পৰিবহন বিভাগৰ ‘অভিযান চাৰখাৰ’ৰ বিৰুদ্ধে শিৱসাগৰত প্ৰতিবাদত বহিল ই-ৰিক্সা চালক

E-rikshaw sibsagar.png protest

ফটো: নৰ্থইষ্ট নাও।

শিৱসাগৰৰ ই-ৰিক্সা চালকসকলৰ ওপৰত অত্যাধিক কৰ, জৰিমণা বৃদ্ধি কৰাৰ লগতে বহু ই-ৰিক্সা জব্দ কৰাৰ পিছত বৃহস্পতিবাৰে পৰিস্থিতি উত্তপ্ত হৈ পৰে।

ই-ৰিক্সাৰ পৰা ১০ৰ পৰা ৫০ হেজাৰ টকা পৰ্যন্ত জৰিমণা বিহাৰ লগতে বহু ই-ৰিক্সা জব্দ কৰাত উপায়হীন হৈ কেইবাশতাধিক চালকে আজি কামকাজ বন্ধ কৰি তীব্ৰ প্ৰতিবাদ সাৱ্যস্ত কৰে।

লগতে পঢ়ক: ৰাছিয়া-ইউক্ৰেইন যুদ্ধ: থমকি ৰৈছে নাটো! ইউক্ৰেইনলৈ সৈন্য প্ৰেৰণ নকৰাৰ সিদ্ধান্ত

পৰিবহণ বিভাগৰ বিৰুদ্ধে বৰ্ডিং খেলপথাৰত সমবেত হৈ ক্ষোভ প্ৰকাশ কৰে  ই-ৰিক্সা চালকসকলে ।

ইপিনে, পৰিবহণ বিভাগে অত্যাধিক জৰিমণা বিহা কাৰ্যক ৰাইজৰ দলেও গৰিহণা দিয়াৰ লগতে ই-ৰিক্সা চালকসকলৰ পক্ষত থাকি তেওঁলোকৰ প্ৰতিবাদক সমৰ্থন জনায়।