মৰিগাঁৱত ECBC ৰ বিষয়ত সজাগতা তথা প্ৰশিক্ষণ কাৰ্যসূচী

a com

আজি মৰিগাঁও জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত পুৱা ১১.৩০ বজাত জিলা উপায়ুক্ত  লীনা দাসৰ সভাপতিত্বত ECBC (Energy Conservation Building Code) ৰ  বিষয়ে  এক সজাগতা তথা প্ৰশিক্ষণ কাৰ্যসূচী ৰূপায়ণ কৰা হয় ।

ভাৰত চৰকাৰৰ শক্তি মন্ত্ৰালয়ে বাণিজ্যিক গৃহ নিৰ্মাণৰ ক্ষেত্ৰত স্থানীয় জলবায়ুৰ  লগত সংগতি ৰাখি কিদৰে স্বাস্থ্য সন্মত ভাবে গৃহ নিৰ্মাণ কৰিব লাগে ইয়াৰ বিষয়ে  এক নিয়মাৱলী নিৰ্দ্ধাৰণ কৰিছে ।

অসম ৰাজ্যিক ডেজিগনেটেড সংস্থাৰ সহযোগত অসমৰ ECBC ৰ কোষে চৰকাৰৰ প্ৰযুক্তিৰ পেছাদাৰী সকলৰ মাজত সজাগতা আনিবলৈ আজি এই কাৰ্যসূচী অনুষ্ঠিত কৰা হয় ।

  ECBC ৰ জ্যেষ্ঠ প্ৰকল্প বিষয়া অঙ্গনা দাস আৰু দানে ডেনিয়েলে পাৱাৰ পইন্টৰ যোগেদি ECBC ৰ ওপৰত বিস্তৃত ভাবে আলোচনা আগবঢ়ায় ।

ECBC ৰ মাষ্টাৰ ট্ৰেইনাৰ ৰাগিনী  গোস্বামীয়েও বাণিজ্যিক গৃহ নিৰ্মাণৰ ক্ষেত্ৰত লব লগীয়া সাৱধানতা আৰু পৰিকল্পনাৰ মাজেদি গৃহ নিৰ্মাণ কৰিলে কি কি দিশত লাভান্বিত হ’ব পাৰি তাৰ ওপৰত সাৱলীল ভাৱে বিশ্লেষণ দাঙি ধৰে ।

জিলা উপায়ুক্ত লীনা দাসে আজিৰ এই কাৰ্যসূচীত অংশ গ্ৰহণ কৰি আয়ত্ব কৰা শিক্ষা সমূহ ভবিষ্যতে জিলা খনৰ উন্নয়নৰ কামত খটুৱাবলৈ সকলোকে আহ্বান জনায় ।

কাৰ্যসূচীত জিলা খনৰ বিভিন্ন বিভাগৰ অভিযন্তা সকল উপস্থিত আছিল বুলি জিলা তথ্য আৰু জনসংযোগ বিষয়া সুনীতি নাৰ্জাৰীয়ে এক প্ৰেছ বাৰ্তাৰ জড়িয়তে জানিবলৈ দিয়ে।