• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, October 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home অভিমত

বিতৰ্কৰ অৰ্থ কি?

পৰেশ মালাকাৰ by পৰেশ মালাকাৰ
February 16, 2024 9:34 pm
18
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিতৰ্কৰ অৰ্থ বা উদ্দেশ্য কি হোৱা উচিত? বোধহয় সকলোৱে একমুখে ক’ব- সত্য প্ৰতিষ্ঠা। কথাটো কিন্তু ইমান সহজ নহয়। বিতৰ্কৰ কেইবাটাও দিশ-বিতৰ্কৰ উদ্দেশ্য, যুক্তিৰ ধৰণ আৰু বিতৰ্কত জড়িত পক্ৰবোৰৰ ইটোৰ প্ৰতি সিটোৰ মনোভাব। পক্ষ, দল, সমষ্টি বা ব্যক্তিও হ’ব পাৰে। বিতৰ্কৰ উদ্দেশ্য কি হোৱা উচিত? এই ক্ষেত্ৰত কাৰ্ল পপ্পাৰে বৰ সুন্দৰ কথা এষাৰ কৈছিল। তেওঁ কৈছিলঃ “The aim of argument, or of discussion, should not be victory but progress”, অৰ্থাৎ বিতৰ্কৰ লক্ষ বিজয় নহয় প্ৰগতিহে হ’ব লাগে।

শংকৰদেৱ আৰু মাধৱদেৱৰ মাজত ধৰ্মৰ অৰ্থ আৰু সাকাৰ নিৰাকাৰ ভগৱানক লৈ বিতৰ্ক হৈছিল। বিতৰ্কৰ অন্তত মাধৱদেৱে নিজৰ মত পৰিহৰি শংকৰদেৱক গুৰু ভজিছিল। ডঃ হীৰেন গোহাঁয়ে কৈছিল- শংকৰ মাধৱৰ এই বিতৰ্কত কিন্তু শংকৰদেৱৰ জয় হৈছিল। পপ্পাৰৰ কথাটো সমৰ্থন কৰিও ডঃ গোহাঁয়ে কৈছিল যে কেতিয়াবা ‘victory’ মানে ‘বিজয়’ও বিতৰ্কৰ অভিপ্ৰেত হ’ব পাৰে।

Apply Now

হয়, বিতৰ্ক কেৱল বিতৰ্কৰ পৰিসীমাতে আৱদ্ধ হৈ নাথাকিবও পাৰে। বিতৰ্কৰ পৰা সংগ্ৰাম, সংগ্ৰাম কি, যুদ্ধৰো আৰম্ভ নহয় জানো? এটা কথা মনত পেলাওকচোন। আমেৰিকাই ইৰাক আক্ৰমণ কৰাৰ আগতে ৰাষ্ট্ৰসংঘত বিষয়টো লৈ হোৱা বিতৰ্ক আপোনালোকে টিভিত চাইছিলনে? সেয়া আছিল ২০০৩ চনৰ মাৰ্চ মাহৰ কথা। কি তুমুল বিতৰ্ক হৈছিল বিষয়টো লৈ! কিন্তু, এই বিতৰ্কৰ ফলাফল কি হ’ল?

ইৰাকে প্ৰথমে আন্তৰ্জাতিক অস্ত্ৰ পৰিদৰ্শক সকলক তেওঁলোকৰ অস্ত্ৰ-ভাণ্ডাৰ পৰিদৰ্শনৰ অনুমতি দিবলৈ অলপ হেনা-হুচা কৰিছিল ঠিকেই। কিন্তু, আমেৰিকাৰ ইৰাক আক্ৰমণৰ প্ৰস্তুতি বাঢ়ি যোৱাৰ লগে লগে পৰিস্থিতি উত্তপ্ত হৈ পৰিছিল। তেতিয়া ইৰাকে ৰাষ্ট্ৰসংঘৰ মুখ্য অস্ত্ৰ( UN Chief Inspector)পৰিদৰ্শক হাঞ্চ ব্লিক্স(Hans Blix), আৰু আন্তৰ্জাতিক আনবিক শক্তি সংস্থাৰ সঞ্চালক প্ৰধান(International Atomic Energcy Director General) মহম্মদ ইলবৰাদি (Mohammed ElBaradei)ক মুক্তভাৱে তেওঁলোকৰ অস্ত্ৰ-ভাণ্ডাৰ পৰিদৰ্শন কৰাৰ অনুমতি দিছিল।

আমেৰিকাই দাবী কৰা ধৰণে পৰিদৰ্শকদ্বয়ে ইৰাকত গণ-সংহাৰৰ কোনো অস্ত্ৰ-ভাণ্ডাৰৰ সম্ভেদ পোৱা নাছিল। ৰাষ্ট্ৰ সংঘৰ নিৰাপত্তা পৰিষদৰ সভাত আমেৰিকা, ইংলেণ্ড আৰু স্পেইন আদি কেইখনমান দেশৰ বাহিৰে সৰহ সংখ্যক দেশেই আমেৰিকাই ইৰাক আক্ৰমণ কৰাটো বিচৰা নাছিল। ইৰাকে গণ-সংহাৰৰ অস্ত্ৰ-ভাণ্ডাৰ মজুত কৰিছে বুলি আমেৰিকা আৰু আমেৰিকাৰ ঘাই সমৰ্থক সকলে কিন্তু কোনো নিৰ্ভৰযোগ্য তথ্য আৰু যুক্তি দিব পৰা নাছিল। পিছে, কি হ’ল?

ৰাষ্ট্ৰ সংঘৰ নিৰপত্তা পৰিষদৰ অনুমোদন অবিহনেই আমেৰিকাই ইৰাক আক্ৰমণ কৰিলে। ইৰাক ধংসস্তুপত পৰিণত হ’ল। তাৰ পিছত কলিন পাৱেল, ৰামচফিল্ড আৰু টনি ব্লেয়াৰে ক্ষমা খুজিলে। ব্লিক্সৰ অভিযোগ হ’ল ইৰাকৰ হাতত নৰ-সংহাৰৰ অস্ত্ৰ-ভাণ্ডাৰ আছিল বুলি আজিও আমেৰিকা আৰু ইংলেণ্ডে কোনো প্ৰমাণ দিব পৰা নাই। তাৰমানে কি হৈছিল? বিষয়টো লৈ ৰাষ্ট্ৰসংঘত বিতৰ্ক চলি থকা সময়ত আমেৰিকা, ইংলেণ্ড আৰু তেওঁলোকৰ লগত থকা দেশ কেইখন ইৰাক আক্ৰমণ কৰিবলৈ মনস্থিৰ কৰিছিল।

নিৰপত্তা পৰিষদৰ বিতৰ্কটো এটা আনুষ্ঠানিকতাহে আছিল মাথো। সেয়ে ইৰাকৰ হাতত গণ-সংহাৰৰ অস্ত্ৰ-ভাণ্ডাৰ থকাৰ কোনো সাক্ষ্য-প্ৰমাণ আৰু তথ্য নথকাৰ পিছতো আমেৰিকাই ইৰাক আক্ৰমণ কৰিছিল। অৰ্থাৎ, তেওঁলোকৰ উদ্দেশ্য যিহেতু ইৰাক আক্ৰমণ আছিল সেইবাবেই তেওঁলোকে আন্তৰ্জাতিক অস্ত্ৰ পৰিদৰ্শক সকলৰ সাক্ষ্য প্ৰমাণক গুৰুত্ব দিয়া নাছিল আৰু নিৰাপত্তা পৰিষদৰ যিসকল সদস্যই তেওঁলোকৰ লগত সহমত প্ৰকাশ কৰা নাছিল তেওঁলোকৰ কথাতো কোনো গুৰুত্ব দিয়া নাছিল।

বিতৰ্কত আৰু এটা নতুন বিড়ম্বনাই দেখা দিছে। অৱশ্যে সেইটো আগতেও আছিল, এতিয়া যেনিবা সি এক নতুন অৱতাৰ লৈ শক্তিশালী ৰূপত আবিৰ্ভাৱ হৈছে। সেইটো হ’ল যুক্তি, তথ্যতকৈ ৰাজনৈতিক উদ্দেশ্যত, মানুহৰ মাজত থকা প্ৰচলিত ধাৰণা, অন্ধবিশ্বাস আৰু আবেগ চাৰিওফালে বিয়পাই দিয়া। এই কামটো ডণাল্ড ট্ৰাম্পে আমেৰিকাত অতি সুন্দৰকৈ কৰিছিল। এতিয়া ভাৰতত তাৰ পূৰ্ণ পয়োভৰ চলি আছে।

তাৰ কেইটামান উদাহৰণ হ’ল- ভাৰতত হিন্দু সকল বিপদাপন্ন, স্বাধীনতাৰ ৭৫ বছৰত আমাৰ দেশত একোৱেই হোৱা নাছিল। নেহৰুৱে কেৱল ভুল আৰু ভুলেই কৰিছিল। এতিয়া মোদীৰ ৰাজত্বত ভাৰতত অমৃত কাল চলি আছে আৰু ভাৰত বিশ্বগুৰু হ’বলৈ গৈ আছে। এই কথাবোৰত কোনো যুক্তি, তথ্য, সত্য নাই। কেৱল আছে আবেগ আৰু প্ৰচাৰ। ভাৰতত এসময়ত বিতৰ্কৰ আদৰ্শ অনুষ্ঠান আছিল ৰাজ্য বিধানসভা সমূহ আৰু সংসদ।এতিয়া বিধানসভা আৰু সংসদৰ বিতৰ্কই কি ৰূপ লৈছে সকলোৱে দেখিছে।

চৰকাৰী মতৰ লগত বিৰোধী পক্ষৰ মত নিমিলিলেই তেওঁলোকক সদনত কথা ক’বলৈ দিয়া নহয়। সদনৰ পৰা বহিষ্কাৰ কৰা হয়। বিৰোধী শূন্য সদনত বিনা বিতৰ্কই বিল পাছ কৰা হয়। সেয়া সদন নহয় যেন এক মল্লযুদ্ধ ক্ষেত্ৰহে। বিতৰ্ক সুস্থিৰ হ’বলৈ হ’লে সি সৌজন্যমূলকো হ’ব লাগিব। সেই সৌজন্যৰ মূল কথাটো হৈছে প্ৰতিপক্ষৰ প্ৰতি থকা মনোভাৱ। এইখিনিতে ১৯৪৬ চনৰ ২৫ অক্টোৱৰৰ দিনা London School of Economicsৰ ঘটনা এটালৈ আমি ঘূৰি যাব পাৰোঁ।

কুৰি শতিকাৰ দুজন প্ৰখ্যাত দাৰ্শনিক ৱিৎগেনষ্টাইন আৰু কাৰ্ল পপ্পাৰৰ মাজত এটা বিতৰ্কৰ আয়োজন কৰা হৈছিল। বিতৰ্কৰ বিষয় আছিলঃ Are there philosophical problems? দৰ্শনৰ কিবা সমস্যা আছেনে? কিন্তু,বিতৰ্ক আৰম্ভ হোৱাৰ মাত্ৰ দহ মিনিট পিছতেই পৰিস্থিতিয়ে উত্তপ্ত ৰূপ ধাৰণ কৰিছিল আৰু পপ্পাৰৰ লগত তেওঁৰ মত নিমিলা কাৰণে খঙৰ ভমকত ৱিৎগেনষ্টাইন ঘপককৈ উঠি তাৰ পৰা ওলাই গুছি গৈছিল। তাৰ সৰস কাহিনী বৰ্ণিত হৈছে ডেভিড এডমণ্ড আৰু জন ইডিনাওৰ বিখ্যাত কিতাপ Wittgenstein’s Pokerত।

কিন্তু বিতৰ্কত প্ৰতিপক্ষৰ প্ৰতি কেনে সৌজন্য দেখুৱাব লাগে তাৰ পৰাকাষ্ঠা ঘটিছিল গান্ধীজীত। সেয়া আছিল ১৯৪৫ চন। জিন্নাৰ দ্বাৰা বাৰে বাৰে অপমানিত, অপদস্থ হৈও কি আন্তৰিকতা আৰু সৌজন্যৰে গান্ধীয়ে জিন্নাৰ লগত আলোচনা কৰি আছিল! গতিকে বিতৰ্কৰ উদ্দেশ্য যদি সত্যানুসন্ধান হয়, বিতৰ্ক যদি যুক্তি আৰু তথ্য নিৰ্ভৰ হয় আৰু বিতৰ্কত জড়িত পক্ষৰ মাজত পাৰস্পৰিক মনোভাব যদি সৌজন্যৰ হয় তেতিয়াহে বিতৰ্কতহে জয় পৰাজয়ৰ কথা নাথাকে আৰু বিতৰ্কৰ লক্ষ্য হৈ পৰে প্ৰগতি।

পৰেশ মালাকাৰ

পৰেশ মালাকাৰ

Stay Connected

  • 117k Fans

Recent News

বিতৰ্কৰ মাজতেই নিৰ্বাচন আয়োগৰ ডাঙৰ পদক্ষেপ! ১৭খন ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলত চলিব বিশেষ পুনৰ্নিৰীক্ষণ

বিতৰ্কৰ মাজতেই নিৰ্বাচন আয়োগৰ ডাঙৰ পদক্ষেপ! ১৭খন ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলত চলিব বিশেষ পুনৰ্নিৰীক্ষণ

October 16, 2026 7:55 pm
হিন্দী ইন, বড়ো আউট! অসম বিধানসভাৰ পৰা মাতৃভাষা আঁতৰোৱাক লৈ ক্ষোভ নিখিল বড়ো ছাত্ৰ সন্থাৰ

হিন্দী ইন, বড়ো আউট! অসম বিধানসভাৰ পৰা মাতৃভাষা আঁতৰোৱাক লৈ ক্ষোভ নিখিল বড়ো ছাত্ৰ সন্থাৰ

October 16, 2026 6:55 pm
দিল্লীৰ প্ৰতিবাদৰ ফলত ২,০০০ কোটি টকাৰ লোকচান! ব্যৱসায়ীৰ আৱেদনত কি ক’লে উচ্চতম ন্যায়ালয়ে?

দিল্লীৰ প্ৰতিবাদৰ ফলত ২,০০০ কোটি টকাৰ লোকচান! ব্যৱসায়ীৰ আৱেদনত কি ক’লে উচ্চতম ন্যায়ালয়ে?

October 16, 2026 5:55 pm
জুবিন গাৰ্গৰ জীৱনৰ মূল্য মাত্ৰ ৫০ হাজাৰ টকা? মুকলি আকাশৰ তললৈ আহিল সন্দীপন গাৰ্গ!

জুবিন গাৰ্গৰ জীৱনৰ মূল্য মাত্ৰ ৫০ হাজাৰ টকা? মুকলি আকাশৰ তললৈ আহিল সন্দীপন গাৰ্গ!

October 16, 2026 4:27 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বিতৰ্কৰ মাজতেই নিৰ্বাচন আয়োগৰ ডাঙৰ পদক্ষেপ! ১৭খন ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলত চলিব বিশেষ পুনৰ্নিৰীক্ষণ

বিতৰ্কৰ মাজতেই নিৰ্বাচন আয়োগৰ ডাঙৰ পদক্ষেপ! ১৭খন ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলত চলিব বিশেষ পুনৰ্নিৰীক্ষণ

October 16, 2026 7:55 pm
হিন্দী ইন, বড়ো আউট! অসম বিধানসভাৰ পৰা মাতৃভাষা আঁতৰোৱাক লৈ ক্ষোভ নিখিল বড়ো ছাত্ৰ সন্থাৰ

হিন্দী ইন, বড়ো আউট! অসম বিধানসভাৰ পৰা মাতৃভাষা আঁতৰোৱাক লৈ ক্ষোভ নিখিল বড়ো ছাত্ৰ সন্থাৰ

October 16, 2026 6:55 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd