NORTHEAST NOW (Assamese)

লাউ গোম্পাত ভাৰতীয় সেনা বাহিনীৰ দ্বৰা ধনু-কাঁড় প্ৰতিযোগিতাৰ আয়োজন

August 20, 2018 7:01 pm ·

ভাৰতীয় সেনা বাহিনীৰ ব্লেজিং শ্ব’ৰ্ড ডিভিজনৰ ইষ্ট টাৱাং ব্ৰিগেডে অৰুণাচলৰ টাৱাং জিলাৰ অন্তৰ্গত লাউ উন্নয়ন খণ্ডৰ অন্তৰ্গত গোম্পা গাঁৱত আয়োজন কৰিছে ধনু-কাঁড় প্ৰতিযোগিতা। দুদিনীয়াকৈ আয়োজন কৰা এই প্ৰতিযোগিতাখনৰ উদ্দেশ্য হৈছে অসামৰিক প্ৰশাসনৰ লগতে সামৰিক বাহিনীৰ আন আন বিভাগসমূহৰ মাজত সচেতনতা আৰু বান্ধুত্বৰ বান্ধোন সুদৃঢ় কৰা।

এই প্ৰতিযোগিতাখনত  এছএছবি, আইটিবিপি আৰু অৰুণাচল ৰাজ্যিক আৰক্ষীকে আদি কৰি দাঁতিকাষৰীয়া জুংধা, জুং, লাউ গোম্পা আদি গাঁৱৰ বাসিন্দাসকলে সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰে। এই প্ৰতিযোগিতাত মুঠ ১৪টা দলে অংশগ্ৰহণ কৰে।

প্ৰতিযোগিতাত উৰলিং গাঁৱৰ দলটো বিজয়ী হয়।

এই প্ৰতিযোগিতাৰ সৈতে সংগতি ৰাখি ভাৰতীয় সেনা বাহিনীয়ে এটা চিকিৎসা শিবিৰৰো আয়োজন কৰে। এই চিকিৎসা শিবিৰত স্থানীয় লোকসকলে সম্পূৰ্ণ সহযোগিতা আগবঢ়ায়।

এই প্ৰতিযোগিতা আৰু চিকিৎসা শিবিৰ বিশেষকৈ স্থানীয় যুৱচামৰ মাজত যথেষ্ট প্ৰশংসিত হয়। প্ৰতিযোগিতাখন আৰু চিকিৎসা শিবিৰৰ মাজেৰে স্থানীয় যুৱচামে ভাৰতীয় সামৰিক বাহিনীত যোগ দিবলৈ যথেষ্ট উদ্দীপনা লাভ কৰে।

Related News