মণিপুৰ বিধানসভা নিৰ্বাচন: ৯ টা বুথত পুনৰ ভোটগ্ৰহণৰ নিৰ্দেশ নিৰ্বাচন আয়োগৰ

Manipur Assembly Election

মণিপুৰ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণৰ সময়ত সংঘৰ্ষ তথা উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হোৱা ৯ টা বুথত পুনৰ ভোটগ্ৰহণৰ নিৰ্দেশ দিছে নিৰ্বাচন আয়োগে।

নতুনকৈ পুনৰ ভোটগ্ৰহণ হ’বলগীয়া এই ৯ টা বুথ চুৰাচান্দপুৰ জিলাত অৱস্থিত।

এই ৯ টা বুথৰ ভিতৰত আছে থানলন (এছটি) বিধানসভা সমষ্টিৰ অন্তৰ্গত চংচাং মিছন স্কুল, মাইট এমই স্কুল আৰু টিনচুয়ং এমই স্কুল।

সেইদৰে হেংলেপ (এছটি) বিধানসভা সমষ্টিৰ অন্তৰ্গত মজুৰন কুকি, খোইৰেণ্টক, মোলচাং, লিনোম আৰু সিংঘাট (এছটি) বিধানসভা সমষ্টিৰ তেইকোট আৰু মৌকোট ভোটকেন্দ্ৰত পুনৰ ভোটগ্ৰহণ অনুষ্ঠিত হ’ব।

মণিপুৰ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ ২৮ ফেব্ৰুৱাৰীত অনুষ্ঠিত হৈছিল। ভোটগ্ৰহণ চলি থকাৰ সময়তে ৰাজ্যখনৰ কিছু অংশৰ পৰা নিৰ্বাচনী হিংসা তথা সংঘৰ্ষ আৰু অবৈধ ভোটদানৰ কেইবাটাও ঘটনা পোহৰলৈ আহিছিল।

মণিপুৰৰ সাতটা ভোটকেন্দ্ৰত ই ভি এম ক্ষতিৰ ঘটনাৰ ওপৰত এজাহাৰ পঞ্জীয়ন কৰা হৈছে বুলি মুখ্য নিৰ্বাচনী বিষয়া ৰাজেশ আগৰৱালাই সংবাদ মাধ্যমৰ আগত উল্লেখ কৰে।