প্ৰমাণ নাইঃ টিআৰপি গোচৰত ৰিপাব্লিক টিভিক দোষমুক্ত কৰিলে ইডিয়ে

Arnab-Goswami-750x375

ভুৱা টিআৰপি গোচৰত অৱশেষত ইডিয়ে সকাহ দিলে সাংবাদিক অৰ্ণৱ গোস্বামীক। ইডিয়ে আদালতত দাখিল কৰা অভিযোগনামাত কৈছে যে টেলিভিছন ৰেটিং পইণ্ট (টিআৰপি) ৰিপাব্লিক টিভিৰ বিৰুদ্ধে কোনো প্ৰমাণ নাই। কেন্দ্ৰীয় সংস্থাটোৱে মুম্বাইৰ এখন বিশেষ আদালতত দাখিল কৰা অভিযোগনামাত ৰিপাব্লিক টিভিৰ গৰাকী এআৰজি আউটলিয়ৰ মিডিয়া বা ইয়াৰ কোনো সদস্যৰ নাম উল্লেখ কৰা নাই আৰু এনেদৰেই তেওঁলোকক একপ্ৰকাৰ দোষমুক্ত কৰা হৈছে।

ইডিয়ে স্পষ্ট কৰি দিছে যে ইডিৰ তদন্ত মুম্বাই আৰক্ষীৰ দ্বাৰা পৰিচালিত তদন্ততকৈ বেলেগ আছিল। সেয়ে ফলাফলো বেলেগ পোৱা গৈছে ।টিআৰপি গোচৰ সন্দৰ্ভত মুম্বাই আৰক্ষীয়ে কৰা ফৰেনচিক প্ৰতিবেদন “উপৰুৱা” আৰু “সীমিত দিশৰ বিশ্লেষণৰ ওপৰত আধাৰিত” আছিল বুলি ইডিয়ে কৈছে। মুম্বাই আৰক্ষীয়ে দাবী কৰিছিল যে ৰিপাব্লিক টিভিয়ে টিআৰপিৰ নামত ভুৱা নথি দাখিল কৰিছিল।অভিযোগ উঠা মতে ৰিপাব্লিক টিভিৰ টিআৰপি বৃদ্ধি কৰিবলৈ অৰ্ণৱ গোস্বামীয়ে পাৰ্থ দাসগুপ্তক ১২ হাজাৰ মাৰ্কিন ডলাৰৰ লগতে ৪০ লাখ টকা দিয়াৰ কথা পাৰ্থ দাসগুপ্তাই স্বীকাৰ কৰিছিল।

দাসগুপ্তাই প্ৰকাশ কোৱা মতে বাহিৰলৈ ফুৰিবলৈ যোৱাৰ বাবে অৰ্ণৱ গোস্বামীয়ে তেওঁক ১২ হাজাৰ মাৰ্কিন ডলাৰ দিয়াৰ লগতে তিনি বছৰত ৪০ লাখ টকা দিছিল।

ইয়াৰ বিনিময়ত অৰ্ণৱে তেওঁক ৰিপাপ্লিক টিভিৰ টিআৰপি ভুৱাকৈ দেখুৱাবলৈ কৈছিল।

মুম্বাই আৰক্ষীক দিয়া এক লিখিত স্বীকাৰোক্তিত ভাৰতৰ ব্ৰডকাষ্ট অডিয়েন্স ৰিছাৰ্চ কাউন্সিলৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী বিষয়াগৰাকীয়ে প্ৰকাশ কৰিছিল।

আৰক্ষীয়ে টিআৰপি কেলেংকাৰী সন্দৰ্ভত ৩,৬০০ পৃষ্ঠাৰ অভিযোগনামা আদালতত দাখিল কৰিছিল।

উক্ত অভিযোগমনামাত আৰক্ষীয়ে দাসগুপ্তাৰ লগতে আন ৫৯ গৰাকী লোকৰ সাক্ষ্য সন্নিবিষ্ট কৰিছিল।

সাক্ষ্য গ্ৰহণ কৰা লোকসকলৰ ভিতৰত কেবল অপাৰেটৰকে ধৰি ৰিপাব্লিক টিভিৰো একাধিক কৰ্মচাৰী আছিল।

অডিট প্ৰতিবেদনত এই কথা পোহৰলৈ আহিছিল
যে ৰিপাব্লিক টিভিৰ লগতে টাইমছ নাও, আজ টক আদি টিভি চেনেলে কাৰচাজিৰে টিআৰপি বেছিকৈ দেখুৱাইছিল।

আৰক্ষীয়ে এই গোচৰ সন্দৰ্ভত বাৰ্কৰ প্ৰাক্তন কাৰ্যবাহী পাৰ্থ দাসগুপ্তৰ লগতে ৰিপাব্লিক মেডিয়া নেটৱৰ্কৰ মুখ্য কাৰ্যবাহী বিকাশ কাঞ্চানদানি,বাৰ্কৰ বিষয়া ৰমিল ৰামগাৰহিয়া আদিৰ বিৰুদ্ধে আদালতত অতিৰিক্ত অভিযোগনামা দাখিল কৰিছিল।

পাৰ্থ দাসগুপ্তাই প্ৰকাশ কৰা মতে ২০০৪ চনৰে পৰাই তেওঁ অৰ্ণৱ গোস্বামীক জানে।এটা সময়ত তেওঁলোকে একেলগে টাইমছ নাও চেনেলত কাম কৰিছিল।

অৰ্ণৱেই তেওঁক টিআৰপি ভুৱাকৈ দেখুৱাই ৰিপাব্লিক টিভিক দেশৰ এক নম্বৰত থকা চেনেলত পৰিণত কৰিবলৈ ধন দিছিল। ইডিৰ প্ৰতিবেদনৰ পিছত সমগ্ৰ বিষয়টো এতিয়া অধিক জটিল হৈ পৰিছে।