• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, May 30, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ৰাজ্যসভা নিৰ্বাচনঃ এক ৰাজনৈতিক ভণ্ডামি

পৰেশ মালাকাৰ by পৰেশ মালাকাৰ
April 4, 2022 12:31 pm
286
VIEWS
Share on FacebookShare on Twitter

অসমৰ দুখন আসনৰ বাবে ৩১ মাৰ্চ, ২০২২ৰ দিনা অনুষ্ঠিত হোৱা ৰাজ্যসভাৰ নিৰ্বাচনৰ আমি কি অৰ্থ কৰিম ? ই আমাক অসমৰ বৰ্তমানৰ ৰাজনৈতিক পৰিস্থিতিৰ এটা আভাস দিয়েনে নিদিয়ে? ৰাজ্যসভাৰ নিৰ্বাচনৰ ফলাফলৰ পৰা মূলতঃ তিনিটা কথা স্পষ্টহৈ পৰিছে৷

প্ৰথম, ৰাজ্যখনৰ মূল বিৰোধী দল কংগ্ৰেছৰ অৱস্থা সম্প্ৰতি অতি শোচনীয়৷ দ্বিতীয়, সন্মিলিত বিৰোধী বোলা বস্তু এটা এতিয়া নাই বুলিয়ে ক’ব পাৰি৷ তৃতীয়, চৰকাৰী পক্ষ এতিয়া অতি সুদৃঢ় আৰু মজবুত৷

এইখিনিতে আমি মনত পেলাওচোন যোৱা অসম বিধান সভাৰ বাবে হোৱা নিৰ্বাচনৰ ফালাফল ঘোষণা কৰাৰ দিনা, অৰ্থাৎ ২০২১চনৰ ২মেৰ দিনা কোনটো ৰাজনৈতিক দলে কিমানখন আসন লাভ কৰিছিল? এই আসনৰ সংখ্যা আছিলঃ বিজেপি-৬০,কংগ্ৰেছ -২৯,এ আই ইউ ডি এফ -১৬, এজিপি-৯, ইউ পি পি এল-৬, বি পি এফ-৪, চি পি এম -১ আৰু ৰাইজৰ দল ১৷

এইটো আছিল তেতিয়াৰ অৱস্থা, অৰ্থাৎ তেতিয়া চৰকাৰৰ ফালে আছিল ৭৫জন বিধায়ক আৰু বিৰোধীৰ ফালে আছিল ৫১জন বিধায়ক৷ মনত ৰাখিব এফালে ৭৫ জন আৰু আনফালে ৫১ জন৷ বিধানসভাত ৫১জন বিৰোধী বিধায়ক যদি একহৈ থাকে তেওঁলোকে কি কৰিব নোৱাৰে?

কিন্তু, দুই মে আছিল চৰকাৰী পক্ষৰ বাবে আস্থা আৰু বিশ্বাসৰ দিন আৰু বিৰোধীৰ বাবে আছিল আশাভংগ আৰু হতশাৰ দিন৷ এফালে নিজৰ ওপৰত আস্থা আৰু আনফালে নিজৰ ওপৰত অনাস্থা৷ এই আস্থা আৰু অনাস্থাই নিৰ্বাচিত চৰকাৰী পক্ষ আৰু বিৰোধী পক্ষৰ বিধায়ক সকলৰ ওপৰত কি ক্ৰিয়া-প্ৰতিক্ৰিয়া কৰিছিল?

প্ৰথমে আমি কংগ্ৰেছ দললৈ আহোঁ৷ কংগ্ৰেছে ভাবিছিল তেওঁলোকৰ যুক্তমৰ্চা ক্ষমতালৈ আহিব৷ কিন্তু,যেতিয়াই  এইটো পৰিষ্কাৰ হ’ল যে তেওঁলোকে চৰকাৰ কৰিব নোৱাৰে, দলটোৰ বিধায়ক আৰু কৰ্মীসকল চৰম হতাশাত ভুগিবলৈ আৰম্ভ কৰিলে৷ তেওঁলোকে চকুৰ আগত ধোঁৱাকোৱা দেখিবলৈ ধৰিলে৷ ইতিমধ্যে পাঁচ বছৰ ক্ষমতা নোহোৱাকৈ গৈছে! আকৌ পাঁচ বছৰ ক্ষমতাৰ সোৱাদ নোলোৱাকৈ থাকিব লগা এটা অৱস্থা! ই কিমান বেদনাদায়ক আৰু পুতৌজনক হ’ব পাৰে ! এক শ্বাসৰুদ্ধকাৰী অৱস্থা?

