APSC scams: দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীলতাৰ নীতি ঘোষণা কৰা চৰকাৰে এ পি এছ চিৰ অভিযুক্তত ৰেহাই দিছে কিয়?-ডি ৱাই এফ আই

APSC scams এ পি এছ চি কেলেংকাৰীৰ তদন্ত কৰি ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মা আয়োগে প্ৰতিবেদন দাখিল কৰাৰ পাছতো কোনো ব্যৱস্থা গ্ৰহণ নকৰাত ভাৰতৰ গণতান্ত্ৰিক যুৱ ফেডাৰেছন (ডি ৱাই এফ আই) ৰ অসম ৰাজ্যিক কমিটিয়ে আক্ষেপ প্ৰকাশ কৰিছে আৰু তৎকালে ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে।

২০১৩ চনত লোকসেৱা আয়োগৰ নিযুক্তি কেলেংকাৰীৰ তদন্ত কৰাৰ বাবে গঠিত ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মাৰ এজনীয়া তদন্ত আয়োগে দাখিল কৰা প্ৰতিবেদনত  ২০১৩ চনত অবৈধভাৱে নিযুক্তি লাভ কৰাসকলক চাকৰিৰ পৰা বৰ্খাস্ত কৰা, এ পি এছ চিৰ সংস্কাৰ সাধন কৰাকে ধৰি কেইবাটাও পৰামৰ্শ আগবঢ়োৱা হৈছিল।

লগতে পঢ়ক: শিৱসাগৰৰ ৯ বছৰীয়া বনকৰা শিশুৰ হত্যাকাণ্ড; আৰক্ষীকো বিপথে পৰিচালিত কৰিছিল অভিযুক্তই 

কিন্তু আচৰিত ধৰণে এই পৰামৰ্শৱালী কাৰ্যকৰী কৰাৰ বাবে মুখ্য সচিব জিষ্ণু বৰুৱাৰ নেতৃত্বত পুনৰ এখন উচ্চস্তৰীয় কমিটি গঠন কৰা হয়। কিন্তু এই  সমিতিয়ে নিৰ্ধাৰিত সময়সীমাৰ ভিতৰত প্ৰতিবেদন দাখিল কৰিব নোৱাৰিলে।

প্ৰকাশিত খবৰ অনুসৰি যোৱা দুটা মাহত এই সমিতিয়ে মাত্ৰ এবাৰহে বৈঠক অনুষ্ঠিত কৰিছে।

এ পি এছ চিৰ নিযুক্তি কেলেংকাৰীৰ দৰে গুৰুত্বপূৰ্ণ বিষয় এটাত ব্যৱস্থা লোৱাৰ ক্ষেত্ৰত দেখুওৱা হেমাহিয়ে প্ৰমাণ কৰিছে যে অভিযুক্তসকলে শাস্তি পোৱাটো চৰকাৰে বিচৰা নাই। কেৱল এখনৰ পিছত এখন  কমিটি গঠন কৰিয়ে চৰকাৰে দায়িত্ব সামৰিব বিচাৰিছে। মুখত দুৰ্নীতিৰ বিৰুদ্ধে বৰ বৰ কথা ক’লেও চৰকাৰে প্ৰকৃততে দুৰ্নীতিগ্ৰস্তক ৰক্ষণাবেক্ষণ দিয়াৰহে চেষ্টা চলাইছে।

লগতে পঢ়ক: President Election 2022 বিৰোধীৰ প্ৰাৰ্থী যশোৱন্ত সিনহাক পৰাস্ত কৰি দেশৰ ৰাষ্ট্ৰপতি হিচাবে নিৰ্বাচিত দ্ৰৌপদী মুৰ্মু

ইয়াৰ ফলত যেনেকৈ সমগ্ৰ সমাজখনৰে বৃহৎ ক্ষতি হৈছে ঠিক তেনেকৈ মেধাসম্পন্ন প্ৰাৰ্থীসকল গভীৰ অন্যায়ৰ স্বীকাৰ হৈছে।

ডি ৱাই এফ আইৰ দাবী যে শীঘ্ৰে দুৰ্নীতিত অভিযুক্ত সকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰক আৰু এ পি এছ চিক এক নিকা, স্বচ্ছ প্ৰতিষ্ঠান হিচাপে গঢ়ি তোলক।