পুৱাই খাওঁক এইবিধ মছলা : সুস্থ থাকিব লিভাৰ, জিলিকি উঠিব ছাল, নোহোৱা হ’ব অনেক ৰোগ

আমাৰ পাকঘৰত সততে ব্যৱহাৰ হোৱা এবিধ মহৌষধ তথা মচলা হৈছে লং। এই লঙৰ আছে অনেক স্বাস্থ্য উপকাৰিতা।

যুগ যুগ ধৰি মানুহে লঙক মছলা হিচাপে ব্যৱহাৰ কৰি আহিছে। আয়ুৰ্বেদত লঙক অতি উপকাৰী মছলা বুলি গণ্য কৰা হয়। কাৰণ লঙত প্ৰচুৰ পৰিমাণে ভিটামিন, ফাইবাৰ, প্ৰটিন, আইৰণ, কেলচিয়াম, পটাছিয়াম, ফছফৰাছ আৰু এন্টিঅক্সিডেন্ট থাকে।

গতিকে লং খোৱাটো স্বাস্থ্যৰ বাবে অতি উপকাৰী। যদি আপুনি দৈনিক ৰাতিপুৱা খালী পেটত লং চোবাই খাব পাৰে, তেন্তে আপোনাৰ যকৃত সুস্থ হৈ উঠিব।

পুৱা লং চোবাই খোৱাৰ উপকাৰিতা সমূহৰ বিষয়ে জানো আহক –

 

ডাঙৰ ডাঙৰ ৰোগৰ আশংকা কমি যাব

দৈনিক লং চোবাই খালে ডাঙৰ ৰোগৰ সম্ভাৱনাও হ্ৰাস পায়। কেৱল সেয়াই নহয় পেটৰ সমস্যাও ই সমাধান কৰে। আনকি গেছ, হাৰ্টবাৰ্ণৰ সমস্যাও দূৰ কৰে। লিভাৰ সুস্থ কৰি ৰখাত লঙে সহায় কৰে। শৰীৰৰ পৰা অলাগতিয়াল সামগ্ৰী আতৰ কৰি পাচনতন্ত্ৰ শক্তিশালী কৰি তোলে।

 

ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি

ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰিব বিচাৰিলে দৈনিক পুৱা লং চোবাই খাব পাৰে। ইয়াত প্ৰচুৰ পৰিমাণে ভিটামিন চি আৰু এন্টিঅক্সিডেন্ট থাকে। গতিকে যদি আপুনি দৈনিক খালী পেটত লং খায়, তেন্তে ৰক্তকণিকাবোৰে ভালদৰে কাম কৰিব।

 

দাঁতৰ বিষৰ পৰা সকাহ

দৈনিক লং চোবাই খালে দাঁতৰ বিষৰ পৰা পৰিত্ৰাণ পোৱা যায়। কাৰণ লঙত মেংগানিজ থাকে। ইয়াৰ উপৰিও ই আপোনাৰ দাঁতৰ আঁঠু আলু কৰি ৰাখিব। আপোনাৰ মুখৰ দুৰ্গন্ধও দূৰ কৰিব এইবিধ মছলাই। লঙক মাউথৱাছ হিচাপেও ব্যৱহাৰ কৰিব পাৰে।

 

ছালখন জিলিকি উঠিব

পুৱাই লং খালে আপোনাৰ ছালখনৰ উজ্জ্বলতা বৃদ্ধি পাব। কাৰণ ইয়াত প্ৰচুৰ পৰিমাণে এন্টিঅক্সিডেন্ট থাকে। ইয়াত কাৰ্বহাইড্ৰেট থাকে, ভিটামিন থাকে, গতিকে ই আপোনাৰ ছালৰ বাবে অতি উত্তম।

 

মুখৰ দুৰ্গন্ধ আঁতৰি যাব

বহুতৰে মুখৰ দুৰ্গন্ধ থাকে। যদি আপুনি মুখৰ দুৰ্গন্ধ দূৰ কৰিব বিচাৰে তেন্তে দৈনিক লং চোবাই খাব পাৰে।

 

হাড়বোৰ মজবুত হ’ব

হাড় মজবুত কৰি ৰাখিবলৈ সদায় দুই তিনিটা লং চোবাই খাওক। কাৰণ প্ৰতিদিনে ৰাতিপুৱা লং চোবাই খালে হাড়বোৰ মজবুত হ’ব। কাৰণ ইয়াত প্ৰচুৰ পৰিমাণে মেংগানিজ থাকে। বাতবিষৰ সমস্যাৰ পৰাও মুক্তি পাব। লঙে ভৰিৰ ফুলাও দূৰ কৰে।

যদি আপুনি আন কোনো ৰোগত ভুগি আছে এই বিধান গ্ৰহণ কৰাৰ আগতে চিকিৎসকৰ পৰামৰ্শ লওক।