CAA বিৰোধী প্ৰতিবাদৰ মাজতে দিল্লীত ভূমিকম্পৰ জোকাৰণি

Earthquake

প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ

নতুন দিল্লীত নাগৰিকত্ব (সংশোধনী) আইন বিৰোধী প্ৰতিবাদ অব্যাহত থকাৰ সময়তে আজি আবেলি এটা মধ্যমীয়া প্ৰাবল্যৰ ভূমিকম্পই দিল্লী-এন চি আৰ আৰু ইয়াৰ দাতিকাষৰীয়া অঞ্চলসমূহক জোকাৰি যায়।

আফগানিস্তান উৎপত্তি স্থল বুলি চিনাক্ত হোৱা ৰিখটাৰ স্কেলত ৬.৩ প্ৰাবল্যৰ ভূমিকম্পই কিছুসময়ৰ বাবে ৰাজধানী দিল্লীত জোকাৰণি তোলে।

আবেলি ৫ বজাত ভূমিকম্পটোৰ জোকাৰণি অনুভৱ হয়।

আফগানিস্তানৰ লগতে ভূমিকম্পটোৰ জোকাৰণি পাকিস্তান, ভাৰত আৰু ৰাছিয়াৰ কিছু অংশত অনুভূত হয়।

আফগানিস্তানত ভূমিকম্পৰ ফলত কিছু পৰিমানে ৰাজহুৱা আৰু ব্যক্তিগত সা-সম্পত্তিৰ ক্ষতিসাধন হৈছে।

ভূমিকম্পটোৰ পাছতে দিল্লী-এন চি আৰৰ বিভিন্ন স্থানত ৰাইজ ঘৰৰ বাহিৰলৈ ওলাই আহে।

আনহাতে, ভূমিকম্পটোৰ ফলত দিল্লীত ক্ষয়-ক্ষতি হোৱাৰ কোনোধৰণৰ বাতৰি বৰ্তমানলৈ লাভ কৰা হোৱা নায়।