তেওঁলোকৰ মাজৰ বহুতেই বিকল্পৰ অনুসন্ধান কৰিবলৈ আৰম্ভ কৰিলে৷ লগে লগে তাৰ বহিৰ্প্ৰকাশো ঘটিল৷ মৰিয়ণি আৰু থাওৰা সমষ্টিৰ বিধায়ক দুজনে কংগ্ৰেছৰ পৰা পদত্যাগ কৰি বিজেপিত যোগদান কৰিলে৷ আন বহুজনেও সুযোগৰ সন্ধান কৰি থাকিল৷ যোৱা একত্ৰিশ মাৰ্চৰ দিনা আৰু দুজন বিধায়কে সেই সুযোগ কামত লগালে৷

এটা দলে যেতিয়া তাৰ নীতি-আদৰ্শ হেৰুৱাই পেলায়, যেতিয়া এটা দলক কেৱল ক্ষমতাৰ আকৰ্ষণে ধৰি ৰাখে, ক্ষমতা ৰহিত হ’লে তেনে এটা দল ভিতৰৰ পৰা মৰি আহে৷ কংগ্ৰেছৰ এতিয়া সেই অৱস্থা৷ এইটো দলে বিৰোধীক কি নেতৃত্ব দিব? যিটো দলৰ নিজৰ মাজতে হাহাকাৰ সেইটো দলে আনক কেনেকৈ সংগঠিত কৰিব?

দ্বিতীয় কথাটো আছিল বিৰোধীৰ ভূমিকা? কংগ্ৰেছৰ পিছত কোন থাকিল? এ আই ইউ ডি এফ আৰু বি পি এফ৷ এ আই ইউ ডি এফ কংগ্ৰেছৰ পথাৰৰে এটা অংশত খেতি কৰা দল৷ সাংগঠনিক সামৰ্থ বাঢ়িলে তেওঁলোকৰ ক্ষেত্ৰখন বহল হয় আৰু কমিলে সংকুচিত হয়৷ আনহাতে বিজেপি হ’ল তেওঁলোকৰ মূল ৰাজনৈতিক ইন্ধন৷ তেওঁলোকৰ দলৰ মুৰব্বীজনৰ ব্যৱসায়িক স্বাৰ্থৰ দ্বাৰাও তেওঁলোকৰ ৰাজনীতি পৰিচালিত হয়৷

এতিয়া বাকী থাকিল বিপিএফ৷ কংগ্ৰেছ নেতৃত্বধীন মৰ্চাটো নিৰ্বাচনত পৰাজয় হোৱাৰ দিন ধৰি এই দলটোৱে চৰকাৰী পক্ষৰ লগ লাগিবলৈ মুখ্যমন্ত্ৰী আৰু বিজেপিক কাবৌকোকালি কৰি আছে৷ তাৰ পিছত আহিল চি পি এম আৰু ৰাইজৰ দল৷ তেওঁলোক এতিয়াও বিৰোধীহৈ আছে৷

দুহেজাৰ একৈশ চনৰ ২ মেৰ দিনা  বিৰোধী বিধায়কৰ সংখ্যা আছিল ৫১ জন আৰু ৰাজ্যসভাৰ নিৰ্বাচনত বিৰোধীৰ উমৈহতীয়া প্ৰাৰ্থীজনে সৰ্বমুঠ ভোট পালে ৩৫ টা৷ তাৰমানে এই সময়ছোৱাত বিৰোধীৰ শক্তি ৩১% লৈ হ্ৰাস পালে৷ এতিয়া যদি ১২৬জন বিধায়কৰ পৰা আমি  ৩৫ জন বিধায়ক বাদ দিওঁ কি পাওঁ? তেতিয়া সেই সংখ্যাটো হয়গৈ ৯১৷ তাৰমানে এই কেইমাহত চৰকাৰৰ শক্তি বৃদ্ধি হ’ল  ২১% ৷ ক্ষমতা হেৰুৱাই বিৰোধী শুকাই ক্ষীণাই মৰহি গৈছে আৰু ক্ষমতাত থাকি শাসকীয় পক্ষ ক্ৰমান্বয়ে লোদোৰপোদোৰহৈ পৰিছে৷ দেখ দেখকৈয়ে আমাৰ বিধায়ক সকলৰ এই অৱস্থা আৰু নেদেখাকৈ বা তেওঁলোকৰ শাসকীয় পক্ষৰ লগত কিমান হলিগলি!

ৰাজ্যসভাৰ নিৰ্বাচন জাতীয় কিবা এটা হ’লেহে আমি আমাৰ বিধায়ক সকলৰ আচল স্বৰূপটো দেখাপাওঁ৷ আৰু এটা কথা, হাজাৰ কৌশল কৰিও কিছুমান কথা ৰাইজৰ পৰা লুকাই ৰাখিব নোৱাৰি৷ অসমৰ ৰাজনীতিত এই মুহূৰ্তত বিজেপি আৰু এ আই ডি এফৰ মাজৰ সম্পৰ্কটো বেচ আমোদজনকহৈ পৰিছে! আচলতে বিজেপি, এ আই ডি এফ এটা আনটোৰ ইন্ধন স্বৰূপ৷ বিজেপিক ভোট নিদিলে এ আই ডি এফৰ মুৰব্বীজন অসমৰ মুখ্যমন্ত্ৰী হ’ব বুলি এতিয়াৰ মুখ্যমন্ত্ৰীজনে কেনে তালফাল লগাইছিল আমাৰ সকলোৰে মনত আছে৷ সেই নিৰ্বাচনী প্ৰচাৰে যে কেৱল বিজেপিকহে সহায় কৰিছিল তেনে নহয় সি এ আই ডি এফকো সমানে সহায় কৰিছিল৷ অৰ্থাৎ কি হ’ল? সাধাৰণ হিন্দু-মুছলমান মানুহৰ মাজত বিভেদৰ বীজ সিঁচি দুয়োটা দলে অসমৰ সমাজ জীৱনৰ ক্ষতি ঠিকেই কৰিলে, কিন্তু তেওঁলোকৰ দলীয় স্বাৰ্থ সুন্দৰকৈ সিদ্ধি হ’ল৷

আৰম্ভণিতে আমি সকলোৱে ভাবিছিলোঁ ৫১ জন বিৰোধী বিধায়কে জনস্বাৰ্থৰ লগত জড়িত বিষয় সমূহ সজোৰে উত্থাপন কৰি অসম বিধানসভাৰ মজিয়াত খলকনি তুলিব৷ কিন্তু এৰেহা বিচাৰি ফুৰা বিধায়কে সেইটো কৰে কেনেকৈ? তাৰবাবে প্ৰয়োজনীয় মনোবল আৰু সৎ সাহস তেওঁলোকে পাব ক’ৰ পৰা? ৰাজ্যসভাৰ নিৰ্বাচনে অতি সুন্দৰকৈ দেখুৱাই দিলে কিয় ৰাইজৰ সমস্যা আৰু ক্ষোভৰ প্ৰতিফলন আমি বিধানসভাৰ মজিয়াত দেখা পোৱা নাই৷

বিজেপি আৰু এ আই ডি এফৰ নীতি-আদৰ্শ কি আমি জানো৷ সেয়ে তেওঁলোকৰ দৌৰৰ দূৰত্বও আমাৰ জনা আছে৷ এজিপি আৰু ইউ পি পি এল হ’ল পৰজীৱী৷ কিন্তু,কংগ্ৰেছকে আদি কৰি বিধানসভাৰ ভিতৰে/বাহিৰে থকা আন বিৰোধী দলবোৰৰ মাজত যদিহে এক মৌলিক ৰাজনৈতিক পুনৰবিন্যাস নহয়, তেন্তে অসমৰ ৰাইজে কিমানদিনলৈ দুৰ্ভোগ ভুগি ককবকাই থাকিবলগীয়া হয় তাৰ কোনো নিশ্চয়তা নাই৷

Recent News

পাকিস্তান মানেই সন্ত্ৰাসবাদ! মুকলিকৈ ভাৰত বিৰোধী সভাত পেহেলগাম আক্ৰমণৰ মাষ্টাৰমাইণ্ড

পাকিস্তান মানেই সন্ত্ৰাসবাদ! মুকলিকৈ ভাৰত বিৰোধী সভাত পেহেলগাম আক্ৰমণৰ মাষ্টাৰমাইণ্ড

কলেজিয়ামৰ পৰামৰ্শত অনুমোদন! উচ্চতম ন্যায়ালয়ত ৩ জন ন্যায়াধীশ নিযুক্তি কেন্দ্ৰৰ

কলেজিয়ামৰ পৰামৰ্শত অনুমোদন! উচ্চতম ন্যায়ালয়ত ৩ জন ন্যায়াধীশ নিযুক্তি কেন্দ্ৰৰ

মুখ্যমন্ত্ৰী হিংস্ৰ হৈ পৰিছে, অসম চৰকাৰে ৰাজ্যত হত্যা-হিংসাৰ ৰাজনীতি আৰম্ভ কৰিব বিচাৰিছে- চিপিআই(এম)

মুখ্যমন্ত্ৰী হিংস্ৰ হৈ পৰিছে, অসম চৰকাৰে ৰাজ্যত হত্যা-হিংসাৰ ৰাজনীতি আৰম্ভ কৰিব বিচাৰিছে- চিপিআই(এম)

ৰণক্ষেত্ৰত পৰিণত মীৰপুৰ টেষ্ট! বাংলাদেশী বেটাৰৰ হেলমেট লক্ষ্য কৰি ঘুচি দক্ষিণ আফ্ৰিকাৰ স্পীনাৰৰ

ৰণক্ষেত্ৰত পৰিণত মীৰপুৰ টেষ্ট! বাংলাদেশী বেটাৰৰ হেলমেট লক্ষ্য কৰি ঘুচি দক্ষিণ আফ্ৰিকাৰ স্পীনাৰৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd