নিয়োগ মেলাৰ নামত ৰাজ্যৰ লাখ লাখ নিবনুৱাক অপমান, আবেদন- বায়োডাটা পেলাই দিয়া হ’ল মেলাস্থলীত!

চৰকাৰক কঠোৰ সকিয়নী ডি ৱাই এফ আইৰ

এটি সংস্থাপনৰ বাবে হাহাকাৰ কৰি থকা ৰাজ্যৰ লাখ লাখ নিবনুৱাক “নিয়োগ মেলা”ৰ নামত কৰা অসম চৰকাৰে কৰা অপমানক ভাৰতৰ গণতান্ত্ৰিক যুৱ ফেডাৰেছন (ডি ৱাই এফ আই)ৰ অসম ৰাজ্যিক কমিটিয়ে তীব্ৰ ভাষাৰে গৰিহণা জনাইছে।

কালি অসম চৰকাৰৰ দক্ষতা, নিয়োগ আৰু উদ্যমিতা বিভাগৰ উদ্যোগত প্ৰতিখন জিলাৰ নিয়োগ বিনিময় কেন্দ্ৰত নিয়োগ মেলাৰ আয়োজন কৰিছিল।

স্বাভাৱিকতে প্ৰতিটো কেন্দ্ৰতে নিয়োগৰ আশাত হাজাৰে হাজাৰে নিবনুৱা যুৱক-যুৱতী সকল সমৱেত হয়। এটা মৰ্যদাসম্পন্ন আৰু সুৰক্ষিত কৰ্মসংস্থানৰ আশালৈ ওলাই অহা যুৱক-যুৱতীসকলে নিয়োগৰ স্বৰূপ দেখি আশাহত হয়।

দুই তিনি হাজাৰ টকা মাহিলী দৰমহাৰ চেলচমেনৰ চাকৰিৰ দৰে সৰু সৰু চাকৰিৰ বাবে অসম চৰকাৰে ব্যাপক প্ৰচাৰেৰে নিয়োগ মেলা আয়োজন কৰিছিল।

আনকি কিছু কেন্দ্ৰত চৰম অপমান কৰি প্ৰাৰ্থীসকলৰ আবেদন আৰু বায়োডাটাসমূহ মেলাস্থলীত পেলাই দিয়া পৰিলক্ষিত হয়।

 

নিবনুৱা সকলৰ আত্মসন্মানক এনেদৰে ভেঙুচালি কৰি ৰাজনৈতিক চমক দিব খোজাটো অসম চৰকাৰৰ এক ডাঙৰ অন্যায়। চৰকাৰে নিৰ্বাচনৰ প্ৰাকমূহুৰ্তত নিবনুৱাক সংস্থাপন দিয়াৰ ডাঙৰ ডাঙৰ প্ৰতিশ্ৰুতি দিছিল।

কিন্তু সেই চৰকাৰেই এতিয়া নিবনুৱাক অপমান কৰিবলৈ কুন্ঠাবোধ কৰা নাই। অথচ ৰাজ্যৰ বিভিন্ন বিভাগত হাজাৰ হাজাৰ পদ খালী হৈ পৰি আছে। যি কিছু সংখ্যক পদত নিযুক্তিৰ ব্যৱস্থা কৰিছে তাতো পৰ্ৱতসম দুৰ্নীতি সংঘটিত হৈছে।

ডি ৱাই এফ আইৰ অসম ৰাজ্যিক কমিটিৰ সম্পাদক নয়ন ভূঞা আৰু সভাপতি লোকনাথ অধিকাৰীয়ে অসম চৰকাৰৰ নিবনুৱাক অসন্মান কৰা কাৰ্য বন্ধ কৰি সন্মান সহকাৰে মৰ্যদা সম্পন্ন নিয়োগৰ ব্যৱস্থা কৰিবলৈ দাবী জনাইছে।