NORTHEAST NOW (Assamese)

দিন হাজিৰা কৰা শ্ৰমিক হিচাপে ৪.৮৮ কোটি টকা উপাৰ্জন! আয়কৰৰ জাননী পোৱাৰ পাছত স্তম্ভিত বৃদ্ধা

April 10, 2025 8:12 am · এন ই নাও নিউজ, গুৱাহাটী

এগৰাকী মহিলা… যাৰ দৰিদ্ৰতা অহৰহ সংগী। মহিলাগৰাকীয়ে দিন হাজিৰাৰ হিচাপে কাম কৰে আৰু পৰিয়াল পোহপাল দিয়ে। উত্তৰ প্ৰদেশৰ সবাৰা নামৰ এগৰাকী বৃদ্ধা আয়কৰ বিভাগৰ পৰা জাননী পোৱাৰ পাছতে হতচকিত হৈ পৰে

অভিযোগ অনুসৰি ২০২১-২২ বিত্তীয় বৰ্ষত ৪ কোটি ৮৮ লাখ টকাতকৈ অধিক উপাৰ্জন কৰিও তেওঁ এটাও আয়কৰ ৰিটাৰ্ণ দাখিল কৰা নাছিল। জানিব পৰা মতে, মহিলাগৰাকীৰ ঘৰত এখন জাননী পঠিওৱা হৈছিল, ত মহিলাগৰাকীয়ে সেই জাননীখন তৎক্ষণাত পৰিশোধ কৰিব লাগিব। জাননীখনত প্ৰশ্ন কৰা হৈছে যে সংশ্লিষ্ট বিত্তীয় বৰ্ষত সময়মতে ৰিটাৰ্ণ দাখিল নকৰাৰ বাবে তেওঁৰ বিৰুদ্ধে কিয় ব্যৱস্থা গ্ৰহণ কৰা নহ সেইবিষয়ে সোধা হৈছে

মহিলাগৰাকীয়ে স্বামী ছামছুদ্দিনৰ সৈতে উত্তৰ প্ৰদেশৰ য়ছৰানা চহৰৰ এখন বস্তিত থাকে। ৩০ মাৰ্চত ডাকঘৰৰ জৰিয়তে আয়কৰ বিভাগৰ পৰা জাননী পোৱাত তেওঁ স্তম্ভিত হৈ পৰে।

এই জাননীৰ কপি ছচিয়েল মিডিয়াত ভাইৰেল হৈছে। যত স্পষ্টকৈ লিখা আছে যে তেওঁ ৪,৮৮,৩৭,৯২৭ টকীয়া কৰযোগ্য আয় ফাঁকি দিছে। কিয় এনে কাম কৰিলে আৰু আয়কৰ আইন, ১৯৬১ৰ ১৪৮ নং ধাৰাত তেওঁৰ বিৰুদ্ধে কিয় ব্যৱস্থা গ্ৰহণ কৰা নহ, সেই বিষয়ে অতি সোনকালে উত্তৰ দিবলৈ কোৱা হৈছে।

অধিবক্তা সঞ্জয় জৈনে (আয়কৰ) কয় যে এনে জাননী প্ৰায়ে ভুলতে বা প্ৰক্ৰিয়াগত ভুলৰ বাবে জাৰি কৰা হয়। আধাৰ নম্বৰ জালিয়াতিৰ গোচৰ হব পাৰে বুলি তেওঁ সন্দেহ ব্যক্ত কৰিছে। সঠিক তদন্তৰ জৰিয়তে বিষয়টো শীঘ্ৰে সমাধান কৰিব লাগিব। তেওঁ লগতে কয় যে বৃদ্ধাগৰাকীয়ে এতিয়া বিষয়টো সমাধানৰ বাবে আইনী সহায় বিচাৰিব লাগিব আৰু নিৰ্দিষ্ট সময়ৰ ভিতৰতে আয়কৰ বিভাগক তেওঁৰ সমস্যাৰ বিষয়ে অৱগত কৰিব লাগিব।

Related News