মাৰ্চৰ প্ৰথম সপ্তাহতেই লোকসভা নিৰ্বাচনৰ দিন ঘোষণাৰ সম্ভাৱনা নিৰ্বাচন আয়োগৰ

Andhra-Pradesh-Odisha-Sikkim-Arunachal-Pradesh-polls-with-LS-elections-likely-680x365_c

ভাৰতীয় নিৰ্বাচন আয়োগে দেশখনৰ আগন্তুক লোকসভা নিৰ্বাচনৰ দিন মাৰ্চৰ প্ৰথম সপ্তাহতেই ঘোষণা কৰাৰ আশা আছে বুলি এটা সূত্ৰত প্ৰকাশ। উল্লেখ্য যে বৰ্তমানৰ লোকসভাখনৰ কাৰ্যকাল চলিত বৰ্ষৰ ৩ জুনত সমাপ্ত হ’ব।

নিৰ্বাচন আয়োগে কোন মাহত আৰু কেইটা পৰ্যায়ত লোকসভা নিৰ্বাচন অনুষ্ঠিত কৰা হ’ব তাৰেই প্ৰক্ৰিয়া আৰম্ভ কৰিছে বুলি সূত্ৰটোৱে প্ৰকাশ কৰিছে।

সূত্ৰটোৱে আৰু জনাইছে যে পৰ্যায়সমূহৰ তালিকাভুক্তকৰণ নিৰ্ভৰ কৰিব নিৰাপত্তাৰক্ষীৰ উপলব্ধতা আৰু আন আন প্ৰয়োজনীয়তাৰ ওপৰত। তেওঁলোকে আৰু জনাইছে যে মাৰ্চৰ প্ৰথম সপ্তাহতেই লোকসভা নিৰ্বাচন অনুষ্ঠিত কৰা হ’ব।

নিৰ্বাচন আয়োগে লোকসভা নিৰ্বাচনৰ লগে লগে অন্ধ্ৰ প্ৰদেশ, উৰিষ্যা, ছিকিম আৰু অৰুণাচল প্ৰদেশৰ বিধানসভা নিৰ্বাচন অনুষ্ঠিত কৰাৰ সম্ভাৱনা আছে।

জম্মু আৰু কাশ্মীৰত যিহেতু বিধানসভা ভংগ কৰি দিয়া হৈছে, সেয়েহে ইয়াত ৬ মাহৰ ভিতৰত নতুনকৈ নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ নিৰ্বাচন আয়োগ বাধ্য।

উল্লেখ্য যে স্বাভাৱিক অৱস্থাত জম্মু কাশ্মীৰৰ বিধাৰসভাৰ ৬ বছৰীয়া কাৰ্যকাল  ২০২১ৰ ১৬ মাৰ্চত সমাপ্ত হ’লহেতেন। জম্মু কাশ্মীৰৰ বাদে ভাৰতৰ আন আন ৰাজ্যৰ বিধানসভাৰ কাৰ্যকাল ৫ বছৰীয়া।

উল্লেখ্য যে ২০০৪ চনত নিৰ্বাচন আয়োগে ফেব্ৰুৱাৰিৰ ২৯ তাৰিখে ৪টা পৰ্যায়ৰ নিৰ্বাচন ঘোষণা কৰিছিল। এপ্ৰিলৰ ২০ তাৰিখে প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ আৰম্ভ কৰা হৈছিল আৰু মে’ৰ ১০ তাৰিখে অন্তিম পৰ্যায়ৰ ভোটগ্ৰহণ হৈছিল।

আনহাতে ২০০৯ চনত নিৰ্বাচন আয়োগে মাৰ্চৰ ২ তাৰিখে ৫টা পৰ্যায়ৰ লোকসভা নিৰ্বাচন ঘোষণা কৰিছিল। এপ্ৰিলৰ ১৬ তাৰিখে প্ৰথম ভোটগ্ৰহণ হৈছিল আৰু মে’ৰ ১৩ তাৰিখে অন্তিম পৰ্যায়ৰ ভোটগ্ৰহণ হৈছিল।

ইয়াৰ বিপৰীতে, ২০১৪ চনত মাৰ্চৰ ৫ তাৰিখে ৯টা পৰ্যায়ৰ লোকসভা নিৰ্বাচন ঘোষণা কৰিছিল। এপ্ৰিলৰ ৭ তাৰিখে প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ আৰু মে’ মাহৰ ১২ তাৰিখে অন্তিম পৰ্যায়ৰ ভোটগ্ৰহণ অনুষ্ঠিত কৰা হৈছিল।