NORTHEAST NOW (Assamese)

Fifa World Cup 2022: ফিফা বিশ্বকাপৰ প্ৰথমখন খেলত আয়োজক কাটাৰক ২-০ গ’লত পৰাস্ত কৰিলে ইকুৱেডৰে

November 21, 2022 7:47 am · এন ই নাও নিউজ, গুৱাহাটী

Ecuador beat Qatar by 2 goals in the opening game ফিফা বিশ্বকাপৰ দেওবাৰে প্ৰথমখন খেলত ইকুৱেডৰে আয়োজক দেশ কাটাৰক ২-০ গ’লৰ ব্যৱধানত পৰাস্ত কৰে।

মধ্যপ্ৰাচ্যত অনুষ্ঠিত প্ৰথম বিশ্বকাপৰ খেলখনত তৃতীয় মিনিটত ইকুৱেডৰে বলটো প্ৰতিপক্ষ আয়োজক কাটাৰৰ নেটলৈ প্ৰেৰণ কৰে। কিন্তু অফচাইডৰ বাবে সেই গ’লটো হোৱা নাছিল।

কিন্তু ইকুৱেডৰে লক্ষ্যত আঘাত কৰিবলৈ বেছি সময় অপেক্ষা কৰিব লগা হোৱা নাছিল। ১৬ মিনিটত ভেলেন্সিয়াই প্ৰথম গ’লটো কৰে। এনেদৰেই তেওঁ মৰুদেশৰ বুকুত প্ৰথম বিশ্বকাপৰ প্ৰথম গোলদাতা হিচাপে ইতিহাসৰ পৃষ্ঠাত স্থান লাভ কৰিলে।

খেলখনৰ ৩২ মিনিটত ইকুৱেডৰে ব্যৱধান দুগুণ কৰে। এইবাৰো ভেলেন্সিয়াই হৈছে গোলদাতা। তেওঁ এংগোলা প্ৰেচিয়াডোৰ পাছ লৈ গ’লটো কৰে।

ইকুৱেডৰে প্ৰথমাৰ্ধ ২-০ ৰ অগ্ৰগতিৰে সমাপ্ত কৰে। আনকি বিৰতিৰ পাছতো লেটিন আমেৰিকাৰ দলটোৱে আধিপত্য বজাই ৰাখিছিল।

ইকুৱেডৰে অৱশ্যে খেলৰ অন্তিম ভাগত আৰু কোনো গ’ল কৰিব নোৱাৰিলে। নিৰ্ধাৰিত সময়ৰ শেষত তেওঁলোকে ২-০ ব্যৱধানত বিজয়েৰে খেলপথাৰ ত্যাগ কৰে।

Related News