NORTHEAST NOW (Assamese)

বাসভৱনত তালাচীৰ পিছতে সঞ্জয় ৰাউটক আটক এনফ’ৰ্চমেণ্ট ডাইৰেক্টৰেটৰৰ

July 31, 2022 8:51 pm · এন ই নাও নিউজ, গুৱাহাটী

মুম্বাইৰ পাত্ৰ চাওল ভূমি কেলেংকাৰী গোচৰত শিৱসেনাৰ নেতা সঞ্জয় ৰাউটৰ আটক কৰিছে এনফ’ৰ্চমেণ্ট ডাইৰেক্টৰেটে। তেওঁৰ মুম্বাইস্থিত বাসগৃহত দিনজোৰা অভিযানৰ পিছতে কেন্দ্ৰীয় সংস্থাটোৱে ৰাউটক আটক কৰে।

আজি পুৱা ৭ বজাতেই চিআইএছএফৰ বিষয়াসকলৰ সৈতে এনফ’ৰ্চমেণ্ট ডাইৰেক্টৰেটৰ এটা দল মুম্বাইৰ পূব উপনগৰৰ বান্দুপত থকা ৰাউতৰ ঘৰত উপস্থিত হৈ তালাচী আৰম্ভ কৰিছিল।

উল্লেখ্য যে যোৱা ২৮ জুনত সঞ্জয় ৰাউটক এনফ’ৰ্চমেণ্ট ডাইৰেক্টৰেটে ১,০৩৪ কোটি টকাৰ পাত্ৰ চাওল ভূমি কেলেংকাৰী সম্পৰ্কীয় মানি লণ্ডাৰিং গোচৰ সন্দৰ্ভত চমন জাৰি কৰিছিল।

সূত্ৰ অনুসৰি ইডি- এ ডিএইচএফএল-য়েছ বেংক গোচৰ সন্দৰ্ভতো সঞ্জয় ৰাউটক সোধা-পোছা কৰিব পাৰে। ইতিপূৰ্বে ইডি- এ এই গোচৰত পুনেস্থিত ব্যৱসায়ী অবিনাশ ভোচালেক জিম্মাত লৈছিল।

এনফ’ৰ্চমেণ্ট ডাইৰেক্টৰেটে পাত্ৰ চাওল গোচৰ ডিএইচএফএল গোচৰৰ সৈতে জড়িত বুলি ইতিমধ্যে দাবী কৰিছে।

আনহাতে ৰাউটে তেওঁৰ বিৰুদ্ধে উত্থাপিত কোনো ধৰণৰ অনিয়মৰ অভিযোগ অস্বীকাৰ কৰিছে আৰু ৰাজনৈতিক প্ৰতিহিংসাৰ বাবে তেওঁক লক্ষ্য কৰা হৈছে বুলি অভিযোগ কৰিছে।

ইডিৰ অভিযানৰ পিছতে ৰাউটে টুইট কৰি কয়, “এইয়া সম্পূৰ্ণ মিছা অভিযোগ। মোৰ কোনো কেলেংকাৰীৰ সৈতেই সম্পৰ্ক নাই। মই শিৱসেনাৰ মুৰব্বী বালাচাহেব ঠাকৰেৰ শপত লৈ এইটো কৈছো। বালাচাহেবে আমাক যুঁজিবলৈ শিকাইছিল। মই শিৱসেনাৰ হৈ যুঁজ অব্যাহত ৰাখিম। মই শিৱসেনা এৰি নাযাওঁ।”

ইফালে মহাৰাষ্ট্ৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী উদ্ধৱ ঠাকৰেই ৰাউটৰ ঘৰত এনফ’ৰ্চমেণ্ট ডাইৰেক্টৰেটে চলোৱা অভিযানক এক নিৰ্লজ ষড়যন্ত্ৰ আৰু বিৰোধী কণ্ঠক দমনৰ স্পষ্ট প্ৰমাণ বুলি অভিহিত কৰিছে।

শিৱসেনাৰ সাংসদ প্ৰিয়ংকা চতুৰ্বেদীয়েও বিজেপি চৰকাৰে বিৰোধী নেতা সকলক হাৰাশাস্তি কৰিবলৈ কেন্দ্ৰীয় সংস্থাসমূহক ব্যৱহাৰ কৰিছে বুলি অভিযোগ কৰি এই লজ্জাজনক প্ৰচেষ্টাৰ বাবে গৰিহণা দিয়ে।

Related News