গুৱাহাটীকে ধৰি ৰাজ্যৰ বিভিন্ন স্থানক জোকাৰি গ’ল ভূমিকম্পই

earthquake-1580261390-750x375

আজি নিশা ৯.০৬ বজাত এক শক্তিশালী ভূমিকম্পই জোকাৰি গ’ল গুৱাহাটী মহানগৰীকে ধৰি ৰাজ্যৰ বিভিন্ন অঞ্চল।ভূমিকম্পৰ ফলত এতিয়ালৈকে কোনো স্থানৰ পৰা কোনো ক্ষয়-ক্ষতিৰ বাতৰি অহা নাই। ভূমিকম্পটোৰ প্ৰাৱল্য আছিল ৰিখটাৰ স্কেলত ৪.২।উৎপত্তিস্থল পশ্চিম গুৱাহাটীৰ পৰা ৪৪ কিলোমিটাৰ নিলগত।

উল্লেখ্য ৰাজ্যত সঘনে ভূমিকম্প হোৱাৰ কথাই  এতিয়া শংকিত কৰি তুলিছে বহুতকে। উল্লেখ্য  সোমবাৰে নিশা ১বাজি ২৮ মিনিট ৩১ ছেকেণ্ডতো এটা ভূমিকম্পৰ জোকাৰণি অনুভূত হৈছিল।

ৰিখটাৰ স্কেলত ভূমিকম্পটোৰ প্ৰাবল্য আছিল ৪.৪ মেগনিটিউড।

ভূমিকম্পটোৰ উৎপত্তিস্থল  ভূপৃষ্ঠৰ ৫.০ কি. মি. গভীৰতাত বুলি জানিব পৰা গৈছে।

এই ভূমিকম্পৰ ফলত কোনো লোক হতাহত হোৱা খবৰ পোৱা হোৱা নাই।

উল্লেখ্য যে উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্য সমূহক সঘনাই জোকাৰি গৈছে সৰু-বৰ ভূমিকম্পই।

যোৱা শনিবাৰে সন্ধিয়াও নামনি অসমত এটা মৃদু ভূমিকম্পৰ জোকাৰণি অনুভূত হৈছিল।

শনিবাৰে সন্ধিয়া ৮ বাজি ১৮ মিনিট ৩৮ ছেকেণ্ডত অনুভূত হোৱা ভূমিকম্পটোৰ ফলত কোনো ক্ষয়ক্ষতি নহ’ল।

ৰিখটাৰ স্কেলত ৩.৮ প্ৰাবল্যৰ ভূমিকম্পটোৰ অভিকেন্দ্ৰ আছিল বঙাইগাওঁ।

ভূমিকম্পটোৰ উৎপত্তিস্থল আছিল ভূপৃষ্ঠৰ ১০ কি. মি. গভীৰতাত।

আনহাতে, দেওবাৰে পুৱা মিজোৰামক জোকাৰি গৈছিল আন এক ভূমিকম্পই। পুৱা ৭.২৮ বজাত অনুভূত ভূমিকম্পটোৰ প্ৰাৱল্য আছিল ৰিখটাৰ স্কেলত ৪.৬।

মিজোৰামত প্ৰায়ে ভূমিকম্প হৈ থকাৰ কথাই চিন্তিত কৰি তুলিছে ৰাজ্য খনৰ বাসিন্দাসকলক।

নেছনেল চেণ্টোৰ ফ’ৰ ছিচম’ল’জিয়ে প্ৰকাশ কৰা তথ্য অনুসৰি এই ভূমিকম্পটোৰ উৎপত্তিস্থল আছিল চাম্ফাইৰ ভূ-গৰ্ভৰ ৪৫ কিলোমিটাৰ অভ্যন্তৰত।