ৰাজ্যসভাৰ প্ৰাক্তন সাংসদ তথা প্ৰখ্যাত সাংবাদিক চন্দন মিত্ৰৰ পৰলোক; প্ৰধানমন্ত্ৰী মোদীৰ শোক প্ৰকাশ

Chandan Mitra

ৰাজ্যসভাৰ প্ৰাক্তন সাংসদ তথা প্ৰসিদ্ধ বাতৰিকাকত পায়’নিয়াৰৰ সম্পাদক চন্দন মিত্ৰৰ বুধবাৰে নিশা নতুন দিল্লীত পৰলোকপ্ৰাপ্তি ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৬৬বছৰ।

তেওঁৰ পুত্ৰ কুশন মিত্ৰই মৃত্যুৰ কথা জানিবলৈ দিছে। বহুদিন ধৰি একাধিক শাৰীৰিক অসুস্থতাত ভূগি আছিল প্ৰয়াত মিত্ৰ।

বৰ্ষীয়ান সাংবাদিক চন্দন মিত্ৰ চলিত বছৰৰ জুন মাহলৈকে The Pioneer কাকতৰ সম্পাদক তথা পৰিচালন সঞ্চালক আছিল। দ্য ষ্টেটছমেন কাকতৰ জৰিয়তে সাংবাদিকতা জীৱন আৰম্ভ কৰা চন্দন মিত্ৰই পাছত টাইমছ অফ ইণ্ডিয়া আৰু হিন্দুস্তান টাইমছতো যোগ দিছিল।

ইয়াৰ পাছতে তেওঁ The Pioneer কাকতৰ সম্পাদক হয়। ১৯৮৮ চনত তেওঁ The Pioneer কাকতৰ মালিকীস্বত্ত্ব ক্ৰয় কৰিছিল।

প্ৰয়াত চন্দন মিত্ৰ ২০০৩ৰ পৰা ২০০৯ আৰু ২০১০ৰ পৰা ২০১৬লৈকে ৰাজ্যসভাৰ সাংসদ আছিল। প্ৰথমবাৰ ৰাষ্ট্ৰপতিৰ দ্বাৰা মনোনীত হোৱাৰ বিপৰীতে দ্বিতীয়বাৰ তেওঁ বিজেপিৰ পৰা ৰাজ্যসভালৈ নিৰ্বাচিত হৈছিল।

আনহাতে, ২০১৪ৰ লোকসভা নিৰ্বাচনত হুগলি সমষ্টিৰ পৰা বিজেপিৰ প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা কৰি পৰাজিত হৈছিল। পাছত দলৰ সৈতে বিৰোধ ঘটাত পশ্চিমবংগৰ শাসকীয় দল তৃণমূল কংগ্ৰেছত যোগদান কৰে আৰু ২০১৮ৰ পৰা তৃণমূলৰ সদস্য হৈ থাকে।

চন্দন মিত্ৰৰ মৃত্যুত শোক প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। এক টুইট বাৰ্তাত মোদীয়ে লিখিছে, ‘’চন্দন মিত্ৰজীক আমি সকলোৱে তেওঁৰ বুদ্ধি তথা অন্তৰ্দৃষ্টিৰ বাবে মনত ৰাখিম। তেওঁ ৰাজনীতিৰ লগতে সংবাদমাধ্যমৰ জগততো নিজকে আনতকৈ পৃথকভাৱে তুলি ধৰিছিল। তেওঁৰ মৃত্যুত মৰ্মাহত হৈছো। তেওঁৰ পৰিয়াল আৰু অনুৰাগীসকলৰ প্ৰতি সমবেদনা জনালোঁ। ওম শান্তি।‘’