খোল খাইছে৷ কিন্তু এই দীৰ্ঘ আইনী প্ৰক্ৰিয়াত নিৱনুৱা যুৱক-যুৱতী সকলে লাখ লাখ টকা খৰচ কৰিবলগীয়া হৈছে৷

লগতে পঢ়ক:গুণোৎসৱৰ বতৰ: ৰাজ্যৰ এখন চৰকাৰী বিদ্যালয়ত এজন শিক্ষকে পাঠদান কৰিছে পাঁচটাকৈ শ্ৰেণীত

 এই প্ৰেক্ষাপটতে ডি ৱাই এফ আইয়ে পুনৰ দাবী কৰিছে টে’ট পৰীক্ষাৰ পৰা আৰম্ভ কৰি নিযুক্তি প্ৰক্ৰিয়ালৈকে চৰকাৰ আৰু সংশ্লিষ্ট বিভাগ সমূহে স্বচ্ছতা বজাই ৰাখক৷ স্বজন-তোষণ আৰু দুৰ্নীতি অবিহনে নিযুক্তিৰ ব্যৱস্থা কৰক৷ খালী হৈ থকা সকলো শিক্ষক পদৰ নিযুক্তিৰ মাজেৰে সকলো টে’ট উত্তীৰ্ণক নিযুক্তি দিয়ক৷

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

এটা-দুটা নহয়, সৌৰজগতৰ বাহিৰত ৬ হাজাৰ গ্ৰহৰ আৱিষ্কাৰ; আৰু আছে স্বীকৃতিৰ অপেক্ষাত, জনালে নাছাই

এটা-দুটা নহয়, সৌৰজগতৰ বাহিৰত ৬ হাজাৰ গ্ৰহৰ আৱিষ্কাৰ; আৰু আছে স্বীকৃতিৰ অপেক্ষাত, জনালে নাছাই

September 18, 2025 4:25 pm
উত্তৰাখণ্ডৰ চামোলীত ধাৰাসাৰ বৰষুণ : বিধ্বংসী ৰূপ ধাৰণ কৰিছে ধ্বংসাৱশেষে, নিৰুদ্দেশ ১০ জন

উত্তৰাখণ্ডৰ চামোলীত ধাৰাসাৰ বৰষুণ : বিধ্বংসী ৰূপ ধাৰণ কৰিছে ধ্বংসাৱশেষে, নিৰুদ্দেশ ১০ জন

September 18, 2025 4:13 pm
চাউল-দালি বা ফল-মূল নহয়, ৩৩ বছৰে পোৰা মোবিল খাই জীয়াই আছে কৰ্ণাটকৰ এইজন ব্যক্তি

চাউল-দালি বা ফল-মূল নহয়, ৩৩ বছৰে পোৰা মোবিল খাই জীয়াই আছে কৰ্ণাটকৰ এইজন ব্যক্তি

September 18, 2025 3:29 pm
এটাৰ পিছত আনটো ধৰ্ষণৰ ঘটনা, ভাঙি পৰিছে আইন-শৃংখলা! ওড়িশা চৰকাৰৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ আনিব কংগ্ৰেছে

এটাৰ পিছত আনটো ধৰ্ষণৰ ঘটনা, ভাঙি পৰিছে আইন-শৃংখলা! ওড়িশা চৰকাৰৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ আনিব কংগ্ৰেছে

September 18, 2025 3:06 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

এটা-দুটা নহয়, সৌৰজগতৰ বাহিৰত ৬ হাজাৰ গ্ৰহৰ আৱিষ্কাৰ; আৰু আছে স্বীকৃতিৰ অপেক্ষাত, জনালে নাছাই

এটা-দুটা নহয়, সৌৰজগতৰ বাহিৰত ৬ হাজাৰ গ্ৰহৰ আৱিষ্কাৰ; আৰু আছে স্বীকৃতিৰ অপেক্ষাত, জনালে নাছাই

September 18, 2025 4:25 pm
উত্তৰাখণ্ডৰ চামোলীত ধাৰাসাৰ বৰষুণ : বিধ্বংসী ৰূপ ধাৰণ কৰিছে ধ্বংসাৱশেষে, নিৰুদ্দেশ ১০ জন

উত্তৰাখণ্ডৰ চামোলীত ধাৰাসাৰ বৰষুণ : বিধ্বংসী ৰূপ ধাৰণ কৰিছে ধ্বংসাৱশেষে, নিৰুদ্দেশ ১০ জন

September 18, 2025 4:13 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd