বিতৰ্কৰ অৰ্থ বা উদ্দেশ্য কি হোৱা উচিত? বোধহয় সকলোৱে একমুখে ক’ব- সত্য প্ৰতিষ্ঠা। কথাটো কিন্তু ইমান সহজ নহয়। বিতৰ্কৰ কেইবাটাও দিশ-বিতৰ্কৰ উদ্দেশ্য, যুক্তিৰ ধৰণ আৰু বিতৰ্কত জড়িত পক্ৰবোৰৰ ইটোৰ প্ৰতি সিটোৰ মনোভাব। পক্ষ, দল, সমষ্টি বা ব্যক্তিও হ’ব পাৰে। বিতৰ্কৰ উদ্দেশ্য কি হোৱা উচিত? এই ক্ষেত্ৰত কাৰ্ল পপ্পাৰে বৰ সুন্দৰ কথা এষাৰ কৈছিল। তেওঁ কৈছিলঃ “The aim of argument, or of discussion, should not be victory but progress”, অৰ্থাৎ বিতৰ্কৰ লক্ষ বিজয় নহয় প্ৰগতিহে হ’ব লাগে।
শংকৰদেৱ আৰু মাধৱদেৱৰ মাজত ধৰ্মৰ অৰ্থ আৰু সাকাৰ নিৰাকাৰ ভগৱানক লৈ বিতৰ্ক হৈছিল। বিতৰ্কৰ অন্তত মাধৱদেৱে নিজৰ মত পৰিহৰি শংকৰদেৱক গুৰু ভজিছিল। ডঃ হীৰেন গোহাঁয়ে কৈছিল- শংকৰ মাধৱৰ এই বিতৰ্কত কিন্তু শংকৰদেৱৰ জয় হৈছিল। পপ্পাৰৰ কথাটো সমৰ্থন কৰিও ডঃ গোহাঁয়ে কৈছিল যে কেতিয়াবা ‘victory’ মানে ‘বিজয়’ও বিতৰ্কৰ অভিপ্ৰেত হ’ব পাৰে।
হয়, বিতৰ্ক কেৱল বিতৰ্কৰ পৰিসীমাতে আৱদ্ধ হৈ নাথাকিবও পাৰে। বিতৰ্কৰ পৰা সংগ্ৰাম, সংগ্ৰাম কি, যুদ্ধৰো আৰম্ভ নহয় জানো? এটা কথা মনত পেলাওকচোন। আমেৰিকাই ইৰাক আক্ৰমণ কৰাৰ আগতে ৰাষ্ট্ৰসংঘত বিষয়টো লৈ হোৱা বিতৰ্ক আপোনালোকে টিভিত চাইছিলনে? সেয়া আছিল ২০০৩ চনৰ মাৰ্চ মাহৰ কথা। কি তুমুল বিতৰ্ক হৈছিল বিষয়টো লৈ! কিন্তু, এই বিতৰ্কৰ ফলাফল কি হ’ল?
ইৰাকে প্ৰথমে আন্তৰ্জাতিক অস্ত্ৰ পৰিদৰ্শক সকলক তেওঁলোকৰ অস্ত্ৰ-ভাণ্ডাৰ পৰিদৰ্শনৰ অনুমতি দিবলৈ অলপ হেনা-হুচা কৰিছিল ঠিকেই। কিন্তু, আমেৰিকাৰ ইৰাক আক্ৰমণৰ প্ৰস্তুতি বাঢ়ি যোৱাৰ লগে লগে পৰিস্থিতি উত্তপ্ত হৈ পৰিছিল। তেতিয়া ইৰাকে ৰাষ্ট্ৰসংঘৰ মুখ্য অস্ত্ৰ( UN Chief Inspector)পৰিদৰ্শক হাঞ্চ ব্লিক্স(Hans Blix), আৰু আন্তৰ্জাতিক আনবিক শক্তি সংস্থাৰ সঞ্চালক প্ৰধান(International Atomic Energcy Director General) মহম্মদ ইলবৰাদি (Mohammed ElBaradei)ক মুক্তভাৱে তেওঁলোকৰ অস্ত্ৰ-ভাণ্ডাৰ পৰিদৰ্শন কৰাৰ অনুমতি দিছিল।
আমেৰিকাই দাবী কৰা ধৰণে পৰিদৰ্শকদ্বয়ে ইৰাকত গণ-সংহাৰৰ কোনো অস্ত্ৰ-ভাণ্ডাৰৰ সম্ভেদ পোৱা নাছিল। ৰাষ্ট্ৰ সংঘৰ নিৰাপত্তা পৰিষদৰ সভাত আমেৰিকা, ইংলেণ্ড আৰু স্পেইন আদি কেইখনমান দেশৰ বাহিৰে সৰহ সংখ্যক দেশেই আমেৰিকাই ইৰাক আক্ৰমণ কৰাটো বিচৰা নাছিল। ইৰাকে গণ-সংহাৰৰ অস্ত্ৰ-ভাণ্ডাৰ মজুত কৰিছে বুলি আমেৰিকা আৰু আমেৰিকাৰ ঘাই সমৰ্থক সকলে কিন্তু কোনো নিৰ্ভৰযোগ্য তথ্য আৰু যুক্তি দিব পৰা নাছিল। পিছে, কি হ’ল?
ৰাষ্ট্ৰ সংঘৰ নিৰপত্তা পৰিষদৰ অনুমোদন অবিহনেই আমেৰিকাই ইৰাক আক্ৰমণ কৰিলে। ইৰাক ধংসস্তুপত পৰিণত হ’ল। তাৰ পিছত কলিন পাৱেল, ৰামচফিল্ড আৰু টনি ব্লেয়াৰে ক্ষমা খুজিলে। ব্লিক্সৰ অভিযোগ হ’ল ইৰাকৰ হাতত নৰ-সংহাৰৰ অস্ত্ৰ-ভাণ্ডাৰ আছিল বুলি আজিও আমেৰিকা আৰু ইংলেণ্ডে কোনো প্ৰমাণ দিব পৰা নাই। তাৰমানে কি হৈছিল? বিষয়টো লৈ ৰাষ্ট্ৰসংঘত বিতৰ্ক চলি থকা সময়ত আমেৰিকা, ইংলেণ্ড আৰু তেওঁলোকৰ লগত থকা দেশ কেইখন ইৰাক আক্ৰমণ কৰিবলৈ মনস্থিৰ কৰিছিল।
নিৰপত্তা পৰিষদৰ বিতৰ্কটো এটা আনুষ্ঠানিকতাহে আছিল মাথো। সেয়ে ইৰাকৰ হাতত গণ-সংহাৰৰ অস্ত্ৰ-ভাণ্ডাৰ থকাৰ কোনো সাক্ষ্য-প্ৰমাণ আৰু তথ্য নথকাৰ পিছতো আমেৰিকাই ইৰাক আক্ৰমণ কৰিছিল। অৰ্থাৎ, তেওঁলোকৰ উদ্দেশ্য যিহেতু ইৰাক আক্ৰমণ আছিল সেইবাবেই তেওঁলোকে আন্তৰ্জাতিক অস্ত্ৰ পৰিদৰ্শক সকলৰ সাক্ষ্য প্ৰমাণক গুৰুত্ব দিয়া নাছিল আৰু নিৰাপত্তা পৰিষদৰ যিসকল সদস্যই তেওঁলোকৰ লগত সহমত প্ৰকাশ কৰা নাছিল তেওঁলোকৰ কথাতো কোনো গুৰুত্ব দিয়া নাছিল।
বিতৰ্কত আৰু এটা নতুন বিড়ম্বনাই দেখা দিছে। অৱশ্যে সেইটো আগতেও আছিল, এতিয়া যেনিবা সি এক নতুন অৱতাৰ লৈ শক্তিশালী ৰূপত আবিৰ্ভাৱ হৈছে। সেইটো হ’ল যুক্তি, তথ্যতকৈ ৰাজনৈতিক উদ্দেশ্যত, মানুহৰ মাজত থকা প্ৰচলিত ধাৰণা, অন্ধবিশ্বাস আৰু আবেগ চাৰিওফালে বিয়পাই দিয়া। এই কামটো ডণাল্ড ট্ৰাম্পে আমেৰিকাত অতি সুন্দৰকৈ কৰিছিল। এতিয়া ভাৰতত তাৰ পূৰ্ণ পয়োভৰ চলি আছে।
তাৰ কেইটামান উদাহৰণ হ’ল- ভাৰতত হিন্দু সকল বিপদাপন্ন, স্বাধীনতাৰ ৭৫ বছৰত আমাৰ দেশত একোৱেই হোৱা নাছিল। নেহৰুৱে কেৱল ভুল আৰু ভুলেই কৰিছিল। এতিয়া মোদীৰ ৰাজত্বত ভাৰতত অমৃত কাল চলি আছে আৰু ভাৰত বিশ্বগুৰু হ’বলৈ গৈ আছে। এই কথাবোৰত কোনো যুক্তি, তথ্য, সত্য নাই। কেৱল আছে আবেগ আৰু প্ৰচাৰ। ভাৰতত এসময়ত বিতৰ্কৰ আদৰ্শ অনুষ্ঠান আছিল ৰাজ্য বিধানসভা সমূহ আৰু সংসদ।এতিয়া বিধানসভা আৰু সংসদৰ বিতৰ্কই কি ৰূপ লৈছে সকলোৱে দেখিছে।
চৰকাৰী মতৰ লগত বিৰোধী পক্ষৰ মত নিমিলিলেই তেওঁলোকক সদনত কথা ক’বলৈ দিয়া নহয়। সদনৰ পৰা বহিষ্কাৰ কৰা হয়। বিৰোধী শূন্য সদনত বিনা বিতৰ্কই বিল পাছ কৰা হয়। সেয়া সদন নহয় যেন এক মল্লযুদ্ধ ক্ষেত্ৰহে। বিতৰ্ক সুস্থিৰ হ’বলৈ হ’লে সি সৌজন্যমূলকো হ’ব লাগিব। সেই সৌজন্যৰ মূল কথাটো হৈছে প্ৰতিপক্ষৰ প্ৰতি থকা মনোভাৱ। এইখিনিতে ১৯৪৬ চনৰ ২৫ অক্টোৱৰৰ দিনা London School of Economicsৰ ঘটনা এটালৈ আমি ঘূৰি যাব পাৰোঁ।
কুৰি শতিকাৰ দুজন প্ৰখ্যাত দাৰ্শনিক ৱিৎগেনষ্টাইন আৰু কাৰ্ল পপ্পাৰৰ মাজত এটা বিতৰ্কৰ আয়োজন কৰা হৈছিল। বিতৰ্কৰ বিষয় আছিলঃ Are there philosophical problems? দৰ্শনৰ কিবা সমস্যা আছেনে? কিন্তু,বিতৰ্ক আৰম্ভ হোৱাৰ মাত্ৰ দহ মিনিট পিছতেই পৰিস্থিতিয়ে উত্তপ্ত ৰূপ ধাৰণ কৰিছিল আৰু পপ্পাৰৰ লগত তেওঁৰ মত নিমিলা কাৰণে খঙৰ ভমকত ৱিৎগেনষ্টাইন ঘপককৈ উঠি তাৰ পৰা ওলাই গুছি গৈছিল। তাৰ সৰস কাহিনী বৰ্ণিত হৈছে ডেভিড এডমণ্ড আৰু জন ইডিনাওৰ বিখ্যাত কিতাপ Wittgenstein’s Pokerত।
কিন্তু বিতৰ্কত প্ৰতিপক্ষৰ প্ৰতি কেনে সৌজন্য দেখুৱাব লাগে তাৰ পৰাকাষ্ঠা ঘটিছিল গান্ধীজীত। সেয়া আছিল ১৯৪৫ চন। জিন্নাৰ দ্বাৰা বাৰে বাৰে অপমানিত, অপদস্থ হৈও কি আন্তৰিকতা আৰু সৌজন্যৰে গান্ধীয়ে জিন্নাৰ লগত আলোচনা কৰি আছিল! গতিকে বিতৰ্কৰ উদ্দেশ্য যদি সত্যানুসন্ধান হয়, বিতৰ্ক যদি যুক্তি আৰু তথ্য নিৰ্ভৰ হয় আৰু বিতৰ্কত জড়িত পক্ষৰ মাজত পাৰস্পৰিক মনোভাব যদি সৌজন্যৰ হয় তেতিয়াহে বিতৰ্কতহে জয় পৰাজয়ৰ কথা নাথাকে আৰু বিতৰ্কৰ লক্ষ্য হৈ পৰে প্ৰগতি।