উঃপূৱত ইটোৰ পিছত সিটো ভূমিকম্প : নাগালেণ্ডকে ধৰি উত্তৰ পূৱক পুনৰ জোকাৰি গ’ল ভূমিকম্পই

quakemap5995795

পুনৰ এক ভূকম্পনে জোকাৰি গৈছে উত্তৰ পূৰ্বাঞ্চলক।

দেওবাৰে(আজি) পুৱা স্থানীয় সময় ৮.২৯ বজাত ভূগৰ্ভৰ ২৩ কিলোমিটাৰ গভীৰত উৎপত্তি হোৱা ভূমিকম্পটোৰ অভিকেন্দ্ৰ হৈছে উত্তৰ পূৱৰ ৰাজ্য নাগালেণ্ড।

৪.৫ মেগনিটিউড প্ৰাৱল্যৰ ভূমিকম্পটোৰ অভিকেন্দ্ৰ নগালেণ্ডৰ ৰাজধানী চহৰ কোহিমাৰ পৰা ৮৮ কিলোমিটাৰ দূৰত্বৰ টুৱেনচাঙৰ সমীপত।

ইৰোপীয়ান-ভূমধ্যসাগৰীয় ভূকম্পবিদ্যাৰ চেন্টাৰে (EMSC) জনোৱা অনুসৰি ভূমিকম্পটোৰ প্ৰকৃত অভিকেন্দ্ৰ হৈছে টুৱেনচাঙৰ পৰা ৭ কিলোমিটাৰ নিলগত।

ভূমিকম্পটোৱে নাগালেণ্ডৰ টুৱেনচাং মুক’কচাং, জুনহেব’ত’, ৱাখা আৰু কোহিমাসহ অসমৰ মৰিয়ণি, যোৰহাট, শিৱসাগৰ আদিকো কঁপাই যায়।

অৱশ্যে ভূকম্পনৰ ফলত কোনা ধৰণৰ ক্ষয়-ক্ষতিৰ বাতৰি অহা নাই।

উল্লেখ্য যে নৱেম্বৰ মাহতো ছোগা-চোৰোকাকৈ উত্তৰ পূৱত কেবাটাও ভূমিকম্পই অঞ্চলটোক জোকাৰি গৈছে।

যোৱা ১৪ নৱেম্বৰতো দিনৰ ২.২৩ বজাত এক মৃদু প্ৰাৱল্যৰ ভূমিকম্পই জোকাৰি গৈছিল গুৱাহাটীকে ধৰি ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলক।

ভূমিকম্পটোৰ উৎপত্তিস্থল আছিল মিজোৰামৰ চাম্পাই জিলাৰ ভূগৰ্ভৰ ৩০ কিলোমিটাৰ গভীৰত। ভূমিকম্পটোৰ প্ৰাৱল্য আছিল ৰিখটাৰ স্কেলত ৫.২।

১৩ নৱেম্বৰৰ কাহিলী পুৱাতেও ৩.৭ৰিখটাৰ স্কেলৰ এটা মজলীয়া ভূমিকম্পই অসমৰ বিভিন্ন অঞ্চল জোকাৰি যায়।

ভূমিকম্পটোৱে বিশেষকৈ কাৰ্বি আংলং, ডিমা হাচাও আৰু গোলাঘাট জিলাৰ বিভিন্ন অঞ্চল তথা নাগালেণ্ডৰ ডিমাপুৰকে ধৰি কেইবাটাও অঞ্চল জোকাৰি গৈছিল।

ভূমিকম্পটোৰ অভিকেন্দ্ৰ নাগালেণ্ডৰ ডিমাপুৰৰ ৬১ কিলোমিটাৰ উত্তৰ দিশত আছিল আৰু ইয়াৰ গভীৰতা আছিল ভূপৃষ্ঠৰ ১১ কিলোমিটাৰ গভীৰতাত।

৩ নৱেম্বৰৰ সন্ধিয়া ৫ বাজি ২৮ মিনিটত ৩.৫ মেগনিটিউডৰ এক ভূমিকম্পই কৰিমগঞ্জকে ধৰি ইয়াৰ উপকণ্ঠ অঞ্চল জোকাৰি গৈছিল।

নেছনেল চেণ্টোৰ ফ’ৰ ছিচম’ল’জিয়ে প্ৰকাশ কৰা তথ্য অনুসৰি এই ভূমিকম্পটোৰ অভিকেন্দ্ৰ আছিল অসমৰ বৰাক উপত্যকাৰ কৰিমগঞ্জ।

ভূমিকম্পটোৰ উৎপত্তিস্থল ভূপৃষ্ঠৰ ২০ কি. মি. গভীৰতাত আছিল।

সেইদৰে ২ নৱেম্বৰৰ নিশাও ১ বাজি ১৩ মিনিটত ৪.৪ মেগনিটিউডৰ এক ভূমিকম্পই গুৱাহাটীকে ধৰি ইয়াৰ উপকণ্ঠ অঞ্চল জোকাৰি গৈছিল।

নেছনেল চেণ্টোৰ ফ’ৰ ছিচম’ল’জিয়ে প্ৰকাশ কৰা তথ্য অনুসৰি সেই ভূমিকম্পটোৰ অভিকেন্দ্ৰ আছিল মেঘালয়ৰ নংছটইনৰ পৰা প্ৰায় ২২ কিলোমিটাৰ আঁতৰত।

ভূমিকম্পটোৰ অভিকেন্দ্ৰৰ পৰা শ্বিলঙৰ দূৰত্ব ৭৫ কিলোমিটাৰ পশ্চিম দিশত আৰু গুৱাহাটীৰ দূৰত্ব ৮১ কি:মি: দক্ষিণ-পশ্চিম দিশত আছিল।

অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহত সঘনাই সংঘটিত হৈ থকা ভূমিকম্পই স্বাভাৱিকতে ইয়াৰ জনসাধাৰণক উদ্বিগ্ন কৰি ৰাখিছে।