ইউকো বেংকৰ প্ৰাক্তন অধ্যক্ষ তথা পৰিচালন সঞ্চালক সুবোধ কুমাৰ গোৱেলক গ্ৰেপ্তাৰ কৰিছে বলবৎকাৰী সঞ্চালকালয়ে (ইডি)। বেংকৰ ঋণ জালিয়াতিৰ গোচৰৰ সৈতে জড়িত বিত্তীয় কেলেংকাৰীৰ গোচৰত তেওঁক গ্ৰেপ্তাৰ কৰিছে। সোমবাৰে গ্ৰেপ্তাৰৰ কথা ঘোষণা কৰে ইডিয়ে। ৬,২০০ কোটি টকা আত্মসাৎ কৰাৰ অভিযোগ উত্থাপন হৈছে ইউকো বেংকৰ প্ৰাক্তন মুৰব্বীগৰাকীৰ বিৰুদ্ধে।
ইডিৰ তথ্য অনুসৰি ১৬ মে’ত সুবোধ কুমাৰ গোৱেলক তেওঁৰ দিল্লীৰ বাসগৃহৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছিল। ১৭ মে’ত তেওঁক কলকাতাৰ পিএমএলএ আদালতত হাজিৰ কৰা হৈছিল। সেই আদালতে সুবোধ গোৱেলক ২১ মে’লৈকে ইডিৰ জিম্মাত ৰখাৰ নিৰ্দেশ দিছে।
এপ্ৰিল মাহত ইডিয়ে বিত্তীয় অনিয়মৰ তদন্তৰ বাবে ইউকো বেংকৰ এজন প্ৰাক্তন কাৰ্যবাহীৰ ঘৰতো অভিযান চলাইছিল। কলকাতাৰ কোম্পানী কনকাষ্ট ষ্টীল এণ্ড পাৱাৰ লিমিটেডৰ লগতে আন কেইবাটাও কোম্পানীক দিয়া ঋণত জালিয়াতি কৰাৰ অভিযোগ উত্থাপন হৈছে ইউকোৰ প্ৰাক্তন মুৰব্বীগৰাকীৰ বিৰুদ্ধে। সেই কাৰণে তেওঁক কলকাতাৰ পিএমএলএ আদালতত হাজিৰ কৰা হয়।
ইডিৰ দাবী, সুবোধ গোৱেলে ইউকো বেংকৰ অধ্যক্ষ হৈ থকাৰ সময়ত কনকাষ্ট ষ্টীল এণ্ড পাৱাৰ লিমিটেড (চিএছপিএল)ক ৬,২১০ কোটি টকাৰ ঋণ অনুমোদন জনাইছিল। পিছত ঋণ লোৱা কোম্পানীটোৱে লাহে লাহে সেই ধন উলিয়াবলৈ আৰম্ভ কৰে।
অভিযোগ অনুসৰি ঋণৰ ধনৰ বৃহৎ অংশ গোৱেলে লাভ কৰিছিল। বেংকৰ বিষয়াজনে লাভ কৰিছিল নগদ ধন, গহনা, ৰিয়েল এষ্টেট, হোটেল বুকিং, বিলাসী সামগ্ৰী। এই সকলোবোৰ চি এছ পি এলৰ মালিকৰ পৰিয়ালৰ পৰা লাভ কৰিছিল। এই আৰ্থিক জালিয়াতিৰ গোচৰত গ্ৰেপ্তাৰ হৈছে সুবোধ কুমাৰ গোৱেল। ইয়াৰ পূৰ্বে যোৱা বছৰৰ ডিচেম্বৰ মাহত ইডিয়ে চি এছ পি এলৰ মুখ্য প্ৰমোটাৰ সঞ্জয় সুৰেকাক গ্ৰেপ্তাৰ কৰিছিল।