কামৰূপ মেট্ৰ’ত কোভিডত মৃত্যু ঘটা প্ৰতিগৰাকী লোকৰ উত্তৰাধিকাৰীয়ে লাভ কৰিব ৫০ হাজাৰ টকাৰ সাহায্য

কালান্তক কোভিডত প্ৰাণ হানি ঘটা কামৰূপ মেট্ৰ’ৰ প্ৰতিগৰাকী মৃতকৰ উত্তৰাধিকাৰীক ৫০ হাজাৰ টকাৰ এক সাহায্য আগবঢ়োৱা হ’ব।

আজি কামৰূপ মেট্ৰ’ৰ উপায়ুক্ত তথা জিলা দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ অধ্যক্ষ এই কথা প্ৰকাশ কৰিছে।

উপায়ুক্তগৰাকীয়ে জাৰি কৰা জাননী অনুসৰি কামৰূপ মেট্ৰ’ জিলাত কোভিডত মৃত্যু ঘটা লোকৰ বৈধ উত্তৰাধিকাৰী (নেক্সট অব কিন) ক এই ৫০ হাজাৰ টকাৰ সাহায্য প্ৰদান কৰা হ’ব।

ইয়াৰ বাবে প্ৰয়োজনীয় প্ৰ-পত্ৰ আদি কামৰূপ মেট্ৰ’ জিলাৰ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ পৰা সংগ্ৰহ কৰিব লাগিব।

ইয়োৰোপৰি কামৰূপ মেট্ৰ’ জিলাৰ উপায়ুক্তৰ কাৰ্যালয়, জিলা দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ কাৰ্যালয়ৰ পৰাও প্ৰ-পত্ৰ সংগ্ৰহ কৰিব পৰা যাব।