অৱশেষত বহুতে ভবাৰ দৰেই বিজেপি নেতৃত্বাধীন এনডিৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী দ্ৰৌপদী মুৰ্মু দেশৰ ৰাষ্ট্ৰপতি হিচাবে নিৰ্বাচিত হ’ল।
ভোট গণনাৰ প্ৰথম ৰাউণ্ডৰ পৰাই দ্ৰৌপদী মুৰ্মুৰ বিজয় নিশ্চিত বুলি স্পষ্ট হৈ পৰিছিল । অৱশেষত সেই সম্ভাৱনাকেই সঁচা প্ৰমাণ কৰি মুৰ্মু ৰাষ্ট্ৰপতি হিচাবে নিৰ্বাচিত হয়। বৃহস্পতিবাৰে গণনা আৰম্ভ হোৱাৰ লগে লগে দ্ৰৌপদী মুৰ্মু বহু আগবাঢ়ি আছিল।
প্ৰথম ৰাউণ্ডৰ শেষত দ্ৰৌপদী মুৰ্মুৱে ৫৪০ টা ভোট লাভ কৰে, আনহাতে বিৰোধী দলৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী যশৱন্ত সিনহাই ২০৮ টা ভোট লাভ কৰে। দ্ৰৌপদী মুৰ্মুৱে দ্বিতীয় পৰ্যায়ৰ গণনাত একেধৰণে আধিপত্য বিস্তাৰ কৰিছিল। প্ৰথম ৰাউণ্ডত সাংসদসকলৰ ভোট গণনাৰ পিছত মুৰ্মুৱে ৩,৭৮,০০০ মূল্যৰ সৈতে ৫৪০ টা ভোট লাভ কৰে। ইয়াৰ বিপৰীতে যশৱন্ত সিনহাই ১,৪৫,৬০০ মূল্যৰ ২০৮টা ভোট লাভ কৰে বুলি ৰাজ্যসভাৰ মহাসচিব পিচি মোদীয়ে প্ৰকাশ কৰিছে।
দ্বিতীয় পৰ্যায়ৰ ভোট গণনাৰ পিছত, দ্ৰৌপদী মুৰ্মুৱে মুঠ ১১৩৮ টা ভোটৰ ভিতৰত ৮০৯ টা ভোট লাভ কৰে। যশৱন্ত সিনহাই ৩২৯ টা ভোট লাভ কৰে। ইয়াৰ ভিতৰত দ্ৰৌপদী মুৰ্মুৰ ভোটৰ মূল্য হৈছে ১,০৫,২৯৯ আৰু যশৱন্ত সিনহাই লাভ কৰা ভোটৰ মূল্য হৈছে ৪৪,২৭৬ ।
প্ৰায় ৯৯ শতাংশ সাংসদ আৰু বিধায়কে ভোট দান কৰা নিৰ্বাচনত মুৰ্মু জয়ী হোৱাত স্বাভাৱিকতে গেৰৱা শিবিৰত আনন্দৰ লহৰ উঠিছে। উল্লেখ্য বৰ্তমানৰ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ কাৰ্যকাল ২৪ জুলাইত শেষ হ’ব। ২৫ জুলাইত দেশৰ নতুন ৰাষ্ট্ৰপতি হিচাবে মুৰ্মুৱে শপত গ্ৰহণ কৰিব।
উল্লেখ্য যে দ্ৰৌপদী মুৰ্মু ২০১৫ চনত ঝাৰখণ্ডৰ নৱম ৰাজ্যপাল হিচাপে নিযুক্ত হৈছিল আৰু পাঁচ বছৰৰ কাৰ্যকাল সম্পূৰ্ণ কৰা ঝাৰখণ্ডৰ প্ৰথম ৰাজ্যপাল হিচাপে পৰিগণিত হৈছিল। লগতে তেওঁ ৰাজ্যখনৰ প্ৰথম গৰাকী মহিলা ৰাজ্যপাল হিচাপেও ইতিহাস ৰচিছিল।
নেত্ৰীগৰাকীয়ে বিজেপিৰ হৈ দুবাৰকৈ বিধায়ক হিচাপে নিৰ্বাচিত হৈছিল। উৰিষ্যাৰ বিজেডি আৰু বিজেপি মিত্ৰজোঁটৰ চৰকাৰৰ সময়ত তেওঁ পৰিবহন, পশুপালন আৰু মীন পালন বিভাগৰ দৰে গুৰুত্বপূৰ্ণ বিভাগৰ মন্ত্ৰীৰ দায়িত্ব পালন কৰিছিল।
কাউন্সিলৰ হিচাপে ৰাজনৈতিক কেৰিয়াৰ আৰম্ভ কৰা মুৰ্মু পিছত ৰায়ৰংপুৰ ৰাষ্ট্ৰীয় উপদেষ্টা পৰিষদ বা এনএচিৰ উপাধ্যক্ষ হৈছিল। তেওঁ বিজেপিৰ অনুসূচীত জনজাতি মৰ্চাৰ উপ সভাপতি হিচাপেও দায়িত্ব গ্ৰহণ কৰিছিল।২০১৭ চনৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ সময়তো দ্ৰৌপদী মুৰ্মুৰ নাম চৰ্চালৈ আহিছিল। অৱশ্যে পিছত দলিত নেতা ৰামনাথ কোবিন্দক বিজেপিয়ে ৰাষ্ট্ৰপতি পদৰ বাবে মনোনীত কৰিছিল।